বন্দৰ আব্বাছত আক্ৰমণৰ পিছতে খৰ্গহস্ত ইৰান, আমেৰিকান এয়াৰবেছলৈ ধাৰাবাহিক মিছাইল বৰ্ষণ

বৃহস্পতিবাৰে স্থানীয় সময় পুৱা ৪:৫০ বজাত ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাৰ এটা এয়াৰবেছক লক্ষ্য কৰি প্ৰত্যুত্তৰমূলক আক্ৰমণ চলায়

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা শান্তি আলোচনা ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱাৰ দিশে অগ্ৰসৰ হৈছে । ইয়াৰ মাজতে মধ্যপ্ৰাচ্যত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি ইৰানৰ ইছলামিক ৰিভল্যুশ্বনেৰী গাৰ্ড কৰ্পছে (IRGC) আমেৰিকাৰ সামৰিক ঘাটিত এক ডাঙৰ আক্ৰমণ চলোৱাৰ দাবী কৰিছে । আনহাতে, এই সামৰিক সংঘাতৰ প্ৰভাৱ এতিয়া চুবুৰীয়া দেশসমূহৰ ওপৰতো পৰা দেখা গৈছে । কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, তেওঁলোকৰ আকাশমাৰ্গলৈ অহা কেইবাটাও মিছাইল আৰু ড্ৰ’ন তেওঁলোকে আকাশতে প্ৰতিৰোধ কৰি ধ্বংস কৰিবলৈ সক্ষম হৈছে ।

বন্দৰ আব্বাছ বন্দৰত আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানৰ-

ইৰানৰ অৰ্ধ-চৰকাৰী সংবাদ প্ৰতিষ্ঠান ‘তাচনিম নিউজ এজেঞ্চী’ৰ এক প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে স্থানীয় সময় পুৱা ৪:৫০ বজাত ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাৰ এটা এয়াৰবেছক লক্ষ্য কৰি প্ৰত্যুত্তৰমূলক আক্ৰমণ চলায় । আইআৰজিচিয়ে জনোৱা মতে, বুধবাৰে নিশা ইৰানৰ গুৰুত্বপূৰ্ণ ‘বন্দৰ আব্বাছ’ৰ ওচৰত আমেৰিকাই চলোৱা বিমান আক্ৰমণৰ প্ৰতিশোধ ল’বলৈহে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশ্যে, সুৰক্ষাৰ স্বাৰ্থত ইৰানে আমেৰিকাৰ কোনটো সামৰিক ঘাটিত এই আক্ৰমণ চলাইছে, সেই কথা এতিয়াও প্ৰকাশ কৰা নাই ।

আমেৰিকাক চৰম সকীয়নি-

এই আক্ৰমণৰ পিছতেই ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাক পোনপটীয়াকৈ এক চৰম আৰু কঠোৰ সকীয়নি প্ৰদান কৰিছে । ইৰানে স্পষ্ট কৰি দিছে যে যদি আমেৰিকাই পুনৰ এনেধৰণৰ আক্ৰমণ কৰাৰ দুঃসাহস কৰে, তেন্তে ইয়াৰ পৰিণতি ইয়াতকৈও ভয়াবহ আৰু মাৰাত্মক হ’ব । ভৱিষ্যতে হ’বলগীয়া যিকোনো ধৰণৰ ক্ষয়-ক্ষতিৰ বাবে কেৱল আক্ৰমণকাৰী আমেৰিকাই দায়ী থাকিব বুলিও ইৰানে হুংকাৰ দিয়ে ।

আত্মৰক্ষাৰ বাবে আক্ৰমণ চলোৱা হৈছিল : আমেৰিকা

আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত এগৰাকী আমেৰিকান সামৰিক বিষয়াই আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘ৰয়টাৰ্ছ’ক জনোৱা মতে, বুধবাৰে নিশা প্ৰায় ১:৩০ বজাত ইৰানৰ বান্দৰ আব্বাছ চহৰৰ পূব অংশত আমেৰিকান সেনাই এক বৃহৎ অভিযান চলাইছিল। উক্ত স্থানত তিনিটা ডাঙৰ বিস্ফোৰণৰ শব্দ শুনা গৈছিল ।

আমেৰিকাৰ দাবী অনুসৰি, ইৰানৰ সেই সামৰিক ঘাটিটোৱে ‘ষ্ট্ৰেইট অৱ হৰমুজ’ জলপথত নিয়োজিত আমেৰিকান সেনা আৰু বাণিজ্যিক জাহাজসমূহৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছিল । সেয়েহে, সম্পূৰ্ণ আত্মৰক্ষাৰ স্বাৰ্থতহে আমেৰিকাই এই সামৰিক পদক্ষেপ গ্ৰহণ কৰিছিল ।

কুৱেইটত হাই-এলাৰ্ট-

এই ভয়াৱহ সামৰিক সংঘৰ্ষৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে । কুৱেইট চৰকাৰে আধিকাৰিকভাৱে ঘোষণা কৰিছে যে দেশখনৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ প্ৰতিৰক্ষা বাহিনীয়ে ২৪ ঘণ্টাই সষ্টম হৈ আছে । আকাশমাৰ্গ উলংঘা কৰি ধেঁই অহা যিকোনো মিছাইল বা ড্ৰ’ন তৎক্ষণাত চিনাক্ত কৰি আকাশতে ধ্বংস কৰাৰ বাবে কুৱেইটে বিশেষ প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি তুলিছে ।

লগতে পঢ়ক : ঈদৰ আনন্দৰ মাজতে মধ্যপ্ৰাচ্যত যুদ্ধৰ জোকাৰণি, ইৰানৰ ভূখণ্ডত আমেৰিকাৰ বিধ্বংসী এয়াৰষ্ট্ৰাইক

‘আমি নিৰাপদ নহয়, আমাক ৰক্ষা কৰক’; যুদ্ধৰ মাজতে ইৰাণত আবদ্ধ ১১০ জন ভাৰতীয় ছাত্ৰৰ চৰকাৰক সহায়ৰ আবেদন

যুদ্ধৰ বাবে ইৰাণত আৱদ্ধ হৈ থকা ১১০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইৰাণৰ পৰা তেওঁলোকক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰলৈ সহায়ৰ বাবে আহ্বান জনাইছে।

ইৰাণ-ইজৰাইল যুদ্ধৰ মাজতে ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।এনে পৰিস্থিতিত ইৰাণত প্ৰায় ১০-১৫ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে, যাৰ পৰিয়াল ভাৰতত থাকে।

এই ছাত্ৰ-ছাত্ৰী সকলে ইৰাণত চিকিৎসা বিজ্ঞান আদিত অধ্যয়নৰত। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ইৰাণৰ তেহৰাণ, শ্বিৰাজ আদিত অধ্যয়ন কৰি আছে।এই ছাত্ৰ-ছাত্ৰী সকলক ভাৰতীয় দূতাবাসে কুম চহৰলৈ লৈ গৈছে,একে সময়তে ইৰাণৰ উৰমিয়া চহৰত এতিয়াও প্ৰায় ১১০ জন ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে।ছাত্ৰ-ছাত্ৰীসকলৰ মতে, এতিয়া দূতাবাসে এইসকল ছাত্ৰ-ছাত্ৰীক তাতেই থাকিবলৈ কৈছে।

কিন্তু এতিয়া এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিছে।ছাত্ৰ-ছাত্ৰী সকলে জনোৱা মতে, তেওঁলোকৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত মিচাইল নিক্ষেপ কৰা হৈছে।

তেওঁলোকে জানিবলৈ দিয়া মতে, প্ৰথমে ইজৰাইল পক্ষই ৫০ কিলোমিটাৰ দূৰত আক্ৰমণ কৰিছিল, তাৰ পিছত ৫ কিলোমিটাৰ দূৰত পুৱা ২ বজাত,পুৱা ৬:৩০ বজাত ১কিলোমিটাৰ দূৰত  আৰু এতিয়া ১০০ মিটাৰত মিছাইল নিক্ষেপ কৰিছে।বৰ্তমান আটাইকেইজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণৰ মমতাত নিজৰ গৃহভূমি ভাৰতলৈ উভতি আহিব বিচাৰিছে।

ছাত্ৰ-ছাত্ৰীসকলে কয় যে আমি দূতাবাসৰ সংস্পৰ্শত আছো যদিও তেওঁলোকে কয় যে আপোনালোক সকলোৱে এতিয়াই নিজৰ যত্ন লোৱা উচিত।অতি সোনকালে আপোনালোকৰ লগত যোগাযোগ কৰিম।বৰ্তমান তেহৰাণ আৰু শ্বিৰাজৰ ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ নিয়াৰ কাম চলি আছে, আনহাতে সীমান্তৰ ওচৰত থকা ১১০ জন ছাত্ৰ, আমি সকলোৱে উত্তৰ প্ৰদেশ, বিহাৰ, কেৰালা, মুম্বাই, পুনে, কাশ্মীৰ আদিৰ নিবাসী।

চৰকাৰ, অনুগ্ৰহ কৰি আমাক বচাওক, আপোনালোকে যেনেকৈ আগতে আমাক বচাইছিল, আমি আশা কৰিছো যে চৰকাৰে আমাক তেনেদৰেই সহায় কৰিব।যদিও ভাৰতীয় দূতাবাসে ইতিমধ্যে দুবাৰকৈ পৰামৰ্শ দিছে যে, অতি সোনকালে ছাত্ৰ-ছাত্ৰীক ইৰাণৰ পৰা ঘৰলৈ উভতি যাবলৈ কৈছিল। তথাপিও আমাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে আমি ইয়াতেই থাকিলোঁ।আমি বৈদেশিক মন্ত্ৰীক আহ্বান জনাইছো যে আমাক ইয়াৰ পৰা অতি সোনকালে উলিয়াই নিব লাগে।

লগতে পঢ়ক: কুৱেইটে ভুলতে ধ্বংস কৰিলে এফ-১৫ যুদ্ধ বিমানঃ আমেৰিকাৰ বিবৃতি

‘যেতিয়ালৈকে লক্ষ্যত উপনীত নহয়,ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব’; ট্ৰাম্প

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ চলাই থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কৈছে লক্ষ্যত উপনীত নোহোৱালৈকে ইৰাণৰ ওপৰত আক্ৰমণ চলি থাকিব।

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণ চলি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ ইৰাণক সকীয়াই দিছে। ট্ৰাম্পে সকীয়নী দিছে যে যেতিয়ালৈকে ৱাশ্বিংটনৰ সকলো লক্ষ্যত উপনীত নহয় তেতিয়ালৈকে ইৰাণৰ সৈতে যুঁজ অব্যাহত থাকিব।

ট্ৰুথ ছ’চিয়েলত প্ৰকাশ কৰা এটা ভিডিঅ’যোগে ট্ৰাম্পে নিশ্চিত কৰিছে যে আমেৰিকাৰ তিনিজন সেৱাৰ সদস্য নিহত হৈছে।তেওঁ কৈছে যে, যুদ্ধত এনে সৰু সুৰা ঘটনা ঘটি থাকে।লগতে তেওঁ কয় যে সম্ভৱতঃ অধিক লোকক হত্যা কৰা হ’ব আৰু আমেৰিকানসকলৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব।

ট্ৰাম্পে কয় যে, ‘বৰ্তমান যুঁজখন সম্পূৰ্ণ শক্তিৰে চলি আছে আৰু আমাৰ সকলো উদ্দেশ্য পূৰণ নোহোৱালৈকে এই যুঁজখন বন্ধ নহ’ব।আমাৰ উদ্দেশ্য অতি শক্তিশালী”।

লগতে পঢ়ক: আমেৰিকা-ইৰাণ যুদ্ধত এইবাৰ হিজবুল্লাহৰ অংশগ্ৰহণ; যুদ্ধবিৰতি ভংগ কৰি ইজৰাইলৰ ওপৰত নিশাটো মিছাইল নিক্ষেপ

‘আমি এবাৰতে ৪৮ জন ইৰাণৰ নেতাক হত্যা কৰিলোঁ’; ট্ৰাম্পৰ ডাঙৰ দাবী

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলাই থকা সামৰিক অভিযানৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে।

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলাই থকা সামৰিক অভিযান সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ আৰু চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে।ট্ৰাম্পৰ কয় যে, এই যৌথ সামৰিক আক্ৰমণত ইৰাণৰ ৪৮ গৰাকী শীৰ্ষ নেতাৰ মৃত্যু হৈছে।তেওঁলোকৰ সামৰিক অভিযান আশা কৰাতকৈ অধিক দ্ৰুতগতিত আগবাঢ়িছে।

ট্ৰাম্পে দাবী কৰিছিল যে ইৰাণৰ বিৰুদ্ধে এই অভিযানত ‘এটা ষ্ট্ৰ’কতে ৪৮ জন ইৰাণৰ নেতাক হত্যা কৰা হৈছিল।’ তেওঁ লগতে ইংগিত দিয়ে যে আমেৰিকাই জানে যে এতিয়াও কিমান টাৰ্গেট বাকী আছে।ট্ৰাম্পৰ এই বক্তব্য এনে সময়ত প্ৰকাশ পাইছে যেতিয়া পেন্টাগন আৰু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এই আক্ৰমণৰ পৰিণতিৰ মূল্যায়ন কৰি আছে।

এক সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে কয় ইৰাণৰ সামৰিক শক্তিক লক্ষ্য কৰি চলোৱা এই অভিযান ‘নিৰ্ধাৰিত সময়তকৈ আগত’ চলি আছে।তেহৰানে সৃষ্টি কৰা ভাবুকিৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ কৰা এই পদক্ষেপ আমেৰিকাৰ কৌশলগত পৰিকল্পনা অনুসৰি আগবাঢ়িছে।

লগতে পঢ়ক: ‘সময় নষ্ট নকৰাকৈ ইৰাণৰ ওপৰত আৰু ভয়ংকৰ আক্ৰমণ কৰিম’; ইজৰাইলৰ ‘আক্ৰমণ খণ্ড-২’ত অনুমোদন নেতান্যাহুৰ

ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ মাজতে চিচিএছৰ বৈঠক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পিছতেই চিচিএছৰ জৰুৰী বৈঠক আহ্বান কৰিছে। আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণ আৰু উপসাগৰীয় দেশসমূহত ভাৰতীয়ৰ সুৰক্ষা এটা মূল বিষয় হৈ পৰিব পাৰে।বৈঠকত এই বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে।

মধ্যপ্ৰাচ্যত চলি থকা তীব্ৰ যুদ্ধ আৰু ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ মাজতে ভাৰত চৰকাৰ সম্পূৰ্ণ সতৰ্ক অৱস্থালৈ আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণ সমাপ্ত কৰি আজি নিশা দিল্লীলৈ উভতি আহিয়েই নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ জৰুৰী বৈঠক আহ্বান কৰিছে।

আজি নিশা প্ৰায় ৯:৩০ বজাত দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ বিমান আৰু তাৰ লগে লগে এই চিচিএছৰ বৈঠক অনুষ্ঠিত হ’ব।

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ আৰু তাৰ পিছত উপসাগৰীয় দেশসমূহৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে এই চিচিএছৰ বৈঠক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

চিচিএছৰ বৈঠক হৈছে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী চৰকাৰৰ সৰ্বোচ্চ আৰু শক্তিশালী সমিতি,যিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা, প্ৰতিৰক্ষা, কূটনীতি আৰু বৈদেশিক পৰিক্ৰমাৰ সৈতে জড়িত আটাইতকৈ ডাঙৰ আৰু স্পৰ্শকাতৰ সিদ্ধান্ত লয়।এই কমিটীৰ অধ্যক্ষতা কৰে স্বয়ং প্ৰধানমন্ত্ৰীয়ে।

ইয়াৰ ভিতৰত আছে প্ৰতিৰক্ষা মন্ত্ৰী, গৃহমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু বিত্তমন্ত্ৰী। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) আৰু তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলেও ইয়াত গুৰুত্বপূৰ্ণ ইনপুট দিয়ে।

লগতে পঢ়ক: ‘সময় নষ্ট নকৰাকৈ ইৰাণৰ ওপৰত আৰু ভয়ংকৰ আক্ৰমণ কৰিম’; ইজৰাইলৰ ‘আক্ৰমণ খণ্ড-২’ত অনুমোদন নেতান্যাহুৰ

ইৰাণ, বাংলাদেশৰ পৰা ভেনিজুৱেলালৈকে… নতুন বছৰৰ আৰম্ভণিতে যুদ্ধৰ বিভিষীকাত কঁপিছে বিশ্ব

২০২৫ চনটোক যুদ্ধৰ বছৰ বুলি ক’লেও ভুল কোৱা নহ’ব ৷ ২০২৬ চনৰো আৰম্ভণি হৈছে উত্তেজনা, হিংসা আৰু সংঘাতেৰে । ইৰাণ, বাংলাদেশৰ পৰা ভেনিজুৱেলালৈকে যুদ্ধৰ বিভিষীকাই আগুৰি ধৰিছে…

নতুন বছৰৰ আৰম্ভণিতে বিশ্বত যুদ্ধৰ উকমুকনি । ২০২৫ চনটোক যুদ্ধৰ বছৰ বুলি ক’লেও ভুল কোৱা নহ’ব ৷ কিয়নো ইখনৰ পিছত সিখন দেশ যুদ্ধ আৰু হিংসাৰ জুয়ে আগুৰি ধৰিছিল । ২০২৫ বৰ্ষটোৱে বিদায় লোৱাৰ পিছত ২০২৬ চনটো শান্তি আৰু যুদ্ধবিহীন ভাৱে পাৰ হ’ব বুলি ভবা হৈছিল যদিও এতিয়া সেই আশাত চেঁচা পানী পৰিছে । কিয়নো ২০২৬ চনৰ আৰম্ভণি হৈছে উত্তেজনা, হিংসা আৰু সংঘাতেৰে ।

বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ৰবাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ৰাজপথ উত্তাল হৈ আছে, আন ঠাইত নিৰ্বাচনৰ পূৰ্বে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে । মধ্যপ্ৰাচ্যৰ পৰা দক্ষিণ এছিয়া আৰু লেটিন আমেৰিকালৈকে পৰিস্থিতি দ্ৰুতগতিত অৱনমিত হৈছে । ইৰাণৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ, বাংলাদেশত নিৰ্বাচনী হিংসা, য়েমেনত চলি থকা গৃহযুদ্ধ, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা তীব্ৰ যুদ্ধ, ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আদি সকলোবোৰে স্পষ্ট কৰি দিছে যে ২০২৬ চনৰ আৰম্ভণিয়ে বিশ্ববাসীক অস্বস্তি, আতংক আৰু অনিশ্চয়তা কঢ়িয়াই আনিছে ।

আমেৰিকাৰ ভেনিজুৱেলা আক্ৰমণ আৰু ৰাষ্ট্ৰপতিক বন্দী-

২০২৬ বৰ্ষ আৰম্ভ হোৱাৰ মাত্ৰ তিনিটা দিন পিছতে আমেৰিকাই ভেনিজুৱেলাত বৃহৎ আক্ৰমণ চলায় । শনিবাৰে আমেৰিকাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ, মিৰাণ্ডা, আৰাগুয়া, লা গুইৰাকে ধৰি চাৰিখন চহৰত ৭টা বিমান আক্ৰমণ চলায় । এই কথা স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিশ্চিত কৰিছে । আক্ৰমণৰ পিছত কেইবাটাও অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হয় । ভেনিজুৱেলাৰ তেল আৰু খনিজ সম্পদ দখল কৰিবলৈ আমেৰিকাই অভ্যুত্থানৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৱে দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰে । ইফালে ট্ৰাম্পে দাবী কৰে যে এই আক্ৰমণৰ পিছত নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হৈছে ।

ইৰাণৰ ৰাজপথত প্ৰতিবাদ, শাসন ব্যৱস্থাৰ বিৰুদ্ধে শ্লোগান-

ইৰাণত একেৰাহে সপ্তম দিন ধৰি মুদ্ৰাস্ফীতি আৰু সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেইনীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । দেশখনত এই পৰ্যন্ত মৃত্যু হৈছে ৮ জন লোকৰ । পৰিস্থিতি ইমানেই উত্তেজিত হৈ পৰিছে যে নিহত প্ৰতিবাদকাৰীৰ অন্ত্যেষ্টিক্ৰিয়াতো মানুহে মুকলিকৈ “ডেথ টু খোমেইনী” ধ্বনি দি আছে । এই প্ৰতিবাদ এতিয়া কেৱল তেহৰাণতে আবদ্ধ হৈ থকা নাই । ছিয়া ধৰ্মগুৰুসকলৰ দুৰ্গ বুলি গণ্য কৰা পবিত্ৰ চহৰ ক’মলৈয়ো বিয়পি পৰিছে এই প্ৰতিবাদ । ইৰাণ ইণ্টাৰনেশ্যনেলৰ বাতৰি অনুসৰি, তীব্ৰ নিৰাপত্তাৰ মাজতো প্ৰতিবাদকাৰীসকলে ৰাজতন্ত্ৰৰ সমৰ্থনত শ্লোগান দিয়ে । ইয়াৰ মাজতে ইছলামিক শাসন ব্যৱস্থাৰ সম্ভাৱ্য পতনৰ বাতৰিও চৰ্চা চলিছে ।

বাংলাদেশৰ নিৰ্বাচনৰ পূৰ্বে হিংসা, সংখ্যালঘুক আক্ৰমণ-

২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে যদিও ইতিমধ্যে দেশখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । ২০২৫ চনৰ ডিচেম্বৰ মাহত ছাত্ৰ নেতা ওছমান হাদীৰ মৃত্যুৰ লগে লগে এই সংকটৰ আৰম্ভণি হয় । ইয়াৰ পিছতে অগ্নিসংযোগ, ধ্বংসাত্মক কাৰ্য, হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দেশখনত বৰ্তমান পৰিস্থিতি আটাইতকৈ চিন্তনীয় হিন্দু সংখ্যালঘুৰ বাবে । শেহতীয়াকৈ সংঘটিত আক্ৰমণত আহত ৫০ বছৰীয়া হিন্দু ব্যৱসায়ী খোকন চন্দ্ৰ দাসৰ চিকিৎসালয়ত মৃত্যু হয় । দিপু দাস, অমৃত মণ্ডল, বিজেন্দ্ৰ বিশ্বাসক নামৰ হিন্দু ব্যক্তিকেইজনকো হত্যা কৰা হয় । দেশখনত এই পৰ্যন্ত চাৰিজন হিন্দুৱে প্ৰাণ হেৰুৱাইছে । এই ঘটনাই বাংলাদেশৰ সমগ্ৰ হিন্দুসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।

য়েমেনত পুনৰ উত্তেজনা-

২০১৪ চনৰ পৰাই য়েমেনৰ গৃহযুদ্ধ চলি আছে । সেই বছৰতে হৌথী বিদ্ৰোহীয়ে ৰাজধানী ছানা দখল কৰে । ইয়াৰ পিছত ২০১৫ চনত ছৌদি আৰৱৰ নেতৃত্বত আৰু কেইবাখনো উপসাগৰীয় দেশকে ধৰি সামৰিক মিত্ৰজোঁট গঠন কৰি হৌথীক ক্ষমতাৰ পৰা উৎখাত কৰা হয় । প্ৰথম অৱস্থাত ছৌদি সমৰ্থিত চৰকাৰ আৰু ইৰাণ সমৰ্থিত হৌথীৰ মাজত যুদ্ধ হৈছিল যদিও এতিয়া য়েমেনত নতুন আৰু বিপজ্জনক উত্তেজনাই আৱৰি ধৰিছে ।

এতিয়া এই যুদ্ধত উপসাগৰীয় দেশসমূহৰ মাজত উত্তেজনা স্পষ্ট হৈ পৰিছে । চৌদি আৰৱৰ সেনাই বিমান আক্ৰমণ চলোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে । ছৌদি আৰবে দাবী কৰে যে এই আক্ৰমণৰ লক্ষ্য হৈছে য়েমেনৰ বিচ্ছিন্নতাবাদী গোট দক্ষিণ ট্ৰেঞ্জিচনেল কাউন্সিললৈ প্ৰেৰণ কৰা অস্ত্ৰৰ চালান । এই গোটটো সংযুক্ত আৰব আমিৰশ্বাহী (UAE) ৰ দ্বাৰা সমৰ্থিত আৰু দক্ষিণ য়েমেনৰ বহু অঞ্চল নিয়ন্ত্ৰণত আছে । ইতিমধ্যে যুদ্ধ, ক্ষুধা আৰু মানৱীয় সংকটৰ সৈতে যুঁজি থকা য়েমেনৰ অসামৰিক জনসাধাৰণে শেহতীয়া উত্তেজনাৰ বোজা আকৌ এবাৰ বহন কৰিছে ।

অধিক ভয়ংকৰ হৈ পৰিছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ-

২০২৬ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ চাৰি বছৰ সম্পূৰ্ণ হ’ব । শান্তি আলোচনাৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে । নতুন বছৰৰ আৰম্ভণিতে সংঘাত তীব্ৰতৰ হৈ পৰিছে । পুটিনৰ বাসগৃহত আক্ৰমণৰ দাবীয়ে উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে । মস্কোৱে কয় যে ইউক্ৰেইনে এতিয়া ৰাজধানী আৰু মূল স্থানসমূহক পোনপটীয়াকৈ লক্ষ্য কৰি লৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নেতৃত্বত যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা কিমান সফল হ’ব সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : পত্নীসহ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক বন্দী আমেৰিকাৰ… ট্ৰাম্পৰ বৃহৎ দাবী

ইৰাণক মুকলি সমৰ্থন ৰাছিয়াৰ; তেহৰাণক সম্ভৱপৰ সকলো সহায় দিয়াৰ আশ্বাস

ইৰাণক মুকলি সমৰ্থন ৰাছিয়াৰ

ইজৰাইল আৰু ইৰাণৰ ১০ দিনীয়া সংঘাতৰ ফলত শেহতীয়াকৈ বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ ভাবুকি বৃদ্ধি পাইছে । ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত সোমবাৰে ৰাছিয়াই তেহৰাণক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে । ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে সোমবাৰে কয় যে মস্কোৱে ইৰাণক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু । তেওঁ কয় যে ইৰাণক কেনেধৰণৰ সহায়ৰ প্ৰয়োজন সেয়া তেহৰাণৰ ওপৰত নিৰ্ভৰ কৰিব । পেস্কোভে কয় যে আমি ইৰাণক মধ্যস্থতাৰ প্ৰস্তাৱ দিছো । আমাৰ ফালৰ পৰা এয়া এক কঠিন সহায় । ইৰাণক যি লাগে, সেই অনুসৰি আমি সহায় কৰিবলৈ সাজু ।

উত্তেজনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট কৰিলে ৰাছিয়াই-

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা উত্তেজনা সন্দৰ্ভতো মস্কোৱে নিজৰ স্থিতি স্পষ্ট কৰিছে । পেস্কোভে কয় যে ৰাছিয়াৰ এই স্থিতিও ইৰাণক সমৰ্থন কৰাৰ এক গুৰুত্বপূৰ্ণ উপায় । তেওঁ কয় যে আমি এই বিষয়ত আমাৰ স্থিতি মুকলিকৈ বিশ্বৰ আগত দাঙি ধৰিছো । ইৰাণৰ প্ৰতি আমাৰ সমৰ্থনৰ লক্ষণো । শেহতীয়াকৈ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত হোৱা আলোচনাত ইৰাণৰ বিষয়টো কেইবাবাৰো উত্থাপন হোৱা বুলিও পেস্কোভে কয় । শেহতীয়াকৈ ৰাষ্ট্ৰপতি পুটিন আৰু ট্ৰাম্পৰ মাজত হোৱা আলোচনাত ইৰাণৰ কথা কেইবাবাৰো উল্লেখ কৰা হৈছে বুলিও তেওঁ কয় ।

আমেৰিকাৰ আক্ৰমণক গৰিহণা পুটিনৰ-

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে । সোমবাৰে মস্কোত ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰঘাচিৰ সৈতে হোৱা বৈঠকত তেওঁ এই আক্ৰমণক অপ্ৰৰোচিত বুলি অভিহিত কৰে । পুটিনে কয় যে আপুনি এনে এটা সময়ত ৰাছিয়ালৈ আহিছে যেতিয়া আপোনাৰ দেশৰ লগতে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি অতি উত্তেজিত । তেওঁ আমেৰিকাৰ আক্ৰমণক গৰিহণা দি কয় যে ৰাছিয়াই ইৰাণৰ জনসাধাৰণক সম্ভৱপৰ সকলো ধৰণে সহায় কৰিবলৈ চেষ্টা কৰিছে ।

পুটিনে আৰু কয় যে আমি আমাৰ পৰ্যায়ত ইৰাণৰ জনসাধাৰণক সহায় কৰিবলৈ চেষ্টা কৰিছো । তেওঁ আশা প্ৰকাশ কৰে যে ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুতৰ আলোচনাৰ সুযোগ প্ৰদান কৰিব আৰু দুয়োখন দেশে একেলগে সমাধান বিচাৰি উলিয়াব পাৰিব ।

লগতে পঢ়ক : খোৰামশ্বহৰ-৪ : আটাইতকৈ শক্তিশালী মিছাইলেৰে ইৰাণে আক্ৰমণ কৰিলে ইজৰাইল; জানক ইয়াৰ বিশেষত্ব

ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে সাজু ইজৰাইল… ৬০খন যুদ্ধ বিমানেৰে আক্ৰমণ

ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে সাজু ইজৰাইল

ইৰাণৰ সৈতে সম্ভাৱ্য দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে বুলি প্ৰকাশ কৰিছে ইজৰাইলী সেনাই । ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছে যে যদি আমেৰিকা সংঘাতত জড়িত হয় তেন্তে ই সকলোৰে বাবে অতি বিপজ্জনক হ’ব ।

ইৰাণৰ সমৰ্থিত হৌথী বিদ্ৰোহীয়েও সকীয়াই দিছে যে যদিহে ট্ৰাম্প প্ৰশাসনে ইজৰাইলৰ সামৰিক অভিযানত যোগদান কৰে তেন্তে তেওঁলোকে লোহিত সাগৰত আমেৰিকাৰ জাহাজ আৰু যুদ্ধজাহাজত পুনৰ আক্ৰমণ আৰম্ভ কৰিব । মে’ মাহত আমেৰিকাৰ সৈতে হোৱা চুক্তিৰ অন্তত তেওঁলোকে এই আক্ৰমণ বন্ধ কৰিছিল । ইফালে, ইজৰাইলৰ পৰা সাধাৰণ নাগৰিকক উলিয়াই আনিবলৈ আমেৰিকাই “সাহায্য উৰণ” আৰম্ভ কৰিছে । ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে এই বিমান সেৱা আৰম্ভ কৰা হৈছে ।

৬০খন যুঁজাৰু বিমানেৰে আক্ৰমণ-

আই ডি এফে জনোৱা মতে, সঠিক গোপন খবৰৰ ভিত্তিত সেনাই প্ৰায় ৬০খন যুদ্ধ বিমান ব্যৱহাৰ কৰি ইৰাণৰ ভূখণ্ডৰ গভীৰতম অংশত আক্ৰমণ চলাইছিল । ইজৰাইলৰ বায়ুসেনাৰ এখন বিমানে ইৰাণৰ তিনিখন সামৰিক এফ-১৪ যুদ্ধ বিমানক আক্ৰমণ কৰে । এই আক্ৰমণ ইৰাণৰ মাজভাগত সংঘটিত হৈছিল ।

ইৰাণৰ ইছফাহান প্ৰদেশত অৱস্থিত এটা পাৰমাণৱিক গৱেষণা কেন্দ্ৰতো আক্ৰমণ চলাই ইজৰাইলী সেনাই । এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলে কয় যে তেওঁলোকৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক ক্ষমতা ধ্বংস কৰা ।

আক্ৰমণৰ পিছত ইছফাহানৰ এটা পাহাৰীয়া অঞ্চলৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল, যিটো প্ৰদেশখনৰ নিৰাপত্তা পৰিক্ৰমা বিভাগৰ উপ-ৰাজ্যপাল আকবৰ ছালেহীয়ে নিশ্চিত কৰি কয় যে ই এটা চেণ্ট্ৰিফিউজ উৎপাদন স্থান । আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থায়ো এই আক্ৰমণ নিশ্চিত কৰিছে ।

লগতে পঢ়ক : ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ ! ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ

ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ ! ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ

ইজৰাইলৰ সৈতে যুদ্ধত প্ৰৱেশ আমেৰিকাৰ

মধ্যপ্ৰাচ্যত ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাত দিনে দিনে অধিক ভয়াৱহ হৈ পৰিছে । এতিয়া আমেৰিকায়ো ইৰাণৰ বিৰুদ্ধে আক্ৰমণত যোগদান কৰিছে আৰু তিনিটা পাৰমাণৱিক স্থানক লক্ষ্য কৰি লৈছে । আমেৰিকাই গুৱামলৈ কেইবাখনো বি-২ স্পিৰিট বম্বাৰ বিমান প্ৰেৰণ কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইৰাণৰ ফৰ্ডো, নাটানজ আৰু ইছফাহানৰ পাৰমাণৱিক স্থানত আক্ৰমণৰ কথা নিশ্চিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । নিশা ১০ বজাত তেওঁ দেশবাসীক সম্বোধন কৰিব বুলিও উল্লেখ কৰিছে ।

ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আনুষ্ঠানিকভাৱে আক্ৰমণ কৰিছে আমেৰিকাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে যে আমি ইৰাণৰ ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানকে ধৰি তিনিটা পাৰমাণৱিক স্থানত অতি সফল আক্ৰমণ চলাইছো । এতিয়া সকলো বিমান ইৰাণৰ আকাশমাৰ্গৰ বাহিৰত । প্ৰাথমিক ছাইট ফৰ্ডোত বোমাৰ সম্পূৰ্ণ পেলোড নিক্ষেপ কৰা হৈছিল । সকলো বিমান নিৰাপদে ঘৰলৈ যোৱাৰ পথত । আমাৰ মহান আমেৰিকান যোদ্ধাসকললৈ অভিনন্দন । পৃথিৱীৰ আন কোনো সেনাবাহিনী নাই যিয়ে এই কাম কৰিব পাৰিব । এতিয়া শান্তিৰ সময় ! এই বিষয়ত মনোযোগ দিয়াৰ বাবে ধন্যবাদ ।’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আন এটা পোষ্টত লিখিছে যে মই ইৰাণত আমাৰ অতি সফল সামৰিক অভিযানৰ বিষয়ে নিশা ১০:০০ বজাত হোৱাইট হাউছত দেশবাসীক সম্বোধন কৰিম । আমেৰিকা, ইজৰাইল আৰু বিশ্বৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত । ইৰাণে এতিয়া এই যুদ্ধৰ অন্ত পেলাবলৈ সন্মত হ’ব লাগিব ।

গুৱামলৈ প্ৰেৰণ বি-২ ষ্টীলথ্ বোমাৰু বিমান-

ইজৰাইল-ইৰাণ যুদ্ধত যোগদান কৰি আমেৰিকাই এই পদক্ষেপ গ্ৰহণ কৰিছে । গুৱামৰ এণ্ডাৰছন এয়াৰবেছত নিয়োজিত কৰাৰ বাবে নিজৰ আটাইতকৈ মাৰাত্মক যুঁজাৰু বিমান বি-২ ষ্টীলথ্ বোমাৰু বিমান প্ৰেৰণ কৰিছে । কোৱা হৈছে যে এই বোমাৰু বিমানখনৰ প্ৰকৃত স্থান হ’ল ভাৰত মহাসাগৰত অৱস্থিত ডিয়েগো গাৰ্চিয়া এয়াৰবেছ, য’ৰ পৰা আমেৰিকাই ইৰাকক আক্ৰমণ কৰিছিল । অনুমান কৰা হৈছে যে ইয়াক ইৰাণৰ আটাইতকৈ সুৰক্ষিত ফৰ্ডো পাৰমাণৱিক স্থান ধ্বংস কৰিবলৈ প্ৰেৰণ কৰা হৈছে । এই পাৰমাণৱিক স্থানটো মাটিৰ পৰা প্ৰায় ৯০ মিটাৰ তলত, যিটো কেৱল বি-২ ষ্টীলথ্ বোমাৰু বিমানে ধ্বংস কৰিবলৈ সক্ষম ।

ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযানৰ বাবে সাজু ইজৰাইল-

ইফালে ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক স্থানসমূহত আক্ৰমণ অব্যাহত ৰখাৰ বাবে ইৰাণৰ বিৰুদ্ধে “দীঘলীয়া অভিযান”ৰ বাবে ইজৰাইল সাজু বুলি কৈছে । ইৰাণত টেল আভিভৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ৪৩০ জনলৈ বৃদ্ধি পাইছে । অঞ্চলটোত ইজৰাইলৰ আক্ৰমণৰ ফলত ৩৫০০ৰো অধিক লোক আহত হৈছে । ইজৰাইলত যোৱা সপ্তাহত সংঘাত তীব্ৰতৰ হোৱাৰ পিছত কমেও ২৪ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ।

লগতে পঢ়ক : পুনৰ ইজৰাইলক ছালভো মিছাইলেৰে আক্ৰমণ ইৰাণৰ; বাজি উঠিছে চাইৰেন