“মোৰ আৰু ট্ৰাম্পৰ নীতি একে,ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ নাথাকিব”; নেতান্যাহু

“মোৰ আৰু ট্ৰাম্পৰ নীতি একে,ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ নাথাকিব”; নেতান্যাহু

ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সমৰ্থনৰ শলাগ লয় নেতান্যাহুৱে।নেতান্যাহুৱে কয় যে আমেৰিকা আৰু ইজৰাইলৰ অংশীদাৰিত্ব পূৰ্বতকৈ অধিক শক্তিশালী হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ পিছত ইৰাণ সন্দৰ্ভত এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে মোৰ নীতি

ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সমৰ্থনৰ শলাগ লয় নেতান্যাহুৱে।নেতান্যাহুৱে কয় যে আমেৰিকা আৰু ইজৰাইলৰ অংশীদাৰিত্ব পূৰ্বতকৈ অধিক শক্তিশালী হৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ পিছত ইৰাণ সন্দৰ্ভত এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে মোৰ নীতি আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতি একেই,ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ নাথাকিব। নেতান্যাহুৱে কয় যে কালি দুয়োগৰাকী নেতাৰ মাজত হৰমুজ প্ৰণালী মুকলি কৰাৰ সম্ভাৱ্য চুক্তিৰ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সম্পৰ্কীয় আগন্তুক আলোচনাও হয়।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তথ্য দি নেতান্যাহুৱে কয় ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে তেওঁ ট্ৰাম্পক ধন্যবাদ জনায়। ‘শ্বাগত হাআৰী’ আৰু ‘এপিক ফিউৰি’ৰ দৰে অভিযানৰ উদ্ধৃতি দি তেওঁ কয় যে এই অভিযানসমূহত আমেৰিকা আৰু ইজৰাইলী বাহিনীয়ে ইৰাণৰ ভাবুকিৰ বিৰুদ্ধে একেলগে কাম কৰিছিল।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মতে, দুয়োজন নেতাই এই কথাত একমত যে ইৰাণৰ সৈতে যিকোনো চূড়ান্ত চুক্তি গ্ৰহণযোগ্য হ’ব যদিহে ইয়াৰ পাৰমাণৱিক ভাবুকি সম্পূৰ্ণৰূপে নাইকিয়া হয়। তেওঁ কয় যে, ইয়াৰ বাবে ইৰাণৰ পাৰমাণৱিক সমৃদ্ধিৰ সুবিধাসমূহ ধ্বংস কৰা আৰু ইয়াৰ ভূখণ্ডৰ পৰা সমৃদ্ধ পাৰমাণৱিক সামগ্ৰী আঁতৰোৱাটো প্ৰয়োজনীয়।

লগতে পঢ়ক: মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত