ভয়ংকৰ ভূমিস্খলন, কেইবাজনো লোকৰ মৃত্যুৰ আশংকা

ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে

নাগালেণ্ডত হোৱা প্ৰচণ্ড বৰষুণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । দেওবাৰ, ৰাজ্যখনৰ মন (Mon) চহৰত ধাৰাষাৰ বৰষুণৰ বাবে সংঘটিত হোৱা এক ভয়ংকৰ ভূমিস্খলনত চাৰিগৰাকী মহিলাকে ধৰি অতি কমেও সাতজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । এই দুৰ্ঘটনাত অসম ৰাইফলছ কেম্পৰ তলৰ অংশত ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ।

প্ৰাথমিক তথ্য অনুসৰি, উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ যাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ মাজতে বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে ।

ভূমিস্খলনৰ ফলত পকী ঘৰকে ধৰি ১০ টাতকৈও অধিক ঘৰ মাটিৰ তলত পোত গৈছে বুলি জানিব পৰা গৈছে । অঞ্চলটোত ধাৰাবাহিকভাৱে হৈ থকা ধাৰাসাৰ বৰষুণৰ মাজতে এই ঘটনা সংঘটিত হৈছে । ধাৰাষাৰ বৰষুণৰ বাবে ভূমিস্খলনৰ আশংকা আৰু অধিক বৃদ্ধি পাইছে । ঠাইডোখৰৰ অস্থিৰ ভূখণ্ড, নতুনকৈ হোৱা ভূমিস্খলন আৰু পানীৰ তীব্ৰ সোঁতৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে, যাৰ ফলত জৰুৰীকালীন কৰ্মী আৰু সঁজুলিসমূহ প্ৰভাৱিত স্থানলৈ লৈ যোৱাত পলম হৈছে ।

জীৱিতসকলৰ সন্ধান উলিয়াবলৈ আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ জুখিবলৈ স্থানীয় প্ৰশাসন তথা উদ্ধাৰকাৰী সংস্থাসমূহে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ মাজত কাম কৰি আছে । অৱশ্যে, এতিয়ালৈকে নিশ্চিতভাৱে মৃতকৰ সংখ্যা প্ৰকাশ কৰা নাই অথবা এতিয়াও কিমান লোক সন্ধানহীন হৈ আছে সেই সন্দৰ্ভত কোনো তথ্য যোগান ধৰা নাই প্ৰশাসনে ।

লগতে পঢ়ক : অৰুণাচলত পুনৰ ডাৱৰ বিস্ফোৰণৰ তাণ্ডৱ; উটুৱাই নিলে পথ-দলং

অহা ২-৩ দিন গুৱাহাটীত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা: বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

অহা ২-৩ দিনৰ বাবে গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী এলেকাসমূহত বজ্ৰপাতৰ সৈতে মধ্যমীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এক সতৰ্কবাণী জাৰি কৰা হৈছে

মহানগৰী গুৱাহাটীসহ ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ বতৰৰ খবৰ । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) অহা ২-৩ দিনৰ বাবে গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী এলেকাসমূহত বজ্ৰপাতৰ সৈতে মধ্যমীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এক সতৰ্কবাণী জাৰি কৰিছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) তৰফৰ পৰা প্ৰকাশ কৰা এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে ৰাজধানী চহৰখন আৰু ইয়াৰ আশেকাপাশে অহা ৪৮ ৰ পৰা ৭২ ঘণ্টাত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব পাৰে । বতৰ বিজ্ঞান বিভাগৰ অনুমান অনুসৰি, এই সময়ছোৱাত ২৪ ঘণ্টাত প্ৰায় ৬ ৰ পৰা ১২ চেণ্টিমিটাৰ পৰ্যন্ত মধ্যমীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ধাৰাষাৰ বৰষুণৰ লগতে প্ৰচণ্ড বিজুলী-ঢেৰেকণি আৰু বজ্ৰপাতো হ’ব পাৰে ।

হ’ব পাৰে কৃত্ৰিম বান আৰু ভূমিস্খলন

প্ৰাধিকৰণে সকীয়াই দিছে যে এই ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত তীব্ৰ কৃত্ৰিম বান আৰু হঠাতে অহা বান আদি সমস্যাই দেখা দিব পাৰে । ইয়াৰ ফলত ৰাজপথত যান-বাহন চলাচল ব্যাহত হোৱাৰ লগতে স্পৰ্শকাতৰ আৰু পাহাৰীয়া এলেকা সমূহত স্থানীয়ভাৱে ভূমিস্খলন হোৱাৰো তীব্ৰ আশংকা আছে । সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৰ্তৃপক্ষ আৰু ASDMA-ই ক্ষিপ্ৰ পৰ্যবেক্ষণ চলাই আছে আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰখা হৈছে ।

সজাগ আৰু সতৰ্ক থাকিবলৈ ৰাইজক আহ্বান

পৰিস্থিতিৰ গুৰুত্ব বিবেচনা কৰি ASDMA-ই গুৱাহাটীৰ বাসিন্দাসকলক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে । বিশেষকৈ তলত উল্লেখ কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে :

যাত্ৰীসকলৰ বাবে: দৈনিক যাতায়াত কৰা লোক আৰু দূৰণিবটীয়া যাত্ৰীসকলক বতৰৰ অৱস্থা চাইহে যাত্ৰাৰ সময়সূচী তৈয়াৰ কৰিবলৈ কোৱা হৈছে । প্ৰচণ্ড বৰষুণৰ সময়ত প্ৰয়োজন নহ’লে ঘৰৰ পৰা নোলাবলৈ আহ্বান জনোৱা হৈছে ।

দ আৰু পাহাৰীয়া অঞ্চলৰ বাসিন্দা: নামনি বা দ অঞ্চল আৰু পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলক বান বা ভূমিস্খলনৰ যিকোনো লক্ষণ দেখা পালেই তৎকালিনভাৱে সতৰ্ক হ’বলৈ কোৱা হৈছে ।

বতৰৰ আপডেটৰ বাবে চৰকাৰী মাধ্যমৰ সহায় লওক

প্ৰাধিকৰণে জনোৱা মতে, সাধাৰণ ৰাইজৰ সজাগতাৰ বাবে বতৰ আৰু বান পৰিস্থিতিৰ শেহতীয়া তথ্যসমূহ সময়মতে ASDMA-ৰ অফিচিয়েল ৱেবছাইট asdma.assam.gov.in, asdma.assam.gov.in আৰু ইয়াৰ আটাইকেইটা ছচিয়েল মিডিয়া একাউণ্টত আপডেট কৰা হ’ব । এই দীৰ্ঘদিনীয়া বৰষুণৰ সময়ছোৱাত নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাইজক যিকোনো উৰাবাতৰিত ভোল নগৈ চৰকাৰী বতৰৰ আপডেটৰ সৈতে জড়িত থাকিবলৈ আৰু প্ৰশাসনৰ নীতি-নিৰ্দেশনাসমূহ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক : আকৌ দিছে বৰষুণ, মহানগৰীত হাহাকাৰ পৰিস্থিতি!

আকৌ দিছে বৰষুণ, মহানগৰীত হাহাকাৰ পৰিস্থিতি!

দেওবাৰে হোৱা ধাৰাষাৰ বৰষুণত মহানগৰীৰ জনজীৱন বিপৰ্যস্ত হৈ পৰা পিছতে সোমবাৰৰ দিনটোতো গুৱাহাটীত দেখা গৈছে হাহাকাৰ পৰিস্থিতি

ৰাজ্যজুৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীসহ সমগ্ৰ অসমতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ আগতীয়া এলাৰ্টৰ পিছতেই আৰম্ভ হোৱা ধাৰাবাহিক বৰষুণৰ বাবে দিনৰ ভাগতে সমগ্ৰ মহানগৰী অন্ধকাৰচ্ছন্ন হৈ পৰে । এই প্ৰচণ্ড বৰষুণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ তাণ্ডৱত সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জনজীৱন ।

ইফালে সোমাবাৰেও পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত কিছু পৰিমাণে ব্যাহত হৈ পৰিছে যাতায়ত । ইতমধ্যে এই বৰষুণৰ ফলত হাতীগাঁৱকে ধৰি কেইবাটাও অঞ্চল কৃত্ৰিম বানত প্লাবিত হোৱা পৰিলক্ষিত হৈছে ।

যোৰাবাট আৰু খানাপাৰাত তীব্ৰ যান-জঁট, আবদ্ধ শ শ বাহন

দেওবাৰে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ জলমগ্ন হৈ পৰে । বিশেষকৈ যোৰাবাটত হোৱা ভয়ংকৰ কৃত্ৰিম বানৰ ফলত উজনি-নামনি যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে । বৰ্তমানেও যাতায়ত ব্যৱস্থা কিছু পৰিমাণে ব্যাহত হৈ আছে । কৃত্ৰিম বানৰ বাবে যোৰাবাটত ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে উজনি আৰু নামনিমুৱা শ শ যানবাহন । আনহাতে, খানাপাৰাতো সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ । পথৰ ওপৰত যানবাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে, যাৰ ফলত চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ তথা যাত্ৰীসকল ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

পৰিস্থিতিৰ গুৰুত্বলৈ লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ ৰাজ্যতে উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট জাৰি কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অনুসৰি আগন্তুক সময়ত বতৰে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে । ৰাজ্যত অহা কেইবাদিনলৈকে এই ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে । বিশেষকৈ নিশালৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে ।

প্ৰশাসনৰ জৰুৰী আহ্বান: মহানগৰী তথা ৰাজ্যৰ বৰ্তমানৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক অতি প্ৰয়োজন বা জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনোৱা হৈছে । সুৰক্ষিত স্থানত আশ্ৰয় লৈ সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনে সকলোকে অনুৰোধ জনাইছে ।

লগতে পঢ়ক : যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান, সাগৰসদৃশ পৰিৱেশ

গুৱাহাটীসহ ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা-বৰষুণৰ পূৰ্বানুমান; বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

আগন্তুক তিনি দিন ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰাৰ সম্ভৱনা । প্ৰচণ্ড ধুমুহা, ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । লগতে জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ।

আগন্তুক কেইবাটাও দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে । বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ ভিতৰত গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা-বৰষুণৰ সম্ভাৱনা থকা বুলি পূৰ্বানুমান ব্যক্ত কৰাৰ লগতে জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ।  

বৰ্তমানৰ বতৰৰ অৱস্থা আৰু চলি থকা দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত অহা দুই-তিনি দিনৰ ভিতৰত গুৱাহাটীৰ লগতে ৰাজ্যখনৰ দক্ষিণ আৰু মধ্য অসমৰ জিলাসমূহত বিজুলী-ঢেৰেকণিৰ সৈতে ধুমুহা, মজলীয়া বৰষুণ আৰু ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাত হ’ব পাৰে বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে বতৰ বিজ্ঞা বিভাগে । কৰ্তৃপক্ষই এই বতৰৰ বাবে কৃত্ৰিম বান, আৰু স্পৰ্শকাতৰ এলেকাবোৰত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে ।

জিলা প্ৰশাসনসমূহে সমগ্ৰ পৰিস্থিতিত তীক্ষ্ণ নজৰ ৰাখিছে আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মুখামুখি হ’বলৈ দুৰ্যোগ সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰখা হৈছে জনাইছে ASDMA-ই ।

বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে, “পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে গুৱাহাটীৰ সকলো বাসিন্দাক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে ।”

কৰ্তৃপক্ষই সকলোকে নিজৰ যাত্ৰা সাৱধানে পৰিকল্পনা কৰিবলৈ আৰু প্ৰবল বৰষুণৰ সময়ত প্ৰয়োজন নহ’লে ভ্ৰমণ পৰিহাৰ আহ্বান জনাইছে । ইয়াৰ উপৰিও, নামনি অঞ্চল আৰু ভূমিস্খলন প্ৰৱণ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলক বানপানী বা পাহাৰ খহি পৰাৰ যিকোনো লক্ষণৰ প্ৰতি সতৰ্ক থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।

প্ৰবল বৰষুণৰ এই সময়ছোৱাত নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা চৰকাৰী বতৰৰ আপডেট আৰু নিৰ্দেশনাসমূহ মানি চলিবলৈও ASDMA-ই ৰাইজক আহ্বান জনাইছে ।

লগতে পঢ়ক : ১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা

বৰষুণ-কৃত্ৰিম বানত বিপৰ্যস্ত ৰাজধানীৰ জনজীৱন, ‘ৰেড’ আৰু ‘অৰেঞ্জ’ এলাৰ্ট জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, অভিলেখ সৃষ্টিকাৰী বৰষুণ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে

বৃহস্পতিবাৰে ৰাতিপুৱাৰে পৰা দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল । নেৰানেপেৰা বৰষুণৰ বাবে নয়ডা আৰু গাজিয়াবাদৰ কেইবাটাও অঞ্চল সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে, যাৰ ফলত দৈনন্দিন জীৱন ব্যাহত হোৱাৰ লগতে ৰাতিপুৱাৰ ব্যস্ত সময়ছোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ।

দিল্লীত অভিলেখ সৃষ্টিকাৰী বৰষুণ: জাৰি ‘ৰেড’ আৰু ‘অৰেঞ্জ’ এলাৰ্ট

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, দিল্লীত অভিলেখ সৃষ্টিকাৰী ২২৮.১ মিলিমিটাৰ বৰষুণ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত ‘ৰেড’ আৰু ‘অৰেঞ্জ’ এলাৰ্ট জাৰি কৰা হৈছে । অৱশ্যে, দিল্লী প্ৰশাসনৰ আগতীয়া তৎপৰতাৰ বাবে মহানগৰীখনৰ বহু অংশ ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিছে । কৰ্তৃপক্ষই আগতীয়াকৈ নৰেলা আৰু দ্বাৰকাসহ মুখ্য ধুমুহা-পানী নিষ্কাষণৰ নলাসমূহ পৰিষ্কাৰ কৰাৰ বাবে এন এইচ পি চি চ’কৰ দৰে গুৰুত্বপূৰ্ণ আণ্ডাৰপাছসমূহ মুকলি হৈ থাকে আৰু যান-বাহন চলাচল স্বাভাৱিক হৈ থাকে ।

গীতা কলনীত কঁকাললৈকে পানী, হাই এলাৰ্টত দিল্লী চৰকাৰ

প্ৰশাসনৰ সতৰ্কতাৰ মাজতো দিল্লীৰ গীতা কলনী আদিৰ দৰে কিছুমান অঞ্চলত তীব্ৰ বৰষুণৰ ফলত বুজন পৰিমাণৰ পানী জমা হৈছে । পৰিস্থিতিৰ গুৰুত্ব বুজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই পোনপটীয়াভাৱে বুজ লৈ সকলো প্ৰশাসনিক সংস্থাক “হাই এলাৰ্ট”ত থাকিবলৈ নিৰ্দেশ দিছে ।

নয়ডা আৰু গাজিয়াবাদৰ পথত আৱদ্ধ বাহন

এই বৰষুণজাকে তীব্ৰ গৰমৰ পৰা ৰাইজক সকাহ দিছে যদিও নয়ডা আৰু গাজিয়াবাদত পৰিস্থিতি সংকটজনক কৰি তুলিছে । নয়ডাৰ ছেক্টৰ ১১৫ ত পথসমূহ পানীত বুৰ যোৱাৰ বাবে স্থানীয় বাসিন্দাসকলে আঁঠু পৰ্যন্ত পানীৰ মাজেৰে যাতায়ত কৰিবলগীয়া হৈছে । একেদৰে গাজিয়াবাদৰ শাস্ত্ৰীনগৰতো পথসমূহ বুৰ গৈ থকাৰ বাবে কেইবা ঘণ্টাজুৰি যান-বাহন আৱদ্ধ হৈ পৰে ।

১১ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, দিল্লী-এনচিআৰৰ লগতে হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱত আগন্তুক দিনকেইটাত বৰষুণৰ প্ৰকোপ আৰু বৃদ্ধি পাব । ৬ আৰু ১০ জুলাইত ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ৭ জুলাইৰ পৰা ৯ জুলাই আৰু ১১ জুলাইত প্ৰায় সমগ্ৰ অঞ্চল জুৰি “ব্যাপক বৰষুণ” হোৱাৰ সম্ভাৱনা আছে ।

বতৰ বিভাগে এই দিনকেইটাত সাধাৰণ ৰাইজক জৰুৰী কাম নহ’লে ঘৰৰ পৰা নোলাবলৈ আৰু যান-বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক : অহা ৩-৪ দিন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী: হাই এলাৰ্ট জাৰি

অহা ৩-৪ দিন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী: হাই এলাৰ্ট জাৰি

অহা ৩ ৰ পৰা ৪ দিনৰ ভিতৰত গুৱাহাটী মহানগৰীৰ লগতে অসমৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত ধুমুহা-বৰষুণৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে

ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে মৌচুমী বায়ু । ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD) আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ই জাৰি কৰা এক শেহতীয়া জাননী অনুসৰি, অহা ৩ ৰ পৰা ৪ দিনৰ ভিতৰত গুৱাহাটী মহানগৰীৰ লগতে অসমৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত ধুমুহা-বৰষুণৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ৰাজ্যৰ বৰ্তমানৰ বতৰৰ পৰিস্থিতি আৰু বৰ্ষাকালীন প্ৰভাৱক লক্ষ্য ৰাখি এই হাই এলাৰ্ট জাৰি কৰা হৈছে ।

হ’ব পাৰে কৃত্ৰিম বান আৰু ভূমিস্খলন

ASDMA-ৰ বিবৃতিত উল্লেখ কৰা অনুসৰি, বতৰৰ এই পৰিৱৰ্তনৰ বাবে গুৱাহাটী আৰু অসমৰ বেছিভাগ জিলাতে বিজুলী-ঢেৰেকণিৰ সৈতে ধুমুহা আৰু দিনটোত প্ৰায় ৬ ছেণ্টিমিটাৰ পৰ্যন্ত পাতলৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে । ইয়াৰ ফলত সৃষ্টি হ’ব পৰা সম্ভাৱ্য সমস্যাসমূহ হ’ল :

কৃত্ৰিম বান আৰু ফ্লেছ ফ্লাড: মহানগৰীৰ লগতে নামনি অঞ্চলসমূহত পানী জমা হৈ বানপানীৰ সৃষ্টি হ’ব পৰা প্ৰবল আশংকা আছে ।

যান-বাহনৰ মন্থৰ গতি: ধাৰাসাৰ বৰষুণ আৰু জলমগ্ন পথৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হ’ব পাৰে ।

ভূমিস্খলনৰ বিপদ: ভূমিস্খলনপ্ৰৱণ বা পাহাৰীয়া স্পৰ্শকাতৰ অঞ্চলসমূহত স্থানীয়ভাৱে ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে ।

প্ৰশাসনৰ প্ৰস্তুতি: বতৰৰ এই জটিল পৰিস্থিতিলৈ চাই জিলা প্ৰশাসন আৰু ASDMA-ই ক্ষিপ্ৰতাৰে পৰিস্থিতি নিৰীক্ষণ কৰিছে । যিকোনো জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ উদ্ধাৰকাৰী দল আৰু সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰখা হৈছে ।

জনসাধাৰণলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সৰ্বসাধাৰণ ৰাইজ, বিশেষকৈ দৈনিক যাতায়ত কৰা লোক আৰু দূৰণিবটীয়া যাত্ৰীসকলক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে :

প্ৰয়োজন অবিহনে বাহিৰলৈ নোলাব: প্ৰবল বৰষুণৰ সময়ত জৰুৰী কাম নাথাকিলে যাত্ৰা কৰাৰ পৰা বিৰত থাকক । যাত্ৰীসকলে বতৰৰ বুজ লৈ নিজৰ দিনলিপি প্ৰস্তুত কৰক ।

পাহাৰীয়া আৰু নামনি অঞ্চলৰ লোকসকললৈ সতৰ্কতা: পাহাৰৰ নামনি বা ভূমিস্খলন হ’ব পৰা এলেকাৰ বাসিন্দাসকলক অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে ।

কৃত্ৰিম বানৰ প্ৰভাৱ: উল্লেখ্য যে যোৱা বুধবাৰে দুপৰীয়া আৰু সন্ধিয়া হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ যোৰাবাটকে ধৰি কেইবাটাও স্থানত ইতিমধ্যে কৃত্ৰিম বানৰ সৃষ্টি হৈছিল ।

শেহতীয়া আপডেট ক’ত লাভ কৰিব?

দীৰ্ঘদিনীয়া বৰষুণৰ এই সময়ছোৱাত নিজকে সুৰক্ষিত ৰাখিবলৈ চৰকাৰী বতৰৰ নিৰ্দেশনাসমূহ মানি চলিবলৈ কোৱা হৈছে । বতৰৰ শেহতীয়া চৰকাৰী তথ্য আৰু খবৰৰ বাবে আপুনি ASDMA-ৰ আধিকাৰিক ৱেবছাইট বা তেওঁলোকৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলসমূহ সময়ে সময়ে পৰীক্ষা কৰিব পাৰে ।

লগতে পঢ়ক : গুৱাহাটীৰ ৩৬৬ টা স্থানক লৈ প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী

আগন্তুক ২-৩ দিনত বতৰে ল’ব কালৰূপ, প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী

আগন্তুক কেইদিনমানৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ধাৰাবাহিকতা অব্যাহত থকাৰ সম্ভাৱনা আছে

ৰাজ্যত আগন্তুক কেইবাদিন ধৰি বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান বিভাগে ২০ এপ্ৰিলত জনোৱা অনুসৰি আগন্তুক কেইদিনমানৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ধাৰাবাহিকতা অব্যাহত থকাৰ সম্ভাৱনা আছে । ইয়াৰ লগতে কেইবাখনো জিলাত বিজুলী-ঢেৰেকণি আৰু তীব্ৰ বেগেৰে অহা বতাহে তাণ্ডৱ চলাব পাৰে বুলিও আগজাননী প্ৰকাশ পাইছে ।

আগজাননী অনুসৰি, আগন্তুক তিনিদিনত ৰাজ্যৰ অধিকাংশ ঠাইতে মধ্যমীয়া বৰষুণৰ লগতে কোনো কোনো ঠাইত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও ঠায়ে ঠায়ে বিজুলী-ঢেৰেকণিৰ লগতে ঘণ্টাত ৪০–৫০ কিলোমিটাৰ বেগত বতাহ-ধুমুহা হোৱাৰ সম্ভাৱনা আছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এই ধাৰাবাহিক বৰষুণৰ ফলত কৃত্ৰিম বান, যাতায়তত ব্যাঘাত আৰু বিশেষকৈ স্পৰ্শকাতৰ অঞ্চলসমূহত স্থানীয়ভাৱে ভূমিস্খলন হ’ব পাৰে বুলি সকীয়াই দিছে ।

ইফালে বিগত ২৪ ঘণ্টাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণ পৰিলক্ষিত হৈছে । বিশেষকৈ খানাপাৰাত ২১৫ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অন্যান্য স্থানত ১০০ মিলিমিটাৰতকৈ অধিক বৃষ্টিপাত হৈছে ।

প্ৰশাসনে সকীয়াই দিছে যে ধাৰাবাহিক বৰষুণৰ ফলত নামনি অঞ্চলত জলমগ্নতা বৃদ্ধি পাব পাৰে আৰু গছ উঘলি পৰাৰ লগতে আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ আশংকা আছে । গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বাবে বতৰৰ আগজাননীত কোৱা হৈছে যে আকাশ সাধাৰণতে ডাৱৰীয়া থাকিব আৰু মাজে মাজে বৰষুণ বা ঢেৰেকণিৰ সৈতে বৰষুণ হ’ব পাৰে । তাপমাত্ৰা ৩০°C ৰ পৰা ৩৩°C ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে আৰু সপ্তাহৰ শেষৰ ফালে তাপমাত্ৰা সামান্য বৃদ্ধি পাব পাৰে ।

ASDMA-ই জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ, ধাৰাবাহিক বৰষুণৰ সময়ত জৰুৰী নহ’লে ভ্ৰমণ নকৰিবলৈ আৰু চৰকাৰী বতৰৰ বুলেটিনৰ জৰিয়তে খবৰ ৰাখিবলৈ পৰামৰ্শ দিছে । বানপ্ৰৱণ আৰু পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে । জৰুৰীকালীন সঁহাৰি ব্যৱস্থাসমূহক সষ্টম কৰি ৰখা হৈছে আৰু কৰ্তৃপক্ষই পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি থকা বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক : প্ৰলয়ংকৰী ভূমিকম্পৰ পিছতেই চুনামীৰ এলাৰ্ট জাৰি

ভিয়েটনামত প্ৰচণ্ড বৰষুণ, ভূমিস্খলন আৰু বানৰ তাণ্ডৱ; মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি

ভিয়েটনামত প্ৰচণ্ড বৰষুণ, ভূমিস্খলন আৰু বানৰ তাণ্ডৱ

‘বুৱানই’ ধুমুহাৰ ফলত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে ভিয়েটনামৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে । ইয়াৰ ফলত বহু ঠাইত বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে । দেশখনত এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পোৱাৰ লগতে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে । মঙলবাৰে ৰাষ্ট্ৰীয় বতৰ সংস্থাই জনাইছে যে বিগত ২৪ ঘন্টাত ভিয়েটনামৰ কিছু অঞ্চলত ৩০ চে.মি.তকৈ অধিক বৰষুণ হৈছে । ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি সকীয়াই দিছে সংস্থাটোৱে ।

কেইবাদিনো হৈ থকা বৰষুণৰ ফলত বান আৰু ভূমিস্খলনৰ ফলত পথৰ সংযোগ বিচ্ছিন্ন হোৱাৰ লগতে বহু গাঁও বিচ্ছিন্ন হৈ পৰিছে । উত্তৰ দিশৰ ছন লা আৰু লাও কাই প্ৰদেশৰ পৰা মধ্য ভিয়েটনামৰ ঙে আন প্ৰদেশলৈকে সংঘটিত হৈছে এই দুৰ্যোগ । বৰষুণ আৰু বান্ধৰ পৰা এৰি দিয়া পানীৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত উত্তৰ দিশৰ কেইবাটাও অঞ্চলত বান আৰু ভূমিস্খলনৰ সৃষ্টি হয় । য়েন বাই অঞ্চলৰ থাও নদী বিপদসীমাৰ ওপৰেৰে বৈ যোৱাৰ ফলত ঘৰ-দুৱাৰ এক মিটাৰ পৰ্যন্ত পানীৰে বুৰাই পেলোৱাৰ ফলত মানুহে ঘৰ-দুৱাৰ খালী কৰিবলগীয়া হৈছে ।

ৰাজধানী হানয়ৰ বহু ৰাস্তা বানপানীত বুৰ গৈছে । কৰ্তৃপক্ষই লাল নদীৰ সমীপৰ বাসিন্দাসকলক সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিয়ে । মঙলবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৮জন মাছমৰীয়াকে ধৰি ১৩জন লোক এতিয়াও সন্ধানহীন হৈ আছে ।

সোমবাৰে পুৱা ভিয়েটনামৰ উপকূলত ধুমুহাই ভাবুকি আৰু অধিক বৃদ্ধি কৰে । বিশেষজ্ঞসকলে কয় যে জলবায়ু পৰিৱৰ্তনে এনে ধুমুহাক অধিক তীব্ৰতৰ কৰি তুলিছে । উষ্ণ মহাসাগৰে এই ধুমুহাবোৰক অধিক শক্তি প্ৰদান কৰে, যাৰ ফলত বিশেষকৈ পূব এছিয়াত তীব্ৰ বতাহ, অধিক প্ৰচণ্ড বৰষুণ আৰু বতৰৰ ধৰণ সলনি হয় ।

লগতে পঢ়ক : বন্ধ হৈ পৰিল ইণ্টাৰনেট; নৈতিকতাৰ নামত তালিবানৰ কঠোৰ নিয়ন্ত্ৰণ

ধাৰাবাহিকভাৱে হোৱা মুষলধাৰ বৰষুণত উত্তৰাখণ্ডত প্ৰভাৱিত স্বাভাৱিক জীৱন… তেহৰী-ৰুদ্ৰপ্ৰয়াগত প্ৰচণ্ড ক্ষতি

ধাৰাবাহিকভাৱে হোৱা মুষলধাৰ বৰষুণত উত্তৰাখণ্ডত প্ৰভাৱিত স্বাভাৱিক জীৱন

উত্তৰাখণ্ডত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে স্বাভাৱিক জীৱন বেয়াকৈ প্ৰভাৱিত হৈছে । যমুনাত্ৰী আৰু বদ্ৰীনাথ ঘাইপথৰ বহু ঠাইত ধ্বংসাৱশেষৰ ফলত যাতায়ত ব্যাহত হৈছে । স্যানচট্টি অঞ্চলৰ যমুনা নদীৰ জলপৃষ্ঠ দ্ৰুত গতিত বৃদ্ধি পাইছে । মটৰ দলঙৰ ওপৰেৰে বাঢ়নী পানী বৈ যোৱাত দলংখন বিপদজনক অৱস্থাত উপনীত হৈছে ।

বৰষুণৰ পানী বহু হোটেলত প্ৰৱেশ কৰিছে । বহু হোটেলৰ প্ৰথম মহলা ডুব যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।

ধ্বংসাৱশেষৰ বাবে বহু ঠাইত বন্ধ হৈ গ’ল পথ-

শেহতীয়াকৈ উত্তৰাখণ্ডত বৰষুণ বন্ধ হৈছে যদিও কিন্তু বিপদ এতিয়াও শেষ হোৱা নাই । বদ্ৰীনাথ ঘাইপথৰ গৌচাৰৰ সমীপৰ পাগলনালা, ভানেৰপানী, নন্দপ্ৰয়াগ আৰু কামেডা অঞ্চলত প্ৰচণ্ড ধ্বংসাৱশেষৰ বাবে পথ বন্ধ হৈ পৰিছে । ঘাইপথৰ দুয়োকাষে যান-বাহনৰ দিঘলীয়া শাৰী দেখা গৈছে, তীৰ্থযাত্ৰীসকলে পথটো খোলাৰ বাবে অপেক্ষা কৰি আছে ।

প্ৰশাসনে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে আৰু কিছু ঠাইত চলাচল আৰম্ভ হৈছে যদিও পাহাৰৰ ফালে এতিয়াও ধ্বংসাৱশেষ জমা হৈ আছে, যাৰ বাবে যিকোনো সময়তে পুনৰ পথটো বন্ধ হোৱাৰ সম্ভাৱনা আছে । তীৰ্থযাত্ৰীসকলে জনোৱা মতে, শ্ৰীনগৰৰ পৰা পিপালকোটিলৈকে দূৰত্ব অতিক্ৰম কৰিবলৈ ১৬ ঘণ্টা সময় প্ৰয়োজন হৈছে, কাৰণ বদ্ৰীনাথ পথৰ অৱস্থা অতি বিপদজনক ।

ইয়াৰ বাহিৰেও গৌচাৰৰ সমীপৰ কামেডা আৰু নৌলি, চিমলি-গ্ৱাল্ডাম-আলমোৰা ঘাইপথৰ মিং গাডেৰা আৰু কাল জাবৰ আদি অঞ্চলত ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে । ধাৰাবাহিক বৰষুণৰ ফলত পাহাৰ খহি যোৱাৰ লগতে পথত জমা হৈছে বৃহৎ বৃহৎ ধ্বংসাৱশেষ ।

জিলা দণ্ডাধীশে কয় যে ক্ষতিগ্ৰস্ত সকলো অঞ্চলতে ধ্বংসাৱশেষ আঁতৰোৱা আৰু পথ মুকলি কৰাৰ কাম যুদ্ধকালীন গতিত চলি আছে । শীঘ্ৰেই স্বাভাৱিক যাতায়ত পুনৰ ঘূৰাই অনাৰ চেষ্টা চলাইছে প্ৰশাসনে ।

এই অঞ্চলসমূহত প্ৰচণ্ড ক্ষতি-

উত্তৰাখণ্ডৰ স্বাভাৱিক জীৱনত যথেষ্ট ক্ষতিসাধন কৰিছে বতৰে । টেহৰী, ৰুদ্ৰপ্ৰয়াগৰ দৰে পাহাৰীয়া জিলাত ধাৰাসাৰ বৰষুণৰ ফলত ব্যাপক ক্ষতিসাধন হোৱাৰ বিপৰীতে বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে যে উত্তৰাখণ্ডই শীঘ্ৰেই বৰষুণৰ পৰা কোনো ধৰণৰ সকাহ লাভ নকৰে ।

আগষ্ট মাহত সমগ্ৰ ৰাজ্যখনত ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত বহু অঞ্চলত দুৰ্যোগ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । ৩০ আগষ্টত ডেৰাডুন, উত্তৰকাশী আৰু বাগেশ্বৰ জিলাত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে ।

এই জিলাকেইখনত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট-

বতৰ বিজ্ঞান বিভাগে এই তিনিখন জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । একে সময়তে তেহৰী গড়োৱাল, ৰুদ্ৰপ্ৰয়াগ, চামোলি, পিথোৰাগড় আৰু পৌৰী গড়োৱাল জিলাৰ একাংশ ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।

৩১ আগষ্টত ডেৰাডুন আৰু বাগেশ্বৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে বাকী ১১খন জিলাৰ বাবে য়েল্লো এলাৰ্ট অব্যাহত থাকিব । ১ ছেপ্টেম্বৰত ডেৰাডুন, পিথোৰাগড়, নৈনিতাল আৰু বাগেশ্বৰ জিলাত কমলা সতৰ্কতা থকাৰ বিপৰীতে বাকী জিলাসমূহৰ বাবে য়েল্ল এলাৰ্ট অব্যাহত থাকিব । ২ ছেপ্টেম্বৰত চামোলী, বাগেশ্বৰ আৰু ডেৰাডুনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক : ‘চুৰি হৈছে ৰাহুল গান্ধীৰ মগজু…!’; মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ ডাঙৰ মন্তব্য