লেবাননৰ সৈতে আলোচনাত সন্মত ইজৰাইল; ট্ৰাম্পে নেতান্যাহুক কৰিলে ফোন

লেবাননৰ সৈতে আলোচনাত সন্মত ইজৰাইল;ট্ৰাম্পে নেতান্যাহুক কৰিলে ফোন

ড’নাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতান্যাহুৰ মাজত হোৱা টেলিফোনিক বাৰ্তাৰ পিছত ইজৰাইলে লেবাননৰ সৈতে আলোচনা কৰিবলৈ সন্মত হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনযোগে কথা পাতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লেবাননত আক্ৰমণ কম কৰাৰ বাবে আবেদন জনাইছে। প্ৰতিবেদন অনুসৰি ট্ৰাম্পে উল্লেখ কৰিছে যে এনে কৰিলে আমেৰিকা

ড’নাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতান্যাহুৰ মাজত হোৱা টেলিফোনিক বাৰ্তাৰ পিছত ইজৰাইলে লেবাননৰ সৈতে আলোচনা কৰিবলৈ সন্মত হৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ফোনযোগে কথা পাতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লেবাননত আক্ৰমণ কম কৰাৰ বাবে আবেদন জনাইছে। প্ৰতিবেদন অনুসৰি ট্ৰাম্পে উল্লেখ কৰিছে যে এনে কৰিলে আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধবিৰতি আলোচনা সফল হোৱাত সহায়ক হ’ব।ইফালে নেতান্যাহুৱে লেবাননৰ সৈতে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। দুয়োগৰাকী নেতাৰ মাজত এই কথা-বতৰা এনে এটা সময়ত হৈছে যেতিয়া ইজৰাইলে শেহতীয়াকৈ লেবাননত নতুন আক্ৰমণ চলাইছিল, যাক যুদ্ধবিৰতি চুক্তি উলংঘা বুলি বিবেচিত হৈছে।

মন কৰিবলগীয়া যে মাত্ৰ কেইঘণ্টামানৰ আগতে নেতান্যাহুৱে ৰাজহুৱাভাৱে কৈছিল যে ইজৰাইলে লেবাননত ‘সম্পূৰ্ণ শক্তিৰে’ আক্ৰমণ অব্যাহত ৰাখিব। এই বিবৃতিৰ পিছত বিশ্বৰ উদ্বেগ আৰু অধিক তীব্ৰতৰ হৈ পৰিছিল, বিশেষকৈ যেতিয়া ইৰাণৰ বিষয়াসকলে প্ৰতিশোধৰ সতৰ্কবাণী দিছিল আৰু কয় যে তেওঁলোকে যুদ্ধবিৰতি চুক্তিৰ পৰা আঁতৰি আহিব পাৰে।অৱশ্যে ট্ৰাম্প আৰু নেতান্যাহুৰ মাজত হোৱা আলোচনাৰ পিছত ইজৰাইলে নিজৰ আক্ৰমণ সাময়িকভাৱে বন্ধ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে, যাৰ ফলত অঞ্চলটোত শান্তি আহিব পাৰে।

লগতে পঢ়ক: ‘শীঘ্ৰেই ইৰাণ এৰিব আমেৰিকাই’; যুদ্ধ শেষ কৰাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য