‘আমি এবাৰতে ৪৮ জন ইৰাণৰ নেতাক হত্যা কৰিলোঁ’; ট্ৰাম্পৰ ডাঙৰ দাবী

‘আমি এবাৰতে ৪৮ জন ইৰাণৰ নেতাক হত্যা কৰিলোঁ’; ট্ৰাম্পৰ ডাঙৰ দাবী

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলাই থকা সামৰিক অভিযানৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলাই থকা সামৰিক অভিযান সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ আৰু চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে।ট্ৰাম্পৰ কয় যে, এই যৌথ সামৰিক

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলাই থকা সামৰিক অভিযানৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে।

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলাই থকা সামৰিক অভিযান সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ আৰু চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে।ট্ৰাম্পৰ কয় যে, এই যৌথ সামৰিক আক্ৰমণত ইৰাণৰ ৪৮ গৰাকী শীৰ্ষ নেতাৰ মৃত্যু হৈছে।তেওঁলোকৰ সামৰিক অভিযান আশা কৰাতকৈ অধিক দ্ৰুতগতিত আগবাঢ়িছে।

ট্ৰাম্পে দাবী কৰিছিল যে ইৰাণৰ বিৰুদ্ধে এই অভিযানত ‘এটা ষ্ট্ৰ’কতে ৪৮ জন ইৰাণৰ নেতাক হত্যা কৰা হৈছিল।’ তেওঁ লগতে ইংগিত দিয়ে যে আমেৰিকাই জানে যে এতিয়াও কিমান টাৰ্গেট বাকী আছে।ট্ৰাম্পৰ এই বক্তব্য এনে সময়ত প্ৰকাশ পাইছে যেতিয়া পেন্টাগন আৰু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এই আক্ৰমণৰ পৰিণতিৰ মূল্যায়ন কৰি আছে।

এক সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে কয় ইৰাণৰ সামৰিক শক্তিক লক্ষ্য কৰি চলোৱা এই অভিযান ‘নিৰ্ধাৰিত সময়তকৈ আগত’ চলি আছে।তেহৰানে সৃষ্টি কৰা ভাবুকিৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ কৰা এই পদক্ষেপ আমেৰিকাৰ কৌশলগত পৰিকল্পনা অনুসৰি আগবাঢ়িছে।

লগতে পঢ়ক: ‘সময় নষ্ট নকৰাকৈ ইৰাণৰ ওপৰত আৰু ভয়ংকৰ আক্ৰমণ কৰিম’; ইজৰাইলৰ ‘আক্ৰমণ খণ্ড-২’ত অনুমোদন নেতান্যাহুৰ