বৰষুণত বিধ্বস্ত মায়ানগৰী মুম্বাই, ব্যাহত জনজীৱন… ৰেড এলাৰ্টৰ মাজতে বন্ধ শিক্ষানুষ্ঠান

বৰষুণত বিধ্বস্ত মায়ানগৰী মুম্বাই

মায়ানগৰীত মুম্বাইত তিনি দিন ধৰি অব্যাহত আছে ধাৰাষাৰ বৰষুণ । প্ৰৱল বৰষুণত মহানগৰীৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ‘ৰেড এলাৰ্ট’ জাৰি কৰি মহানগৰ আৰু কাষৰীয়া অঞ্চলত কোনো কোনো ঠাইত পুনৰ প্ৰবল বৰষুণ হ’ব পাৰে বুলি উল্লেখ কৰিছে । এই সতৰ্কবাণীৰ পিছতে পৌৰসভা (বি এম চি) প্ৰশাসনে বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে ।

একেৰাহে তৃতীয় দিনলৈ প্ৰচণ্ড বৰষুণে মায়ানগৰী মুম্বাই হিচাবে পৰিচিত মহানগৰীৰ বহু ঠাইত জুৰুলা কৰাৰ লগতে পথসমূহ পানীৰে ভৰি পৰিছে । আন্ধেৰী ছাবমেট্ৰ’ আৰু লোখণ্ডৱালা কমপ্লেক্সৰ দৰে নিম্নভূমি অঞ্চল বানপানীৰ ফলত যাতায়ত প্ৰভাৱিত হৈছে । মুম্বাইৰ লাইফলাইন বুলি গণ্য কৰা স্থানীয় ৰে’লবোৰ প্ৰায় ১০ মিনিট পলমকৈ চলিছে । অৱশ্যে কোনো সেৱা সম্পূৰ্ণৰূপে স্থগিত ৰখা হোৱা নাই । কেন্দ্ৰীয় ৰেলৱেৰ বন্দৰ লাইনত কিছু নিম্ন অঞ্চলত পানী জমা হোৱাৰ লগতে কুৰলা আৰু তিলক নগৰ ষ্টেচনৰ মাজত ট্ৰেক চেঞ্জিং পইণ্ট বিকল হোৱাৰ বাবে ক্ষতিগ্ৰস্ত হয় ।

একাংশ অঞ্চলত ইমানেই প্ৰবল বৰষুণ হয় যে গাড়ীৰ গতি মন্থৰ কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ হয় । শেহতীয়া বুলেটিনত আই এম ডিয়ে মুম্বাই, থানে আৰু ৰাইগড় জিলাৰ বাবে আগন্তুক দুদিনৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সোমবাৰে পুৱা ৩.৩০ বজালৈকে বিগত ২৪ ঘণ্টাত ছান্টাক্ৰুজত ৯৯ মিলিমিটাৰ আৰু কোলাবাত ৩৮ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে ।

আকাছা এয়াৰ আৰু ইণ্ডিগ’ৰ দৰে বিমান সংস্থাই যাত্ৰীসকলক অতিৰিক্ত সময়সহ বিমানবন্দৰলৈ ৰাওনা হ’বলৈ পৰামৰ্শ দিছে কাৰণ কিছুমান পথত যাতায়ত দেখা ব্যাহত হোৱা পৰিলক্ষিত হৈছে । পানী জমা হোৱাৰ বাবে বন্ধ কৰি দিয়া হৈছে আন্ধেৰী ছাবমেট্ৰ’ । যান-বাহন আৰক্ষীয়ে জনোৱা মতে, এতিয়া ঠাকৰে দলং আৰু গোখলে দলঙৰ পৰা যান-বাহন আঁতৰাই দিয়া হৈছে ।

ভাকোলা দলং, হায়াত জংচন, খাৰ ছাবমেট্ৰ’ৰ দৰে অঞ্চলতো পানী জমা হোৱাৰ খবৰ পোৱা গৈছে, যাৰ ফলত যান-বাহনৰ চলাচল লেহেমীয়া হৈছে । ধাৰাবাহিক বৰষুণৰ পৰিপ্ৰেক্ষিতত পৌৰ নিগমে দুপৰীয়া ১২ বজাৰ পিছত শ্বিফট থকা বিদ্যালয়-মহাবিদ্যালয়ৰ বাবে বন্ধ ঘোষণা কৰে ।

লগতে পঢ়ক : মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ… ভূমিস্খলনৰ ফলত ২ জনৰ মৃত্যু

মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ… ভূমিস্খলনৰ ফলত ২ জনৰ মৃত্যু

মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণৰ তাণ্ডৱ

শুকুৰবাৰৰ পৰা মহাৰাষ্ট্ৰৰ বহু ঠাইত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । একাংশ গাঁৱত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে মায়ানগৰী মুম্বাইৰ অৱস্থাও ধাৰাষাৰ বৰষুণত ক্ৰমে শোচনীয় হৈ পৰিছে । মুম্বাইৰ ৰাজপথত সকলোফালে এতিয়া পানী দেখা গৈছে । বৰষুণৰ বাবে মুম্বাইৰ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে ভূমিস্খলনো সংঘটিত হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ ভিখৰ’ৰি অঞ্চলৰ বর্ষনগৰত ভূমিস্খলন সংঘটিত হৈছে ৷ এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে ।

নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাইত ভূমিস্খলন-

১৬ আগষ্টৰ নিশা ২:৩৯ বজাত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা । MFB য়ে পুৱা ৫.৫০ বজাত এই দুৰ্ঘটনাৰ খবৰ দিয়ে । বিখৰোলিৰ জন কল্যাণ ছ’চাইটিত সংঘটিত হয় এই ভূমিস্খলন । তথ্য অনুসৰি পাহাৰীয়া অঞ্চলৰ পৰা মাটি আৰু শিল এটা জুপুৰীত খহি পৰে । এই দুৰ্ঘটনাত ৪ জন লোক আহত হয় । তেওঁলোকক ৰাজাৱদী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু তেতিয়ালৈকে দুজন লোকৰ মৃত্যু হয় ।

মুম্বাইত বৰষুণৰ বাবে ৰেড এলাৰ্ট-

ধাৰাসাৰ বৰষুণৰ বাবে মুম্বাইত জাৰি কৰা হৈছে ৰেড এলাৰ্ট । ইয়াৰ পূৰ্বে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছিল মহানগৰখনত । ইয়াৰ পিছত আই এম ডিয়ে ৰেড এলাৰ্টৰ বিষয়ে অৱগত কৰে । বি এম চিয়েও ইয়াৰ বিষয়ে এক্সত পোষ্ট কৰিছে । মুষলধাৰ বৰষুণৰ বাবে মায়ানগৰী মুম্বাইৰ বহু অঞ্চল পানীৰে ভৰি পৰিছে ।

লগতে পঢ়ক : আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস; ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

বৰষুণ আৰু শিলাবৃষ্টিৰ বিধ্বংসী ৰূপ… ২ জনৰ মৃত্যু, ৬৭ জন আহত; ক্ষতিগ্ৰস্ত ছশৰো অধিক ঘৰ

বিগত ২৪ ঘণ্টাত ওড়িশাত প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু শিলাবৃষ্টিয়ে বহু জিলাত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ ফলত দুজন লোক নিহত হোৱাৰ বিপৰীতে ৬৭ জন আহত হয় । একে সময়তে ছশৰো অধিক ঘৰৰ ক্ষতিসাধন হৈছে ।

বজ্ৰপাতৰ ফলত দুজন নিহত, আহত কেইবাজনো-

শনিবাৰে গঞ্জাম আৰু পুৰী জিলাত বজ্ৰপাতৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে । একে সময়তে ময়ুৰভঞ্জ জিলাত শিলাবৃষ্টিৰ ফলত ৬৭ জন লোক আহত হয় । ইয়াৰে ৭ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

গঞ্জাম জিলাৰ পাত্ৰপুৰ ব্লকৰ নাৰায়ণপুৰ গাঁৱত বজ্ৰপাতৰ ফলত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হয় । ঘৰলৈ উভতি আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় । পুৰী জিলাৰ গোবৰধনপুৰ গাঁৱত বজ্ৰপাতৰ খুন্দাত ২৩ বছৰীয়া এজন লোকৰো মৃত্যু হয় । মাক-দেউতাকৰ লগত পথাৰৰ পৰা পানী উলিয়াবলৈ যোৱাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হয় ।

শিলাবৃষ্টিৰ ধুমুহাৰ বিধ্বংসী ৰূপ-

ময়ুৰভঞ্জ জিলাত হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত ছশৰো অধিক ঘৰৰ ক্ষতিসাধন হয় । জিলা প্ৰশাসনে কয় যে বিছয় আৰু বাংগীৰিপোছি ব্লকত ৩৫০টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ২৫০টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । বিছয়ৰ ১৮খন গাঁও আৰু বাংগীৰিপোছিৰ ৩৯খন গাঁও এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।

সাহায্যৰ কাম আৰম্ভ, শীঘ্ৰেই দিয়া হ’ব ক্ষতিপূৰণ-

ময়ূৰভঞ্জৰ জিলা উপায়ুক্ত হেমা কান্ত ছায়ে কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু পুনৰ্বাসন অভিযান আৰম্ভ কৰা হৈছে । ক্ষতিগ্ৰস্ত পৰিয়ালক তিৰপাল, ৰন্ধা আৰু শুকান খাদ্য যোগান ধৰা হৈছে ।

উৰুকাৰ আনন্দত বতৰে দিব পাৰে বাধা; কেইবাখনো জিলালৈ এলাৰ্ট জাৰি

উৰুকাৰ নিশা ভেলাঘৰত হাঁহে মাঁহে এসাজ খাম বুলি সকলোৱে হয়টো ভাবিছে। কিন্তু সেই আনন্দত বতৰে দিব পাৰে বাধা। উৰুকাৰ আনন্দ বতৰে ম্লান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

কাৰণ উৰুকাৰ নিশা ৰাজ্যত ধুমুহা বৰষুণৰ হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। উজনিৰ পৰা নামনি লৈ শিলাবৃষ্টিৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে।

প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ বিদ্যালয় বন্ধ ঘোষণা, NDRF মোতায়েন

বৰষুণৰ ফলত দক্ষিণ ভাৰতত স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মিছে । বতৰ বিজ্ঞান বিভাগে তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত আগন্তুক ২৪ ঘন্টাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । এক প্ৰতিবেদন অনুসৰি বেয়া বতৰৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুৰ চেন্নাই আৰু আন ১০খন জিলাত আজি অৰ্থাৎ ২০২৪ চনৰ ১২ ডিচেম্বৰত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে ।

এই জিলাসমূহত বিদ্যালয় বন্ধ ঘোষণা-

বৃহস্পতিবাৰে ৰাজ্যখনৰ ১১খন জিলাৰ ভিতৰত ভিল্লুপুৰম, থাঞ্জাভুৰ, মায়লাদুথুৰাই, পুডুক্কোট্টাই, কুড্ডালোৰ, ডিণ্ডিগুল, ৰামনাথাপুৰম, তিৰুভাৰুৰ, ৰানিপেট, তিৰুভাল্লুৰ আৰু চেন্নাইত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে । আই এম ডিয়ে তামিলনাডু, পুডুচেৰী আৰু কাৰাইকালৰ ওপৰত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰাৰ বিপৰীতে আৰিয়ালুৰ, থাঞ্জাভুৰ, তিৰুভাৰুৰ আৰু পুডুক’টাই জিলাৰ ওপৰত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও আন বিভিন্ন ঠাইত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনাও আছে ।

প্ৰচণ্ড বৰষুণ সন্দৰ্ভত আই এম ডিয়ে জাৰি কৰিছে সতৰ্কবাণী-

তামিলনাডু, পুডুচেৰী, কৰাইকাল, কেৰালা আৰু মাহেত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে আগন্তুক দুদিনলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । উপকূলীয় অন্ধ্ৰপ্ৰদেশ, য়ানাম, ৰায়ালাসীমা আৰু দক্ষিণ অভ্যন্তৰীণ কৰ্ণাটকত বৰষুণৰ বাবে য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে । বৰষুণৰ প্ৰভাৱ কমোৱাৰ বাবে এন ডি আৰ এফ আৰু ৰাজ্যিক জৰুৰীকালীন দল মোতায়েন কৰা হৈছে । ১৩ ডিচেম্বৰলৈকে মাছমৰীয়াসকলক সাগৰত নাযাবলৈ পৰামৰ্শ দিয়া হৈছে । তামিলনাডুত চলিত বৰ্ষত মুষলধাৰ বৰষুণৰ ৰেকৰ্ড কৰা হৈছে ।

সাধাৰণ নাগৰিকক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ-

নৱেম্বৰ মাহত তিৰুভাৰুৰ, কুড্ডালোৰ, নাগাপট্টিনাম আৰু মায়লাদুথুৰাই জিলাত একেধৰণৰ বতৰৰ বাবে বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হয় । সাধাৰণ নাগৰিকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা পালন কৰি তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । বংগ উপসাগৰৰ দক্ষিণ-পশ্চিম অংশত গঠিত গভীৰ নিম্ন চাপৰ অঞ্চলটো পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰি শ্ৰীলংকা আৰু তামিলনাডুৰ উপকূলৰ ওচৰলৈ আহিছে । এই কাৰণেই তামিলনাডুত জাৰি কৰা হৈছে বৰষুণৰ সতৰ্কবাণী ।