‘সময় নষ্ট নকৰাকৈ ইৰাণৰ ওপৰত আৰু ভয়ংকৰ আক্ৰমণ কৰিম’; ইজৰাইলৰ ‘আক্ৰমণ খণ্ড-২’ত অনুমোদন নেতান্যাহুৰ

‘সময় নষ্ট নকৰাকৈ ইৰাণৰ ওপৰত আৰু ভয়ংকৰ আক্ৰমণ কৰিম’; ইজৰাইলৰ ‘আক্ৰমণ খণ্ড-২’ত অনুমোদন নেতান্যাহুৰ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত ইৰাণৰ জনসাধাৰণক বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইৰাণৰ জনসাধাৰণক পোনপটীয়াকৈ আবেদন জনাইছে যে, তেওঁলোকে নিজৰ দেশৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিব লাগে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণত সৰ্বোচ্চ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত ইৰাণৰ জনসাধাৰণক বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান কৰিছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইৰাণৰ জনসাধাৰণক পোনপটীয়াকৈ আবেদন জনাইছে যে, তেওঁলোকে নিজৰ দেশৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিব লাগে।

আমেৰিকা আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুৰ পিছত নেতান্যাহুৱে “বৰ্তমানৰ শাসন ব্যৱস্থাক উফৰাই পেলাবলৈ” গণ প্ৰতিবাদৰ আহ্বান জনাইছে।

শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ পিছত প্ৰকাশ পোৱা এক ভিডিঅ’ বাৰ্তাত নেতান্যাহুৱে কয়  ইজৰাইলৰ সামৰিক অভিযানে ইৰাণৰ শাসন ব্যৱস্থাক দুৰ্বল কৰি তুলিব আৰু জনসাধাৰণক সেই শাসন ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ সুযোগ দিব, যাক তেওঁ ‘সন্ত্রাসবাদী শাসন ব্যৱস্থা’ বুলি অভিহিত কৰিছিল৷

তেওঁ লগতে কয় যে, ‘অনাগত দিনত আমি এই সন্ত্ৰাসবাদী শাসন ব্যৱস্থাৰ হাজাৰ হাজাৰ লক্ষ্যত আক্ৰমণ কৰিম।আমি ইৰাণৰ সাহসী জনসাধাৰণক একনায়কত্ববাদৰ শিকলিৰ পৰা মুক্ত হোৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰিম।সেইবাবেই মই আপোনালোকৰ লগত আকৌ এবাৰ কথা পাতিছো।’

ইৰাণৰ নাগৰিকসকলক সম্বোধন কৰি নেতানিয়াহুৱে এই মুহূৰ্তক ‘বিৰল ঐতিহাসিক সুযোগ’ বুলি অভিহিত কৰে আৰু ৰাইজক মনে মনে নাথাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ‘ইৰাণৰ নাগৰিকসকল, এই সুযোগ হেৰাই যাবলৈ নিদিব।এনে সুযোগ প্ৰতিটো প্ৰজন্মত এবাৰকৈ আহে।মনে মনে বহি নাথাকিবা, আপোনালোকৰ সময় সোনকালে আহি আছে।’

লগতে পঢ়ক: আমেৰিকাৰ যুদ্ধজাহাজ আব্ৰাহাম লিংকনত ইৰাণৰ আক্ৰমণ; বেলেষ্টিক মিছাইল নিক্ষেপ