বৰষুণত বিধ্বস্ত মায়ানগৰী মুম্বাই

বৰষুণত বিধ্বস্ত মায়ানগৰী মুম্বাই, ব্যাহত জনজীৱন… ৰেড এলাৰ্টৰ মাজতে বন্ধ শিক্ষানুষ্ঠান

বৰষুণত বিধ্বস্ত মায়ানগৰী মুম্বাই মায়ানগৰীত মুম্বাইত তিনি দিন ধৰি অব্যাহত আছে ধাৰাষাৰ বৰষুণ । প্ৰৱল বৰষুণত মহানগৰীৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ‘ৰেড এলাৰ্ট’ জাৰি কৰি মহানগৰ আৰু কাষৰীয়া অঞ্চলত কোনো কোনো ঠাইত পুনৰ প্ৰবল বৰষুণ হ’ব পাৰে বুলি উল্লেখ

বৰষুণত বিধ্বস্ত মায়ানগৰী মুম্বাই

মায়ানগৰীত মুম্বাইত তিনি দিন ধৰি অব্যাহত আছে ধাৰাষাৰ বৰষুণ । প্ৰৱল বৰষুণত মহানগৰীৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ‘ৰেড এলাৰ্ট’ জাৰি কৰি মহানগৰ আৰু কাষৰীয়া অঞ্চলত কোনো কোনো ঠাইত পুনৰ প্ৰবল বৰষুণ হ’ব পাৰে বুলি উল্লেখ কৰিছে । এই সতৰ্কবাণীৰ পিছতে পৌৰসভা (বি এম চি) প্ৰশাসনে বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে ।

একেৰাহে তৃতীয় দিনলৈ প্ৰচণ্ড বৰষুণে মায়ানগৰী মুম্বাই হিচাবে পৰিচিত মহানগৰীৰ বহু ঠাইত জুৰুলা কৰাৰ লগতে পথসমূহ পানীৰে ভৰি পৰিছে । আন্ধেৰী ছাবমেট্ৰ’ আৰু লোখণ্ডৱালা কমপ্লেক্সৰ দৰে নিম্নভূমি অঞ্চল বানপানীৰ ফলত যাতায়ত প্ৰভাৱিত হৈছে । মুম্বাইৰ লাইফলাইন বুলি গণ্য কৰা স্থানীয় ৰে’লবোৰ প্ৰায় ১০ মিনিট পলমকৈ চলিছে । অৱশ্যে কোনো সেৱা সম্পূৰ্ণৰূপে স্থগিত ৰখা হোৱা নাই । কেন্দ্ৰীয় ৰেলৱেৰ বন্দৰ লাইনত কিছু নিম্ন অঞ্চলত পানী জমা হোৱাৰ লগতে কুৰলা আৰু তিলক নগৰ ষ্টেচনৰ মাজত ট্ৰেক চেঞ্জিং পইণ্ট বিকল হোৱাৰ বাবে ক্ষতিগ্ৰস্ত হয় ।

একাংশ অঞ্চলত ইমানেই প্ৰবল বৰষুণ হয় যে গাড়ীৰ গতি মন্থৰ কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ হয় । শেহতীয়া বুলেটিনত আই এম ডিয়ে মুম্বাই, থানে আৰু ৰাইগড় জিলাৰ বাবে আগন্তুক দুদিনৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সোমবাৰে পুৱা ৩.৩০ বজালৈকে বিগত ২৪ ঘণ্টাত ছান্টাক্ৰুজত ৯৯ মিলিমিটাৰ আৰু কোলাবাত ৩৮ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে ।

আকাছা এয়াৰ আৰু ইণ্ডিগ’ৰ দৰে বিমান সংস্থাই যাত্ৰীসকলক অতিৰিক্ত সময়সহ বিমানবন্দৰলৈ ৰাওনা হ’বলৈ পৰামৰ্শ দিছে কাৰণ কিছুমান পথত যাতায়ত দেখা ব্যাহত হোৱা পৰিলক্ষিত হৈছে । পানী জমা হোৱাৰ বাবে বন্ধ কৰি দিয়া হৈছে আন্ধেৰী ছাবমেট্ৰ’ । যান-বাহন আৰক্ষীয়ে জনোৱা মতে, এতিয়া ঠাকৰে দলং আৰু গোখলে দলঙৰ পৰা যান-বাহন আঁতৰাই দিয়া হৈছে ।

ভাকোলা দলং, হায়াত জংচন, খাৰ ছাবমেট্ৰ’ৰ দৰে অঞ্চলতো পানী জমা হোৱাৰ খবৰ পোৱা গৈছে, যাৰ ফলত যান-বাহনৰ চলাচল লেহেমীয়া হৈছে । ধাৰাবাহিক বৰষুণৰ পৰিপ্ৰেক্ষিতত পৌৰ নিগমে দুপৰীয়া ১২ বজাৰ পিছত শ্বিফট থকা বিদ্যালয়-মহাবিদ্যালয়ৰ বাবে বন্ধ ঘোষণা কৰে ।

লগতে পঢ়ক : মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ… ভূমিস্খলনৰ ফলত ২ জনৰ মৃত্যু