আমেৰিকাৰ নাগৰিকত্ব লাভ কৰাটো এতিয়া আৰু সহজ নহ’ব...

আমেৰিকাৰ নাগৰিকত্ব লাভ কৰাটো এতিয়া আৰু সহজ নহ’ব…জন্মগত অধিকাৰ নাগৰিকত্ব আইন বাতিল কৰিব ট্ৰাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰাৰ লগে লগে ড’নাল্ড ট্ৰাম্পে ল’লে কেইবাটাও ডাঙৰ সিদ্ধান্ত । তেওঁ বাইডেন চৰকাৰৰ ৭৮টা সিদ্ধান্ত বাতিল কৰে । ২০২১ চনৰ ৬ জানুৱাৰীত কেপিটেল হিলত সংঘটিত আক্ৰমণৰ বাবে দোষী ১৫০০ লোকক ক্ষমা কৰাৰ পৰা আৰম্ভ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰাৰ লগে লগে ড’নাল্ড ট্ৰাম্পে ল’লে কেইবাটাও ডাঙৰ সিদ্ধান্ত । তেওঁ বাইডেন চৰকাৰৰ ৭৮টা সিদ্ধান্ত বাতিল কৰে ।

২০২১ চনৰ ৬ জানুৱাৰীত কেপিটেল হিলত সংঘটিত আক্ৰমণৰ বাবে দোষী ১৫০০ লোকক ক্ষমা কৰাৰ পৰা আৰম্ভ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰালৈকে বহু গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লোৱা ল’লে ট্ৰাম্পে ।

উল্লেখযোগ্য যে ট্ৰাম্পে আমেৰিকাত জন্মগত অধিকাৰৰ নাগৰিকত্বৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছেন । আমেৰিকাৰ প্ৰব্ৰজন নীতিত এক বৃহৎ পৰিৱৰ্তন কৰা হ’ব । ইয়াৰ ফলত আমেৰিকাত থকা লাখ লাখ শিশুৰ নাগৰিকত্বত প্ৰভাৱ পৰিব, যিসকলৰ জন্ম হয়তো আমেৰিকাত হৈছে, কিন্তু তেওঁলোকৰ পিতৃ-মাতৃ ৱৰ্ক ভিছাত দেশখনত আছে ।

দৰাচলতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ চতুৰ্দশ সংশোধনী অনুসৰি আমেৰিকাৰ মাটিত জন্ম লোৱা শিশু স্বয়ংক্ৰিয়ভাৱে আমেৰিকাৰ নাগৰিক হৈ পৰে । ক্ৰমাৎ বৰ্ধিত সংখ্যক পিতৃ-মাতৃয়ে নিজৰ সন্তান জন্ম দিবলৈ আমেৰিকালৈ প্ৰব্ৰজন কৰিছে । ইয়াক জন্ম পৰ্যটন বোলা হয় ।

আদেশত কি ক’লে ট্ৰাম্পে ?

এই আদেশত উল্লেখ কৰা হৈছে যে আমেৰিকাত জন্মগ্ৰহণ কৰা সেই শিশুসকলকহে আমেৰিকাৰ নাগৰিকত্ব প্ৰদান কৰা হ’ব, যাৰ এজন পিতৃ-মাতৃ আমেৰিকান নাগৰিক বা তেওঁলোকৰ কোনো এজনৰ গ্ৰীণ কাৰ্ড আছে ।

ভাৰত আৰু চীনত পৰিব পাৰে ইয়াৰ প্ৰভাৱ-

দৰাচলতে ভাৰত আৰু চীনৰ পৰা অহা বৃহৎ সংখ্যক লোকে এইচ-১বি ভিছা লৈ আমেৰিকাত বাস কৰে । ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তই আমেৰিকাত বাস কৰা ভাৰতীয় পেছাদাৰীসকলৰ জীৱনত প্ৰভাৱ পেলাব ।

তথ্য অনুসৰি আমেৰিকাত ৪৮ লাখতকৈ অধিক ভাৰতীয় বাস কৰে, ইয়াৰে এক বৃহৎ অংশ জন্মগত নাগৰিকত্ব লাভ কৰাসকল । আমেৰিকাত এইচ-১বি ভিছাত কাম কৰা লোকসকলৰ বাবে পৰিয়াল পৰিকল্পনা এক ডাঙৰ সমস্যা হৈ পৰিব ।