প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ… পহলগাম আক্ৰমণ সন্দৰ্ভত আলোচনা

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মঙলবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীৰ বাসভৱন ৭ নং লোক লক্ষ্য মাৰ্গত সাক্ষাৎ কৰে । শেহতীয়াকৈ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতে দিয়া সঁহাৰিৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মঙলবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীৰ বাসভৱন ৭ নং লোক লক্ষ্য মাৰ্গত সাক্ষাৎ কৰে । শেহতীয়াকৈ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতে দিয়া সঁহাৰিৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে এই বৈঠক অনুষ্ঠিত হয় । সংবাদ সংস্থা পি টি আইৰ মতে, এই বৈঠক পহলগাম আক্ৰমণৰ সন্দৰ্ভত আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

যোৱা সপ্তাহত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে প্ৰধানমন্ত্ৰী আৰু আৰ এছ এছৰ মুৰব্বীৰ মাজত এই বৈঠক অনুষ্ঠিত হৈছে । বিগত ২২ এপ্ৰিলত পাহালগামৰ বৈছাৰণত পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ ভাতৃ সংগঠনৰ পাঁচৰ পৰা ৬টা সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱাত ২৬ জন লোকৰ মৃত্যু হয় ।

যোৱা সপ্তাহৰ আৰম্ভণিতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দি ভাগৱতে কেন্দ্ৰীয় চৰকাৰক পহলগাম হত্যাকাণ্ডৰ বাবে দায়ীসকলক কঠোৰ প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছিল । আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কৈছিল, “আমি তীব্ৰ প্ৰতিক্ৰিয়া আশা কৰিছো । মানুহক ধৰ্মৰ বিষয়ে সোধাৰ পিছত হত্যা কৰা হৈছিল । হিন্দুসকলে কেতিয়াও এই কাম নকৰে । আমাৰ হৃদয়ত যন্ত্ৰণা আছে । আমি খঙত আছো ।”

ভাগৱতে কৈছিল যে নিজৰ জনসাধাৰণক ৰক্ষা কৰাটো ৰজাৰ কৰ্তব্য । তেওঁ কয়, “আমি কেতিয়াও ওচৰ-চুবুৰীয়াক অপমান বা ক্ষতি নকৰো । কিন্তু কোনোবাই যদি বেয়া কাম কৰিবলৈ আৰম্ভ কৰে তেন্তে আনটো বিকল্প কি ? ৰজাৰ কৰ্তব্য হ’ল জনসাধাৰণক ৰক্ষা কৰা । ৰজাই নিজৰ কৰ্তব্য পালন কৰিব লাগে । গুণ্ডাক পাঠ শিকোৱাটোও কৰ্তব্যৰ এটা অংশ ।”