‘শীঘ্ৰেই ইৰাণ এৰিব আমেৰিকাই’; যুদ্ধ শেষ কৰাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য

‘শীঘ্ৰেই ইৰাণ এৰিব আমেৰিকাই’; যুদ্ধ শেষ কৰাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে আগন্তুক দুই-তিনি সপ্তাহৰ ভিতৰত ইৰাণৰ পৰা আমেৰিকা আঁতৰি যাব।তেওঁ কয় যে যুদ্ধৰ অন্ত পেলাবলৈ ইৰাণৰ সৈতে কোনো চুক্তিৰ প্ৰয়োজন নাই। ইৰাণৰ সৈতে চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ বিবৃতি দিছে।ট্ৰাম্পে স্পষ্ট কৰি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে আগন্তুক দুই-তিনি সপ্তাহৰ ভিতৰত ইৰাণৰ পৰা আমেৰিকা আঁতৰি যাব।তেওঁ কয় যে যুদ্ধৰ অন্ত পেলাবলৈ ইৰাণৰ সৈতে কোনো চুক্তিৰ প্ৰয়োজন নাই।

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ বিবৃতি দিছে।ট্ৰাম্পে স্পষ্ট কৰি দিছে যে অতি সোনকালে আমেৰিকাই ইৰাণৰ পৰা সৈন্য প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।তেওঁ লগতে কয় যে, আমেৰিকাক যুদ্ধৰ অন্ত পেলাবলৈ ইৰাণৰ সৈতে কোনো চুক্তি কৰাৰ প্ৰয়োজন নাই।

ট্ৰাম্পে ঘোষণা কৰিছে যে, আমেৰিকাৰ সেনাই অহা দুই-তিনি সপ্তাহৰ ভিতৰত ইৰাণ এৰিব।ট্ৰাম্পে দাবী উত্থাপন কৰি কয় যে, ইৰাণত ‘শাসন ব্যৱস্থা পৰিৱৰ্তন’ৰ লক্ষ্যত উপনীত হৈছে।সেইবাবেই আমেৰিকাই এতিয়া এই সংঘাতক দীঘলিয়া কৰাৰ পক্ষত নাই।

অৱশ্যে ট্ৰাম্পে চুক্তিৰ চৰ্ত সমূহ আঁতৰাই দিছে,কিন্তু তেওঁ এইটোও ইংগিত দিছে যে যুদ্ধ শেষ হোৱাৰ পূৰ্বে এটা চুক্তি হ’ব পাৰে। যদিও ট্ৰাম্পে যুদ্ধ অতি সোনকালে শেষ কৰাৰ কথা ঘোষণা কৰিছে,কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে এতিয়াও কোনো কথা কোৱা নাই।শেহতীয়াকৈ নেতান্যাহুৱে ইৰাণৰ সৈতে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: ফিলিপাইনছত জৰুৰীকালীন অৱস্থা, পাকিস্তানত স্মাৰ্ট লকডাউন… ইৰাণ যুদ্ধৰ বাবে ভয়াৱহ সংকটত কেইবাখনো দেশ