আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী, প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিয়ে কৰিলে স্মৰণ

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী, প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিয়ে কৰিলে স্মৰণ

আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী । প্ৰওধানমন্ত্ৰী, ৰাষ্ট্ৰপতিকে ধৰি সমগ্ৰ দেশে আজিৰ দিনটোত বাজপেয়ীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে । আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী

আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী । প্ৰওধানমন্ত্ৰী, ৰাষ্ট্ৰপতিকে ধৰি সমগ্ৰ দেশে আজিৰ দিনটোত বাজপেয়ীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ।

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সমগ্ৰ ৰাষ্ট্ৰই ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ অৱদানক স্মৰণ কৰিছে । প্ৰয়াত নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই দিল্লীৰ স্মৃতিসৌধ “সদৈৱ অটল”ত উপস্থিত হয় ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অসংখ্য ৰাজনৈতিক আৰু সামাজিক ব্যক্তি ।

সামাজিক মাধ্যমতো স্মৰণ-

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত অটল বিহাৰী বাজপেয়ীৰ অৱদানক স্মৰণ কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰে । তেওঁ বাজপেয়ীৰ আচৰণ, চিন্তাধাৰা, অদম্য সংকল্পক ৰাজনীতিৰ আদৰ্শ মানদণ্ড বুলি অভিহিত কৰে ।

সংস্কৃত শ্লোকৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বাজপেয়ীৰ জন্ম বাৰ্ষিকী তেওঁৰ ব্যক্তিত্বৰ পৰা প্ৰেৰণা আহৰণৰ এক বিশেষ অনুষ্ঠান । বাজপেয়ীৰ ব্যক্তিত্ব আৰু আচৰণৰ ওপৰতো আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ মতে বাজপেয়ীয়ে সদায় ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰথম স্থান দিছিল ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি কেইবাগৰাকীও বিজেপি নেতাই সদৈৱ অটলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এক্স-চেনেলত ভিডিঅ’ মেছেজ প্ৰকাশ কৰাৰ উপৰিও বাজপেয়ীৰ স্মৃতিত নিৰ্মিত স্মৃতিসৌধ সদৈৱ অটল পৰিদৰ্শন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায় ।

প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু, সদ্য নিযুক্ত বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাকে ধৰি কেইবাগৰাকীও ধৰ্মীয় নেতাই অটল বিহাৰী বাজপেয়ীৰ স্মৃতিসৌধ ‘সদৈৱ অটল’ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : ২৪ গৰাকী বিজ্ঞানীক ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা প্ৰদান, জয়ন্ত নাৰ্লিকাক মৰণোত্তৰভাৱে বিজ্ঞান ৰত্ন বঁটা প্ৰদান

শেহতীয়া প্ৰৱন্ধসমূহ