“আপুনি পাগল হৈছে!মই নহ’লে আপুনি জেলত থাকিলহেঁতেন…”; নেতান্যাহুক তিৰস্কাৰ ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ফোনযোগে তীব্ৰ ধমক দিয়ে।তেওঁ ইজৰাইলক হিজবুল্লাহৰ বিৰুদ্ধে চলি থকা আক্ৰমণ তৎক্ষণাত বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

ইজৰাইল আৰু হিজবুল্লাহৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ফোনযোগে তীব্ৰ ভৰ্ৎসনা কৰিছে। ‘নিউয়ৰ্ক পোষ্ট’ৰ মতে, ফোন কলটোৰ সময়ত ট্ৰাম্পে খঙত কেইবাবাৰো অসংসদীয় শব্দও ব্যৱহাৰ কৰিছিল।

শেহতীয়াকৈ ইজৰাইলে দক্ষিণ বেৰুতত সন্ত্ৰাসবাদীৰ ওপৰত বিমান আক্ৰমণৰ নিৰ্দেশ দিছিল। ইজৰাইলৰ এই পদক্ষেপৰ পিছতে ইৰানে আমেৰিকাৰ সৈতে চলি থকা আলোচনাৰ পৰা আঁতৰি অহাক লৈ সকীয়নি দিছিল। ‘এক্সিয়ছ’ৰ প্ৰতিবেদন অনুসৰি, নেতান্যাহুৰ সৈতে ফোনত কথা পতাৰ সময়ত ট্ৰাম্প অত্যন্ত খঙত আছিল। তেওঁ নেতান্যাহুক হিজবুল্লাহৰ ওপৰত চলাই থকা আক্ৰমণ তৎকালীনভাৱে বন্ধ কৰিবলৈ কয়।

এগৰাকী আমেৰিকান বিষয়াগৰাকীৰ মতে, ট্ৰাম্পে নেতান্যাহুক কৈছিল, “তুমি সম্পূৰ্ণ পাগল হৈ পৰিছা। যদি মই নাথাকিলোহেঁতেন, তেন্তে তুমি আজি জেলত থাকিলোহেঁতেন। মই তোমাৰ প্ৰাণ ৰক্ষা কৰি আছোঁ। এই সময়ত সকলোৱে তোমাক ঘিণ কৰে। তোমাৰ এই কাণ্ডবোৰৰ বাবেই আজি সকলোৱে ইজৰাইলক ঘৃণা কৰিছে।”

ট্ৰাম্পৰ অসন্তুষ্টিৰ পিছতো নেতান্যাহু নিজৰ সিদ্ধান্তত অটল হৈ আছে। এই ফোন কলটোৰ পিছত নেতান্যাহুৱে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ ত এটা পোষ্ট লিখি বিশ্বৰ সন্মুখত ইজৰাইলৰ কঠোৰ স্থিতি পুনৰ দোহাৰে।

নেতান্যাহুৱে কয়, “আজি নিশা মই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিছোঁ। মই তেওঁক স্পষ্টকৈ কৈ দিছোঁ যে যদি হিজবুল্লাহে আমাৰ চহৰ আৰু নাগৰিকৰ ওপৰত আক্ৰমণ বন্ধ নকৰে, তেন্তে ইজৰাইলে বেৰুতত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহৰ ওপৰত আক্ৰমণ চলাই যাব। আমাৰ এই স্থিতি অলপো সলনি হোৱা নাই। ইয়াৰ সমান্তৰালভাৱে ইজৰাইলী সেনাই দক্ষিণ লেবাননত নিজৰ অভিযান অব্যাহত ৰাখিব।”

লগতে পঢ়ক: মাউণ্ট ৰাছম’ৰত নিজৰ মুখমণ্ডল! ট্ৰুথ ছ’চিয়েলত ডিজিটেল ছবি শ্বেয়াৰ কৰি চৰ্চাত ড’নাল্ড ট্ৰাম্প

“মোৰ আৰু ট্ৰাম্পৰ নীতি একে,ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ নাথাকিব”; নেতান্যাহু

ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সমৰ্থনৰ শলাগ লয় নেতান্যাহুৱে।নেতান্যাহুৱে কয় যে আমেৰিকা আৰু ইজৰাইলৰ অংশীদাৰিত্ব পূৰ্বতকৈ অধিক শক্তিশালী হৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ পিছত ইৰাণ সন্দৰ্ভত এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে মোৰ নীতি আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতি একেই,ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ নাথাকিব। নেতান্যাহুৱে কয় যে কালি দুয়োগৰাকী নেতাৰ মাজত হৰমুজ প্ৰণালী মুকলি কৰাৰ সম্ভাৱ্য চুক্তিৰ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সম্পৰ্কীয় আগন্তুক আলোচনাও হয়।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তথ্য দি নেতান্যাহুৱে কয় ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে তেওঁ ট্ৰাম্পক ধন্যবাদ জনায়। ‘শ্বাগত হাআৰী’ আৰু ‘এপিক ফিউৰি’ৰ দৰে অভিযানৰ উদ্ধৃতি দি তেওঁ কয় যে এই অভিযানসমূহত আমেৰিকা আৰু ইজৰাইলী বাহিনীয়ে ইৰাণৰ ভাবুকিৰ বিৰুদ্ধে একেলগে কাম কৰিছিল।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মতে, দুয়োজন নেতাই এই কথাত একমত যে ইৰাণৰ সৈতে যিকোনো চূড়ান্ত চুক্তি গ্ৰহণযোগ্য হ’ব যদিহে ইয়াৰ পাৰমাণৱিক ভাবুকি সম্পূৰ্ণৰূপে নাইকিয়া হয়। তেওঁ কয় যে, ইয়াৰ বাবে ইৰাণৰ পাৰমাণৱিক সমৃদ্ধিৰ সুবিধাসমূহ ধ্বংস কৰা আৰু ইয়াৰ ভূখণ্ডৰ পৰা সমৃদ্ধ পাৰমাণৱিক সামগ্ৰী আঁতৰোৱাটো প্ৰয়োজনীয়।

লগতে পঢ়ক: মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত

“যুদ্ধ অব্যাহত আছে”; বুলেটপ্ৰুফ জেকেট পিন্ধি লেবাননত উপস্থিত বেঞ্জামিন নেতান্যাহু

বেঞ্জামিন নেতান্যাহুৱে দক্ষিণ লেবানন ভ্ৰমণৰ সময়ত হিজবুল্লাই সৃষ্টি কৰা ভাবুকি দূৰ কৰা বুলি দাবী কৰে। এই সময়ছোৱাত তেওঁ যুদ্ধ অব্যাহত থাকিব বুলিও সতৰ্কবাণী জাৰি কৰিছিল।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰে দক্ষিণ লেবানন ভ্ৰমণ কৰে আৰু তাতেই তেওঁ ইজৰাইলৰ সৈন্যক সাক্ষাৎ কৰে। বুলেটপ্ৰুফ জেকেট পিন্ধি নেতান্যাহুৱে কয় যে ইজৰাইলৰ সেনাই হিজবুল্লাহৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি নাইকিয়া কৰিছে।

নেতান্যাহুৱে ফ্লেক ভেষ্ট পৰিধান কৰি আছিল, যিটো এক প্ৰকাৰৰ বডি আৰ্মৰ হয়। ইয়াক কম বেগৰ প্ৰজেক্টাইলৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে। নেতান্যাহুৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা প্ৰকাশ পোৱা এটা ভিডিঅ’ত উল্লেখ কৰিছে যে-লেবাননত যুদ্ধ অব্যাহত আছে, ইয়াৰ ভিতৰত লেবাননৰ নিৰাপত্তা অঞ্চলটোও অন্তৰ্ভুক্ত।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজো ইয়াত উপস্থিত আছিল।

নেতান্যাহুৱে আৰু কয় যে, “আমি যিটো দেখিবলৈ পাইছো সেইটোৰ মতে আমি এই নিৰাপত্তা অঞ্চলৰ জৰিয়তে লেবাননৰ পৰা হ’ব পৰা আক্ৰমণৰ ভাবুকি নিষ্ক্ৰিয় কৰিছো।’

লগতে পঢ়ক: “আৰু কোনো জাহাজক অহা-যোৱা কৰিবলৈ দিয়া নহ’ব”; হৰমুজ প্ৰণালী অৱৰোধৰ ঘোষণা আমেৰিকাৰ

লেবাননৰ সৈতে আলোচনাত সন্মত ইজৰাইল;ট্ৰাম্পে নেতান্যাহুক কৰিলে ফোন

ড’নাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতান্যাহুৰ মাজত হোৱা টেলিফোনিক বাৰ্তাৰ পিছত ইজৰাইলে লেবাননৰ সৈতে আলোচনা কৰিবলৈ সন্মত হৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনযোগে কথা পাতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লেবাননত আক্ৰমণ কম কৰাৰ বাবে আবেদন জনাইছে। প্ৰতিবেদন অনুসৰি ট্ৰাম্পে উল্লেখ কৰিছে যে এনে কৰিলে আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধবিৰতি আলোচনা সফল হোৱাত সহায়ক হ’ব।ইফালে নেতান্যাহুৱে লেবাননৰ সৈতে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। দুয়োগৰাকী নেতাৰ মাজত এই কথা-বতৰা এনে এটা সময়ত হৈছে যেতিয়া ইজৰাইলে শেহতীয়াকৈ লেবাননত নতুন আক্ৰমণ চলাইছিল, যাক যুদ্ধবিৰতি চুক্তি উলংঘা বুলি বিবেচিত হৈছে।

মন কৰিবলগীয়া যে মাত্ৰ কেইঘণ্টামানৰ আগতে নেতান্যাহুৱে ৰাজহুৱাভাৱে কৈছিল যে ইজৰাইলে লেবাননত ‘সম্পূৰ্ণ শক্তিৰে’ আক্ৰমণ অব্যাহত ৰাখিব। এই বিবৃতিৰ পিছত বিশ্বৰ উদ্বেগ আৰু অধিক তীব্ৰতৰ হৈ পৰিছিল, বিশেষকৈ যেতিয়া ইৰাণৰ বিষয়াসকলে প্ৰতিশোধৰ সতৰ্কবাণী দিছিল আৰু কয় যে তেওঁলোকে যুদ্ধবিৰতি চুক্তিৰ পৰা আঁতৰি আহিব পাৰে।অৱশ্যে ট্ৰাম্প আৰু নেতান্যাহুৰ মাজত হোৱা আলোচনাৰ পিছত ইজৰাইলে নিজৰ আক্ৰমণ সাময়িকভাৱে বন্ধ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে, যাৰ ফলত অঞ্চলটোত শান্তি আহিব পাৰে।

লগতে পঢ়ক: ‘শীঘ্ৰেই ইৰাণ এৰিব আমেৰিকাই’; যুদ্ধ শেষ কৰাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য

‘ইৰাণৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব একত্ৰিত হ’ব লাগে’; বিশ্বৰ দেশসমূহলৈ নেতান্যাহুৰ ডাঙৰ আহ্বান

নেতান্যাহুৱে আৰাদ ভ্ৰমণ কৰি বিশ্বক সকীয়াই দিয়ে যে ইৰাণৰ ক্ষেপণাস্ত্ৰ এতিয়া ইউৰোপ পৰ্যন্ত পাইছে গৈ। তেওঁ উল্লেখ কৰে যে ইজৰাইল আৰু আমেৰিকাই সমগ্ৰ বিশ্বৰ নিৰাপত্তাৰ বাবে একেলগে যুঁজি আছে।

আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাত দিনক দিনে ক্ৰমান্বয়ে ভয়ংকৰ হৈ পৰিছে।এই উত্তেজনাৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰে ইৰাণৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই।

তেওঁ স্পষ্ট ভাষাৰে কঠোৰ সকীয়নি দিছে যে তেহৰাণৰ ক্ষেপণাস্ত্ৰ এতিয়া কেৱল ইজৰাইলৰ বাবে ভাবুকি নহয়,বৰঞ্চ ইউৰোপ আৰু সমগ্ৰ বিশ্বৰ বাবে তেওঁলোক এক ডাঙৰ ভাবুকি হৈ পৰিছে। এই মন্তব্য তেওঁ দক্ষিণ ইজৰাইলৰ আৰাদ চহৰ পৰিদৰ্শন কৰি দিয়ে,য’ত শনিবাৰে সন্ধিয়া ইৰাণৰ ক্ষেপণাস্ত্ৰই বিধ্বংসী ৰূপ ধাৰণ কৰে।

শেহতীয়াকৈ ডিয়েগো গাৰ্চিয়াৰ ওপৰত হোৱা আক্ৰমণৰ উদ্ধৃতি দি নেতান্যাহুৱে বিশ্ববাসীক সকীয়াই দিয়ে।তেওঁ উল্লেখ কৰে যে ইৰাণে ৪ হাজাৰ কিলোমিটাৰ ষ্ট্ৰাইক ৰেঞ্জৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।নেতান্যাহুৰ মতে, তেওঁ বহুদিনৰ পৰাই দৃঢ়তাৰে কৈছিল যে ইৰাণৰ হাতত এতিয়া ইউৰোপৰ গভীৰতাত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ক্ষমতা আছে।

ইতিমধ্যে চাইপ্ৰাছৰ দৰে ইউৰোপীয় দেশক লক্ষ্য কৰি লৈছে, এতিয়া তেওঁলোকৰ দৃষ্টি সকলোৰে ওপৰত।তেওঁ স্পষ্টভাৱে কয় যে, যোৱা ৪৮ ঘণ্টাত ইৰাণে ইচ্ছাকৃতভাৱে আৱাসিক অঞ্চলসমূহক লক্ষ্য কৰি লৈছে।তেওঁলোকৰ উদ্দেশ্য কেৱল আক্ৰমণ কৰা নহয়,বৰঞ্চ বৃহৎ পৰিসৰৰ নৰসংহাৰ সংঘটিত কৰাৰ ।

নেতান্যাহুৱে দৃঢ়তাৰে কয় যে ইৰাণে সেই স্থানত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল য’ত ইহুদী, খ্ৰীষ্টান, ইছলাম আৰু ইহুদী ধৰ্মৰ তিনিওটা ধৰ্মৰ বাবে ইয়াৰ তাৎপৰ্য অপৰিসীম।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ সংঘাতৰ মাজতে উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; জ্যেষ্ঠ কেবিনেট মন্ত্ৰীও উপস্থিত

‘সময় নষ্ট নকৰাকৈ ইৰাণৰ ওপৰত আৰু ভয়ংকৰ আক্ৰমণ কৰিম’; ইজৰাইলৰ ‘আক্ৰমণ খণ্ড-২’ত অনুমোদন নেতান্যাহুৰ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত ইৰাণৰ জনসাধাৰণক বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান কৰিছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইৰাণৰ জনসাধাৰণক পোনপটীয়াকৈ আবেদন জনাইছে যে, তেওঁলোকে নিজৰ দেশৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিব লাগে।

আমেৰিকা আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুৰ পিছত নেতান্যাহুৱে “বৰ্তমানৰ শাসন ব্যৱস্থাক উফৰাই পেলাবলৈ” গণ প্ৰতিবাদৰ আহ্বান জনাইছে।

শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ পিছত প্ৰকাশ পোৱা এক ভিডিঅ’ বাৰ্তাত নেতান্যাহুৱে কয়  ইজৰাইলৰ সামৰিক অভিযানে ইৰাণৰ শাসন ব্যৱস্থাক দুৰ্বল কৰি তুলিব আৰু জনসাধাৰণক সেই শাসন ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ সুযোগ দিব, যাক তেওঁ ‘সন্ত্রাসবাদী শাসন ব্যৱস্থা’ বুলি অভিহিত কৰিছিল৷

তেওঁ লগতে কয় যে, ‘অনাগত দিনত আমি এই সন্ত্ৰাসবাদী শাসন ব্যৱস্থাৰ হাজাৰ হাজাৰ লক্ষ্যত আক্ৰমণ কৰিম।আমি ইৰাণৰ সাহসী জনসাধাৰণক একনায়কত্ববাদৰ শিকলিৰ পৰা মুক্ত হোৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰিম।সেইবাবেই মই আপোনালোকৰ লগত আকৌ এবাৰ কথা পাতিছো।’

ইৰাণৰ নাগৰিকসকলক সম্বোধন কৰি নেতানিয়াহুৱে এই মুহূৰ্তক ‘বিৰল ঐতিহাসিক সুযোগ’ বুলি অভিহিত কৰে আৰু ৰাইজক মনে মনে নাথাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ‘ইৰাণৰ নাগৰিকসকল, এই সুযোগ হেৰাই যাবলৈ নিদিব।এনে সুযোগ প্ৰতিটো প্ৰজন্মত এবাৰকৈ আহে।মনে মনে বহি নাথাকিবা, আপোনালোকৰ সময় সোনকালে আহি আছে।’

লগতে পঢ়ক: আমেৰিকাৰ যুদ্ধজাহাজ আব্ৰাহাম লিংকনত ইৰাণৰ আক্ৰমণ; বেলেষ্টিক মিছাইল নিক্ষেপ

হঠাতে প্ৰধানমন্ত্ৰী মোদীলৈ কিয় আহিল নেতান্যাহুৰ ফোন ?

বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন আহিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ।

হঠাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন আহিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ। ইয়াৰ মাজতে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক উন্নয়ন সন্দৰ্ভত আলোচনা কৰে।

জানিব পৰা মতে এই কথা-বতৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে গাজাত শীঘ্ৰেই যুদ্ধবিৰতিৰ লক্ষ্যৰে ট্ৰাম্পৰ শান্তি প্ৰস্তাৱ তৎকালীনভাৱে কাৰ্যকৰী কৰাৰ বাবে ভাৰতৰ সম্পূৰ্ণ সমৰ্থনৰ কথা পুনৰবাৰ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু নেতান্যাহুৱে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰে। এই সময়চোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ন্যায্য আৰু স্থায়ী শান্তি লাভৰ প্ৰচেষ্টাৰ বাবে নতুন দিল্লীয়ে পুনৰবাৰ সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰে,ইয়াৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰস্তাৱ কৰা গাজাৰ শান্তি পৰিকল্পনা আগতীয়াকৈ কাৰ্যকৰী কৰাটোও অন্তৰ্ভুক্ত।

তেওঁ সংঘাত সমাধানৰ বাবে আলোচনাৰ আহ্বান জনায়,কূটনীতি আৰু শান্তিপূৰ্ণ উপায় ভাৰতৰ দীৰ্ঘদিনীয়া নীতি হিচাপে আলোকপাত কৰা হৈছিল।

আলোচনাৰ সময়ত দুয়োজন নেতাই সকলো ধৰণৰ সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দিয়ে আৰু সন্ত্ৰাসবাদৰ প্ৰতি তেওঁলোকৰ ভাগ কৰা শূন্য সহনশীলতা নীতি পুনৰবাৰ উল্লেখ কৰে।

বেঞ্জামিন নেতান্যাহুৱে এনে সময়ত প্ৰধানমন্ত্ৰী মোদীক ফোন কৰিছে,যি সময়ত পশ্চিম এছিয়াৰ কিছু অংশত উগ্ৰবাদ আৰু অস্থিৰতাৰ সন্দৰ্ভত বিশ্বব্যাপী উদ্বেগ তুংগত উঠিছে।

দুয়োজন নেতাই আঞ্চলিক পৰিস্থিতিৰ ওপৰত চকু ৰাখি নিৰন্তৰ যোগাযোগ বজাই ৰাখিবলৈ আৰু দ্বিপাক্ষিক সহযোগিতা আগবঢ়াই নিবলৈ সন্মত হয়।

ইয়াৰ সমান্তৰালকৈ তেওঁ দ্ৰুতগতিত পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিৱেশত ভাৰত-ইজৰাইলৰ অংশীদাৰিত্বৰ কৌশলগত গুৰুত্বৰ কথা পুনৰ উল্লেখ কৰে।

ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বৰ গতি অব্যাহত থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু নেতান্যাহুৱে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে সহযোগিতা অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

তেওঁলোকে প্ৰতিৰক্ষা, প্ৰযুক্তি, বাণিজ্য আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে অতিৰিক্ত পথ অন্বেষণ কৰাৰ বিষয়েও আলোচনা কৰে।   

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাৰ, ভাৰতত ১৭.৫ বিলিয়ন ডলাৰৰ বিনিয়োগ ঘোষণা

‘মাত্ৰ এটাতে নহ’ব…’; হুটী আক্ৰমণৰ পিছত নেতান্যাহুৱে দিলে সতৰ্কবাণী

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰে য়েমেনৰ হুটী বিদ্ৰোহীৰ বিৰুদ্ধে কেইবাটাও আক্ৰমণ চলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

ইৰাণ সমৰ্থিত গোটটোৱে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ বেন গুৰিয়ান বিমানবন্দৰৰ সমীপত পৰিল, যিটো দেশৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি হুটীয়ে কয় যে তেওঁলোকে গাজাত পেলেষ্টাইনীসকলৰ সৈতে একলগ হৈ কাম কৰি আছে।

নিজৰ ব্যক্তিগত এক্স একাউণ্টত পোষ্ট কৰা এটা ভিডিঅ’ত বেঞ্জামিন নেতান্যাহুৱে  কয় যে হুটী আক্ৰমণৰ প্ৰতি ইজৰাইলে প্ৰতিশোধ লোৱাটো “এবাৰতেই কৰাৰ” পৰিস্থিতি নহয়, বৰঞ্চ একাধিকবাৰ আক্ৰমণ কৰা হ’ব’।

তেওঁ আৰু কয় যে ‘আমি আমেৰিকাৰ সৈতে সমন্বয়ৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছো।আমি তেওঁলোকৰ বিৰুদ্ধে বিগত সময়ত ব্যৱস্থা লৈছো আৰু ভৱিষ্যতেও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লম।’

হুটীয়ে টেল আভিভৰ মিছাইল আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে তেওঁলোকে গাজাত পেলেষ্টাইনীসকলৰ সৈতে একেলগে কাম কৰি আছে। নেতান্যাহুৱে এতিয়া একাধিকবাৰ আক্ৰমণৰ সতৰ্কবাণী দিছে।

সলনি হ’ল ইজৰাইলৰ আচৰণ; ফিলিস্তিনি বন্দীসকলৰ মুক্তিত নিষেধাজ্ঞা

ইজৰাইলে ফিলিস্তিনি বন্দীসকলৰ মুক্তিত নিষেধাজ্ঞা জাৰি কৰিছে। এই বন্দীসকলক শনিবাৰে হামাচৰ সৈতে হোৱা চুক্তিৰ অধীনত মুকলি কৰাৰ কথা আছিল।বন্দীসকলৰ মুক্তিত পলম হোৱাৰ ফলত যুদ্ধবিৰতি চুক্তিৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ ছাঁ পৰিছে।

ইজৰাইলে কৈছে যে শ শ ফিলিস্তিনি বন্দীক তেতিয়ালৈকে মুকলি কৰি নিদিয়ে যেতিয়া লৈকে গাজাত বন্দী হৈ থকা বন্দীসকলক তেওঁলোকৰ মুক্তি নিশ্চিত কৰা নহয়।

ইজৰাইলে আৰু কয় যে হামাসৰ বন্দীসকলৰ অপমানজনক হস্তান্তৰ বন্ধ কৰক ।দেশৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে এই বিবৃতি জাৰি কৰিছিল যেতিয়া বন্দীসকলক কঢ়িয়াই অনা বাহনখন ‘অফাৰ কাৰাগাৰৰ’ মূল গেটৰ পৰা ওলাই আহি ভিতৰলৈ উভতি গৈছিল।

হামাছে শনিবাৰে ছয়জন ইজৰাইলী বন্দীক মুকলি কৰি দিছিল। তাৰ ঠিক পিছতে, ৬২০ জন ফিলিস্তিনি বন্দীক মুক্তি দিয়াৰ কথা আছিল, কিন্তু এতিয়ালৈকে সেয়া হোৱা নাই।

শনিবাৰে মুকলি কৰা ছয়জন বন্দীৰ ভিতৰত পাঁচজনক মুখাপিন্ধা সন্ত্ৰাসবাদীজনৰ সন্মুখত মঞ্চলৈ অনা হৈছিল, যাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল।

যি ধৰণে বন্দীসকলক হস্তান্তৰ কৰা হৈছিল তাক ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সংগঠনে গৰিহণা দিছে।এই পদ্ধতিটোক ‘ৰেড ক্ৰছ’ আৰু ইজৰাইলে নিষ্ঠুৰ আৰু অপমানজনক বুলি গৰিহণা দিছে।

বন্দীসকলৰ মুক্তিত পলম হোৱাৰ ঘোষণাই যুদ্ধবিৰতি চুক্তিৰ ভৱিষ্যতক লৈ সন্দেহৰ সৃষ্টি কৰিছে।

হামাছে মুকলি কৰা ছয়জন বন্দীৰ ভিতৰত তিনিজন ইজৰাইলী লোক। যাক ২০২৩ চনৰ ৭ অক্টোবৰত নোভা সংগীত উৎসৱৰ সময়ত হামাছৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ পিছতেই বন্দী কৰা হৈছিল।

এই আক্ৰমণৰ পিছত, ইজৰাইলে গাজা ষ্ট্ৰিপত হামাসৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। মুক্তি প্ৰাপ্ত দুজন বন্দীক হামাছে প্ৰায় এক দশক ধৰি বন্দী কৰি ৰাখিছিল।