আজি ছাৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান-বেংগালুৰুৰ যুঁজ… বেটছমেন নে বলাৰ, কোন হ’ব লাভৱান

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আজি ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ২৮ সংখ্যক মেচ । ঘৰুৱা খেলপথাৰত ১৮ সংখ্যক ছিজনৰ এইখন হ’ব ৰাজস্থানৰ প্ৰথমখন মেচ । এই মেচত খেলপথাৰৰ অৱস্থা কেনেকুৱা লগতে জানক ইয়াত আই পি এলৰ অভিলেখ

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আজি ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ২৮ সংখ্যক মেচ । ঘৰুৱা খেলপথাৰত ১৮ সংখ্যক ছিজনৰ এইখন হ’ব ৰাজস্থানৰ প্ৰথমখন মেচ । এই মেচত খেলপথাৰৰ অৱস্থা কেনেকুৱা লগতে জানক ইয়াত আই পি এলৰ অভিলেখ আৰু দুয়োটা দলৰ হেড টু হেড ৰেকৰ্ড ।

এই মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছে ৫ খন মেচ খেলিছে, ইয়াৰে ২ খনত জয় আৰু ৩ খনত পৰাস্ত হৈছে । একে সময়তে ৰজত পাটিদাৰৰ অধিনায়কত্বত থকা আৰ চি বিৰ দলটোৱে একেৰাহে দুখন খেলত জয়লাভ কৰিছিল যদিও তাৰ পাছত দুখনত পৰাজয়ৰো সন্মুখীন হ’বলগীয়া হৈছে । বৰ্তমান ৫ খন মেচৰ ভিতৰত দলটোৱে ৩ খনত জয় আৰু ২ খনত পৰাস্ত হৈছে । পইণ্ট তালিকাত আৰ চি বি আৰু ৰাজস্থান ক্ৰমে ৫ম আৰু ৭ম স্থানত আছে ।

ছাৱাই মানসিং ষ্টেডিয়ামত আই পি এলৰ ৰেকৰ্ড-

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আই পি এলৰ মুঠ ৫৭খন খেল অনুষ্ঠিত হৈছে । প্ৰথম বেটিং কৰা দলটোৱে মাত্ৰ ২০ বাৰহে জয়লাভ কৰাৰ বিপৰীতে প্ৰথমে বলিং কৰা দলটোৱে ৩৭ বাৰ জয়লাভ কৰিছে । টছত জয়ী হোৱা দলটোৱে ইয়াত ৩০ বাৰ আৰু পৰাজিত দলে ২৭ বাৰ মেচত জয়লাভ কৰিছে ।

-ছাৱাই মানসিং ষ্টেডিয়ামত আই পি এলৰ সৰ্বোচ্চ স্ক’ৰঃ ২১৭/৬ (এছ আৰ এইচ বনাম আৰ আৰ)

-আই পি এলত সৰ্বাধিক ব্যক্তিগত স্ক’ৰঃ আৰ চি বিৰ হৈ বিৰাট কোহলী (১১৩ বনাম আৰ আৰ)

-আই পি এলৰ শ্ৰেষ্ঠ স্পেল: আৰ আৰৰ বাবে সোহেইল তনভিৰ (৬/১৪ বনাম চি এছ কে)

-সৰ্বোচ্চ সফল ৰান চেজ: ১৯৯ (আৰ আৰৰ বিৰুদ্ধে জি টি)

ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু হেড টু হেড-

আই পি এলত ৰাজস্থান আৰু বাংগালুৰুৰ মাজত মুঠ ৩২খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে বেংগালুৰুৱে ১৫ বাৰ আৰু ৰাজস্থানে ১৪ বাৰ জয় লাভ কৰিছে । ৰাজস্থানৰ বিৰুদ্ধে আই পি এলৰ সৰ্বোচ্চ স্ক’ৰ ২০০ । বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থানৰ সৰ্বোচ্চ স্ক’ৰ ২১৭ ।

ছাৱাই মানসিং ষ্টেডিয়ামৰ পিটচ ৰিপৰ্ট-

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামৰ খেলপথাৰখন ক’লা মাটিৰে নিৰ্মিত । ইয়াত ৰান সংগ্ৰহ কৰাটো সহজ নহ’ব, অৱশ্যে ইয়াত দ্ৰুত বলাৰসকলক লক্ষ্য কৰি ডাঙৰ স্ক’ৰ লাভ কৰিব পৰা যাব । ইয়াত স্পীনাৰৰ বিৰুদ্ধে খেলাটো কঠিন হ’ব । ইয়াত ১৯০ পৰ্যন্ত স্ক’ৰ প্ৰথমে বেটিং কৰা দলটোৰ বাবে ভাল বুলি গণ্য কৰা হ’ব । টছত জয়ী হোৱাৰ পিছত ইয়াত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্তটো উপযুক্ত হ’ব ।

শেহতীয়া প্ৰৱন্ধসমূহ