আই পি এলৰ পঞ্চমটো দ্ৰুততম শতক অৰ্জন প্ৰিয়ংশ আৰ্যৰ, কেৱল বাউণ্ডেৰীৰ পৰা সংগ্ৰহ ৮২ ৰান

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আজি অনুষ্ঠিত হোৱা মেচত বিস্ফোৰক শতক অৰ্জন কৰিছে পঞ্জাৱ কিংছৰ প্ৰিয়ংশ আৰ্যই । মাত্ৰ ৩৯টা বলত বিস্ফোৰক শতক সম্পূৰ্ণ কৰে খেলুৱৈদনে । ইয়াৰ লগে লগে তেওঁ আই পি এলৰ ইতিহাসত পঞ্জাৱৰ হৈ শতক অৰ্জন কৰা দ্বিতীয়জন দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হৈছে

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আজি অনুষ্ঠিত হোৱা মেচত বিস্ফোৰক শতক অৰ্জন কৰিছে পঞ্জাৱ কিংছৰ প্ৰিয়ংশ আৰ্যই । মাত্ৰ ৩৯টা বলত বিস্ফোৰক শতক সম্পূৰ্ণ কৰে খেলুৱৈদনে । ইয়াৰ লগে লগে তেওঁ আই পি এলৰ ইতিহাসত পঞ্জাৱৰ হৈ শতক অৰ্জন কৰা দ্বিতীয়জন দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হৈছে । ২৪ বছৰীয়া প্ৰিয়ংশে শতকীয় ইনিংছত ৭টা চাৰি আৰু ৯টা ছয় কোবাই । উল্লেখযোগ্য কথাটো হ’ল, শতক সম্পূৰ্ণ কৰাৰ সময়ত প্ৰিয়ংশে মাত্ৰ চাৰি আৰু ছয়ৰ পৰাই ৮২ ৰান কৰে ।

আই পি এলত দ্বিতীয় দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয়-

ইয়াৰোপৰি আই পি এলৰ ইতিহাসত দ্বিতীয়টো দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে প্ৰিয়ংশ আৰ্য । এই পৰ্যন্ত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হৈছে ২০১০ চনত ৩৭ বলত শতক সম্পূৰ্ণ কৰা ইউছুফ পাথান, আনহাতে প্ৰিয়ংশে ৩৯ বলত শতক সম্পূৰ্ণ কৰিছে । লগতে পঞ্জাৱ কিংছৰ হৈ শতক অৰ্জন কৰা দ্বিতীয় দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হৈছে তেওঁ । পঞ্জাৱৰ হৈ দ্ৰুততম শতক অৰ্জন কৰিছিল ২০১৩ চনত ডেভিদ মিলাৰে । আৰ চি বিৰ বিৰুদ্ধে খেলখনত ৩৮টা বলত শতক সম্পূৰ্ণ কৰিছিল তেওঁ ।

চি এছ কেৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰে প্ৰিয়ংশ আৰ্যই-
ৰবীন্দ্ৰ জাডেজাৰ বাহিৰে চেন্নাইৰ সকলো বলাৰেই ১০তকৈ অধিক ইকনমি ৰেটত ৰান দিছিল । ইয়াৰ বাহিৰেও প্ৰিয়ংশ ৪০টাতকৈও কম বলত শতক সম্পূৰ্ণ কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বিতীয়জন বেটছমেন আৰু বিশ্বৰ পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হৈছে ।

কোন হয় প্ৰিয়ংশ আৰ্য ?

২০০১ চনৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ ফতেহপুৰত জন্মগ্ৰহণ কৰিছিল প্ৰিয়ংশ আৰ্যই । তেওঁ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত দিল্লী দলৰ হৈ খেলে । তেওঁ প্ৰথমে স্বীকৃতি লাভ কৰিছিল যেতিয়া ঘৰুৱা ক্ৰিকেটত দক্ষিণ দিল্লী ছুপাৰষ্টাৰছৰ হৈ খেলি থকাৰ সময়ত উত্তৰ দিল্লী ষ্ট্ৰাইকাৰছৰ বিৰুদ্ধে এটা অভাৰত ছয়টা ছয় কোবাইছিল । সেই মেচখনত তেওঁ মাত্ৰ ৪০টা বলত শতক সম্পূৰ্ণ কৰিছিল ।

২০২৩-২৪ বৰ্ষৰ চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত তেওঁ দিল্লীৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল । উল্লেখ্য যে প্ৰিয়ংশে আই পি এল ২০২৪ৰ নিলামত নিজৰ নাম পঞ্জীয়ন কৰিছিল, কিন্তু সেই সময়ত তেওঁ বিক্ৰী নোহোৱাকৈয়ে আছিল । কিন্তু এইবাৰ পঞ্জাব কিংছে ৩.৮ কোটি টকাত কিনিলে তেওঁক ।

শেহতীয়া প্ৰৱন্ধসমূহ