বৰদিনৰ পুৱা দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত প্ৰধানমন্ত্ৰী মোদী, প্ৰাৰ্থনা সভাত অংশগ্ৰহণ

পবিত্ৰ বৰদিনৰ পুৱাই দিল্লীৰ দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

আজি পবিত্ৰ বৰদিন । এই পবিত্ৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী আৰু উত্তৰ ভাৰতৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ সৈতে দিল্লীৰ কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে । এই প্ৰাৰ্থনা সভাত প্ৰাৰ্থনা, কেৰল, গীত আৰু দিল্লীৰ বিচপ ৰেভাৰেণ্ড ড° পল স্বৰূপৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ বাবে বিশেষ প্ৰাৰ্থনা কৰা হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত শ্বেয়াৰ কৰিলে ফটো-

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “দিল্লীৰ কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত বৰদিনৰ পুৱাৰ সেৱাত অংশগ্ৰহণ কৰো । এই প্ৰাৰ্থনাত প্ৰেম, শান্তি আৰু কৰুণাৰ চিৰন্তন বাৰ্তা প্ৰতিফলিত হৈছিল । মই আশা কৰিছো বৰদিনে আমাৰ সমাজত সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰেৰণা যোগাব ।”

আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে গীৰ্জা ভ্ৰমণ কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “খ্ৰীষ্টমাছে নতুন আশা, প্ৰেম আৰু দয়াৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিব । ইয়াত দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত বৰদিনৰ পুৱাৰ সেৱাৰ কিছু আভাস দিয়া হ’ল ।”

সকলোকে বৰদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে-

ইয়াৰ পূৰ্বে এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “সকলোকে শান্তি, কৰুণা আৰু আশাৰে ভৰা বৰদিনৰ আনন্দ কামনা কৰিলোঁ । যীশু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সমন্বয় শক্তিশালী কৰক ।”

লগতে পঢ়ক : আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী, প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিয়ে কৰিলে স্মৰণ

এই ৬ খন দেশত কঠোৰভাৱে নিষিদ্ধ বৰদিন উদযাপন ! জানক ইয়াৰ কাৰণ…

আজি ২৫ ডিচেম্বৰত সমগ্ৰ বিশ্ব বৰদিন উদযাপনত নিমগ্ন হৈ পৰিছে । আটক ধুনীয়াকৈ সজাই তোলা হৈছে গীৰ্জাসমূহ । কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গীৰ্জাসমূহ । কিন্তু ইয়াৰ মাজতে পৃথিৱীৰ এনে কিছুমান দেশ আছে য’ত বৰদিন উদযাপন সম্পূৰ্ণ নিষিদ্ধ । বিভিন্ন কাৰণত এই দেশসমূহত বৰদিন উদযাপন নিষিদ্ধ । জানক কোনবোৰ এই দেশ ।

উত্তৰ কোৰিয়া-

উত্তৰ কোৰিয়াত ধৰ্মীৰ সৈতে জড়িত প্ৰতিটো কাম-কাজ কঠোৰভাৱে নিৰীক্ষণ কৰা হয় আৰু ইয়াত এনেধৰণৰ অনুষ্ঠান নিষিদ্ধ কৰা হয় । এই কাৰণেই উত্তৰ কোৰিয়াত বৰদিন উদযাপন সম্পূৰ্ণ নিষিদ্ধ । নিয়ম ভংগ কৰিলে ইয়াত কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা আছে ।

লিবিয়া-

লিবিয়াতো বৰদিন উদযাপনৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ধৰ্মীয় সংখ্যালঘু আৰু বিদেশী ৰীতি-নীতি নিয়ন্ত্ৰণৰ স্বাৰ্থত ইয়াত তেওঁলোকৰ উৎসৱ পালনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ইয়াৰ বাবে ইয়াত বৰদিন উদযাপন কৰাটোও নিষিদ্ধ কৰা হৈছে ।

তাজিকিস্তান-

তাজিকিস্তানত বৰদিন উদযাপন কৰা কঠোৰভাৱে নিষিদ্ধ । ইয়াত মানুহে বৰদিনৰ দিনা কোনো ৰাজহুৱা উৎসৱ পালন কৰিব নোৱাৰে ।

ভূটান-

ভূটানত কোনো অবৌদ্ধ আৰু অহিন্দু উৎসৱ পালনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ইয়াত সৰ্বাধিক জনসংখ্যা বৌদ্ধ আৰু তাৰ পিছত দ্বিতীয় স্থানত আছে হিন্দু । ইয়াৰ বাহিৰেও মুছলমান আৰু খ্ৰীষ্টান লোকৰ সংখ্যা অতি কম আৰু তেওঁলোকে ধৰ্মীয় স্থান নিৰ্মাণ বা ৰাজহুৱাভাৱে ধৰ্মীয় উৎসৱ পালন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ব্ৰুনেই-

ব্ৰুনেইত ইছলামৰ বাহিৰে আন কোনো ধৰ্মৰ প্ৰচাৰ নিষিদ্ধ হোৱাৰ বাবে বৰদিন পালনতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ব্ৰুনেইৰ চুলতানক পৃথিৱীৰ আটাইতকৈ ধনী লোকসকলৰ ভিতৰত গণ্য কৰা হয় ।

আজি পবিত্ৰ বৰদিন…জানক ইয়াৰ ধৰ্মীয় আৰু সাংস্কৃতিক তাৎপৰ্য

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আজি উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন । ভাৰতৰ আন আন প্ৰান্তৰ লগতে অসমতো দেখা গৈছে বৰদিনৰ উছাহ । পবিত্ৰ বৰদিন উপলক্ষে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন গীৰ্জাসমূহ আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে । কেৰ’লৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গীৰ্জাঘৰসমূহ । বৰদিনৰ উপলক্ষে কৰা প্ৰস্তুতিয়ে ৰাইজৰ মাজত আনন্দ বিয়পোৱা পৰিলক্ষিত হৈছে ।

এই দিনটোৱে কেৱল ধৰ্মীয় তাৎপৰ্য বহন কৰাই নহয় ই শান্তি, প্ৰেম আৰু ঐক্যৰো প্ৰতীক । বৰদিনৰ দিনা খ্ৰীষ্টমাছ ট্ৰী সজাই তোলাৰ পৰম্পৰাই ইয়াক আৰু অধিক বিশেষ কৰি তোলে । এই পৰম্পৰাই জীৱনত আশা আৰু আনন্দৰ বাৰ্তা দিয়ে ।

বৰদিনৰ গুৰুত্ব-

যীশু খ্ৰীষ্টই মানৱজাতিক পাপৰ পৰা মুক্ত কৰি প্ৰেম, দয়া আৰু সহনশীলতাৰ বাৰ্তা দিবলৈ জন্ম লৈছিল । খ্ৰীষ্টান বিশ্বাস অনুসৰি যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ আৰু তেওঁৰ জীৱন মানৱতাৰ কল্যাণৰ বাবে উৎসৰ্গা কৰা হৈছিল । খ্ৰীষ্টমাছৰ উদ্দেশ্য হৈছে তেওঁৰ যীশু খ্ৰীষ্টৰ শিক্ষাবোৰ মনত ৰখা আৰু সেইবোৰ আমাৰ জীৱনত কাৰ্যকৰী কৰা ।

খ্ৰীষ্টমাছ ট্ৰি সজোৱাৰ পৰম্পৰা-

খ্ৰীষ্টমাছ ট্ৰী সজোৱাৰ পৰম্পৰাৰ ইতিহাস ষোড়শ শতিকাৰ পৰাই আৰম্ভ হয় । এই পৰম্পৰা জাৰ্মানীত আৰম্ভ হৈছিল, য’ত মানুহে চিৰসেউজ গছ আনি শীতকালত তেওঁলোকৰ ঘৰ সজাইছিল । এই গছ শীতকালতো সেউজীয়া হৈ থাকে, যি জীৱন, আশা আৰু ঈশ্বৰৰ চিৰন্তন প্ৰেমৰ প্ৰতীক । শীতকালত, এই পৰম্পৰা সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছিল ।

খ্ৰীষ্টমাছ ট্ৰীৰ সাংকেতিক তাৎপৰ্য-

তৰা আৰু পোহৰ: খ্ৰীষ্টমাছত তৰাবোৰক পোহৰৰ প্ৰতীক বুলি গণ্য কৰা হয় যি আপোনাৰ জীৱনৰ পৰা অন্ধকাৰ আঁতৰ কৰে আৰু জীৱনত উৎসাহ আনি দিয়ে । গছত ৰখা পোহৰ ঈশ্বৰৰ পোহৰৰ প্ৰতীক, যি প্ৰতিটো সমস্যাত পথ প্ৰদৰ্শন কৰে ।

সজ্জা: বৰদিনৰ গছজোপা ৰঙীন বল, ফিটা আৰু ঘণ্টাৰে সজাই তোলা হয় । এই সজ্জাবোৰ সুখ আৰু উদযাপনৰ প্ৰতীক ।

উপহাৰঃ গছৰ তলত ৰখা উপহাৰ প্ৰেম, উদাৰতা আৰু পাৰস্পৰিক মৰমৰ প্ৰতীক । এই পৰম্পৰাই শিশু আৰু পৰিয়ালৰ লোকৰ মাজত বিশেষ আনন্দ কঢ়িয়াই আনে ।

ধৰ্মীয় আৰু সাংস্কৃতিক তাৎপৰ্য-

বৰদিনৰ গছ সজোৱাৰ ধৰ্মীয় আৰু সাংস্কৃতিক তাৎপৰ্য গভীৰ । ই কেৱল যীশু খ্ৰীষ্টৰ জন্মৰ স্মৃতিত নহয়, ই একতা আৰু উদযাপনৰ মাধ্যমো । পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে একেলগে এই পৰম্পৰা পালন কৰে, যাৰ ফলত সম্পৰ্কত ঘনিষ্ঠতা আৰু প্ৰেম বৃদ্ধি পায় । ইয়াৰ বাহিৰেও এই পৰম্পৰাই জীৱনত ইতিবাচকতা বজাই ৰখাৰ বাৰ্তা প্ৰদান কৰে ।

খ্ৰীষ্টমাছৰ বাৰ্তা-

বৰদিন কেৱল উৎসৱ নহয় বৰঞ্চ ই জীৱনত ভালপোৱা, প্ৰেম আৰু মমতা গ্ৰহণ কৰাৰ প্ৰেৰণাৰ উৎস । এই দিনটোৱে আমাক শিকাইছে যে পৰিস্থিতি যিয়েই নহওক কিয়, আমি নিজৰ ভিতৰতে মৰম আৰু দয়াৰ গুণবোৰ বজাই ৰাখিব লাগে । বৰদিনৰ গছ আৰু ইয়াৰ সজ্জা জীৱনৰ আশা, শান্তি আৰু আনন্দৰ প্ৰতীক ।