ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ইষ্টাৰ ব্ৰেক… যুদ্ধবিৰতি ঘোষণা ভ্লাদিমিৰ পুটিনৰ

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতি ঘোষণা কৰিছে । শনিবাৰে নিশা ৮.৩০ বজাৰ পৰা দেওবাৰৰ মাজভাগলৈ ইষ্টাৰৰ যুদ্ধবিৰতি থাকিব বুলি পুটিনে ঘোষণা কৰিছে । ইষ্টাৰ উৎসৱৰ সময়ত মানৱীয় সাহায্য আৰু শান্তিৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । কি ক’লে

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতি ঘোষণা কৰিছে । শনিবাৰে নিশা ৮.৩০ বজাৰ পৰা দেওবাৰৰ মাজভাগলৈ ইষ্টাৰৰ যুদ্ধবিৰতি থাকিব বুলি পুটিনে ঘোষণা কৰিছে । ইষ্টাৰ উৎসৱৰ সময়ত মানৱীয় সাহায্য আৰু শান্তিৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

কি ক’লে ভ্লাদিমিৰ পুটিনে ?

ভ্লাদিমিৰ পুটিনে কয় যে ইউক্ৰেইনেও ৰাছিয়াই ঘোষণা কৰা যুদ্ধবিৰতিৰ নিয়ম মানি চলি শান্তিৰ পথ গ্ৰহণ কৰিব বুলি আশা কৰিছে । ইষ্টাৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয় কাৰণত এই সিদ্ধান্ত লোৱা হৈছে ।

অৱশ্যে যুদ্ধবিৰতিৰ সময়ত যদি ইউক্ৰেইনে নিয়ম মানি নচলে বা উলংঘা কৰে তেন্তে সাজু থাকিবলৈ পুটিনে সেনা প্ৰধান ভেলেৰী গেৰাচিমোভক নিৰ্দেশ দিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ