এই ৬ খন দেশত কঠোৰভাৱে নিষিদ্ধ বৰদিন উদযাপন ! জানক ইয়াৰ কাৰণ…

আজি ২৫ ডিচেম্বৰত সমগ্ৰ বিশ্ব বৰদিন উদযাপনত নিমগ্ন হৈ পৰিছে । আটক ধুনীয়াকৈ সজাই তোলা হৈছে গীৰ্জাসমূহ । কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গীৰ্জাসমূহ । কিন্তু ইয়াৰ মাজতে পৃথিৱীৰ এনে কিছুমান দেশ আছে য’ত বৰদিন উদযাপন সম্পূৰ্ণ নিষিদ্ধ । বিভিন্ন কাৰণত এই দেশসমূহত বৰদিন উদযাপন

আজি ২৫ ডিচেম্বৰত সমগ্ৰ বিশ্ব বৰদিন উদযাপনত নিমগ্ন হৈ পৰিছে । আটক ধুনীয়াকৈ সজাই তোলা হৈছে গীৰ্জাসমূহ । কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গীৰ্জাসমূহ । কিন্তু ইয়াৰ মাজতে পৃথিৱীৰ এনে কিছুমান দেশ আছে য’ত বৰদিন উদযাপন সম্পূৰ্ণ নিষিদ্ধ । বিভিন্ন কাৰণত এই দেশসমূহত বৰদিন উদযাপন নিষিদ্ধ । জানক কোনবোৰ এই দেশ ।

উত্তৰ কোৰিয়া-

উত্তৰ কোৰিয়াত ধৰ্মীৰ সৈতে জড়িত প্ৰতিটো কাম-কাজ কঠোৰভাৱে নিৰীক্ষণ কৰা হয় আৰু ইয়াত এনেধৰণৰ অনুষ্ঠান নিষিদ্ধ কৰা হয় । এই কাৰণেই উত্তৰ কোৰিয়াত বৰদিন উদযাপন সম্পূৰ্ণ নিষিদ্ধ । নিয়ম ভংগ কৰিলে ইয়াত কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা আছে ।

লিবিয়া-

লিবিয়াতো বৰদিন উদযাপনৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ধৰ্মীয় সংখ্যালঘু আৰু বিদেশী ৰীতি-নীতি নিয়ন্ত্ৰণৰ স্বাৰ্থত ইয়াত তেওঁলোকৰ উৎসৱ পালনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ইয়াৰ বাবে ইয়াত বৰদিন উদযাপন কৰাটোও নিষিদ্ধ কৰা হৈছে ।

তাজিকিস্তান-

তাজিকিস্তানত বৰদিন উদযাপন কৰা কঠোৰভাৱে নিষিদ্ধ । ইয়াত মানুহে বৰদিনৰ দিনা কোনো ৰাজহুৱা উৎসৱ পালন কৰিব নোৱাৰে ।

ভূটান-

ভূটানত কোনো অবৌদ্ধ আৰু অহিন্দু উৎসৱ পালনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ইয়াত সৰ্বাধিক জনসংখ্যা বৌদ্ধ আৰু তাৰ পিছত দ্বিতীয় স্থানত আছে হিন্দু । ইয়াৰ বাহিৰেও মুছলমান আৰু খ্ৰীষ্টান লোকৰ সংখ্যা অতি কম আৰু তেওঁলোকে ধৰ্মীয় স্থান নিৰ্মাণ বা ৰাজহুৱাভাৱে ধৰ্মীয় উৎসৱ পালন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ব্ৰুনেই-

ব্ৰুনেইত ইছলামৰ বাহিৰে আন কোনো ধৰ্মৰ প্ৰচাৰ নিষিদ্ধ হোৱাৰ বাবে বৰদিন পালনতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ব্ৰুনেইৰ চুলতানক পৃথিৱীৰ আটাইতকৈ ধনী লোকসকলৰ ভিতৰত গণ্য কৰা হয় ।

শেহতীয়া প্ৰৱন্ধসমূহ