ভিয়েটনামত প্ৰচণ্ড বৰষুণ, ভূমিস্খলন আৰু বানৰ তাণ্ডৱ; মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি

ভিয়েটনামত প্ৰচণ্ড বৰষুণ, ভূমিস্খলন আৰু বানৰ তাণ্ডৱ; মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি

ভিয়েটনামত প্ৰচণ্ড বৰষুণ, ভূমিস্খলন আৰু বানৰ তাণ্ডৱ ‘বুৱানই’ ধুমুহাৰ ফলত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে ভিয়েটনামৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে । ইয়াৰ ফলত বহু ঠাইত বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে । দেশখনত এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পোৱাৰ লগতে বহু

ভিয়েটনামত প্ৰচণ্ড বৰষুণ, ভূমিস্খলন আৰু বানৰ তাণ্ডৱ

‘বুৱানই’ ধুমুহাৰ ফলত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে ভিয়েটনামৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে । ইয়াৰ ফলত বহু ঠাইত বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে । দেশখনত এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পোৱাৰ লগতে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে । মঙলবাৰে ৰাষ্ট্ৰীয় বতৰ সংস্থাই জনাইছে যে বিগত ২৪ ঘন্টাত ভিয়েটনামৰ কিছু অঞ্চলত ৩০ চে.মি.তকৈ অধিক বৰষুণ হৈছে । ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি সকীয়াই দিছে সংস্থাটোৱে ।

কেইবাদিনো হৈ থকা বৰষুণৰ ফলত বান আৰু ভূমিস্খলনৰ ফলত পথৰ সংযোগ বিচ্ছিন্ন হোৱাৰ লগতে বহু গাঁও বিচ্ছিন্ন হৈ পৰিছে । উত্তৰ দিশৰ ছন লা আৰু লাও কাই প্ৰদেশৰ পৰা মধ্য ভিয়েটনামৰ ঙে আন প্ৰদেশলৈকে সংঘটিত হৈছে এই দুৰ্যোগ । বৰষুণ আৰু বান্ধৰ পৰা এৰি দিয়া পানীৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত উত্তৰ দিশৰ কেইবাটাও অঞ্চলত বান আৰু ভূমিস্খলনৰ সৃষ্টি হয় । য়েন বাই অঞ্চলৰ থাও নদী বিপদসীমাৰ ওপৰেৰে বৈ যোৱাৰ ফলত ঘৰ-দুৱাৰ এক মিটাৰ পৰ্যন্ত পানীৰে বুৰাই পেলোৱাৰ ফলত মানুহে ঘৰ-দুৱাৰ খালী কৰিবলগীয়া হৈছে ।

ৰাজধানী হানয়ৰ বহু ৰাস্তা বানপানীত বুৰ গৈছে । কৰ্তৃপক্ষই লাল নদীৰ সমীপৰ বাসিন্দাসকলক সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিয়ে । মঙলবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৮জন মাছমৰীয়াকে ধৰি ১৩জন লোক এতিয়াও সন্ধানহীন হৈ আছে ।

সোমবাৰে পুৱা ভিয়েটনামৰ উপকূলত ধুমুহাই ভাবুকি আৰু অধিক বৃদ্ধি কৰে । বিশেষজ্ঞসকলে কয় যে জলবায়ু পৰিৱৰ্তনে এনে ধুমুহাক অধিক তীব্ৰতৰ কৰি তুলিছে । উষ্ণ মহাসাগৰে এই ধুমুহাবোৰক অধিক শক্তি প্ৰদান কৰে, যাৰ ফলত বিশেষকৈ পূব এছিয়াত তীব্ৰ বতাহ, অধিক প্ৰচণ্ড বৰষুণ আৰু বতৰৰ ধৰণ সলনি হয় ।

লগতে পঢ়ক : বন্ধ হৈ পৰিল ইণ্টাৰনেট; নৈতিকতাৰ নামত তালিবানৰ কঠোৰ নিয়ন্ত্ৰণ

শেহতীয়া প্ৰৱন্ধসমূহ