আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰক বিচিচিআইয়ে বিহিলে জৰিমনা ;  ভৰিব লাগিব বৃহৎ পৰিমাণৰ ধন

সোমবাৰে মুম্বাইৰ ৱানখেড় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে মুম্বাই ইণ্ডিয়ানছক ১২ ৰানত পৰাস্ত কৰে। ৬৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলা অধিনায়ক ৰজত পাটিদাৰক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।তেওঁৰ লগতে বিৰাট কোহলীয়েও ৬৭ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল। এই বৃহৎ জয়ৰ পাছতো অধিনায়ক পাটিদাৰ

সোমবাৰে মুম্বাইৰ ৱানখেড় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে মুম্বাই ইণ্ডিয়ানছক ১২ ৰানত পৰাস্ত কৰে।

৬৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলা অধিনায়ক ৰজত পাটিদাৰক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।তেওঁৰ লগতে বিৰাট কোহলীয়েও ৬৭ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল।

এই বৃহৎ জয়ৰ পাছতো অধিনায়ক পাটিদাৰ ডাঙৰ ক্ষতিৰ সন্মুখীন হৈছে। বিচিচিআই এ তেওঁৰ বিৰুদ্ধে ১২ লাখ টকাৰ জৰিমনা বিহিছে।

দৰাচলতে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনৰ সময়ত তেওঁৰ দলটোৱে লাহে লাহে অভাৰ ৰেট বজাই ৰখাৰ বাবে আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰক জৰিমনা বিহা হৈছে।

আই পি এলৰ আচৰণ বিধিৰ ২.২ অনুচ্ছেদৰ অধীনত তেওঁৰ দলৰ এই ছিজনৰ প্ৰথমটো অপৰাধ আছিল, যিটো নূন্যতম অভাৰ ৰেট অপৰাধৰ সৈতে জড়িত। যাৰ বাবে পাটিদাৰক ১২ লাখ জৰিমনা বিহা হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ