কানাডাৰ উপ-প্ৰধানমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডৰ পদত্যাগ, ট্ৰুডো চৰকাৰক তীব্ৰ সমালোচনা…

কানাডাৰ উপ-প্ৰধানমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে সোমবাৰে পদত্যাগ কৰিছে । তেওঁ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোলৈ এখন পত্ৰ প্ৰেৰণ কৰি পদত্যাগ দাখিল কৰিছে । এই পত্ৰখনত ফ্ৰীলেণ্ডে কয় যে যোৱা সপ্তাহত ট্ৰুডোৱে তেওঁক বিত্তমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁক কেবিনেটত আন কিছু ভূমিকাৰ প্ৰস্তাৱ দিছিল ।

কানাডাৰ উপ-প্ৰধানমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে সোমবাৰে পদত্যাগ কৰিছে । তেওঁ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোলৈ এখন পত্ৰ প্ৰেৰণ কৰি পদত্যাগ দাখিল কৰিছে । এই পত্ৰখনত ফ্ৰীলেণ্ডে কয় যে যোৱা সপ্তাহত ট্ৰুডোৱে তেওঁক বিত্তমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁক কেবিনেটত আন কিছু ভূমিকাৰ প্ৰস্তাৱ দিছিল । পদত্যাগত তেওঁ কয় যে মন্ত্ৰীসভা ত্যাগ কৰাটোৱেই একমাত্ৰ সৎ আৰু ব্যৱহাৰিক উপায় ।

ফ্ৰীলেণ্ডে প্ৰধানমন্ত্ৰী ট্ৰুডোলৈ লিখা পত্ৰত কয় যে “শুকুৰবাৰে আপুনি মোক কৈছিল যে আপুনি মোক বিত্তমন্ত্ৰী হিচাপে চাব নিবিচাৰে আৰু মোক কেবিনেটত আন এটা পদ দিবলৈ চেষ্টা কৰিছিল । ভালদৰে বিবেচনা কৰি মই এই সিদ্ধান্তত উপনীত হ’লোঁ যে মোৰ বাবে একমাত্ৰ সৎ আৰু ব্যৱহাৰিক বিকল্প হ’ল কেবিনেটৰ পৰা পদত্যাগ কৰা ।“

ফ্ৰীলেণ্ডে পত্ৰত কানাডা গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰাৰ লগতে আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকিৰ কথাও উল্লেখ কৰে । ফ্ৰীলেণ্ডে লিখিছে যে আমি আমাৰ বিত্তীয় অৱস্থা শক্তিশালী কৰি ৰাখিব লাগিব যাতে আমি সম্ভাৱ্য শুল্ক যুদ্ধৰ বাবে সাজু হ’ব পাৰো ।

ফ্ৰীলেণ্ডে লগতে কয়, আমি প্ৰাদেশিক আঞ্চলিক নেতাসকলৰ সৈতে সততা আৰু নম্ৰতাৰে কাম কৰি এটা প্ৰকৃত কানাডিয়ান দল গঢ়ি তুলিব লাগিব । বৰ্তমান কানাডাৰ ১৩খন প্ৰদেশৰ মুৰব্বীসকল অন্টাৰিঅ’ৰ মুখ্যমন্ত্ৰী ডাগ ফৰ্ডৰ অধ্যক্ষতাত চলি থকা টৰন্টোত অনুষ্ঠিত হোৱা ‘কাউন্সিল অৱ দ্য ফেডাৰেচন’ৰ বৈঠকত অংশগ্ৰহণ কৰিছে ।

পত্ৰত তেওঁ আৰু লিখিছে, চৰকাৰত সেৱা আগবঢ়োৱাৰ সুযোগ পোৱাৰ বাবে মই কৃতজ্ঞ আৰু লিবাৰেল চৰকাৰে কানাডা আৰু কানাডাৰ নাগৰিকৰ বাবে যি কৰিছে তাক লৈ মই সদায় গৌৰৱান্বিত ।

শেহতীয়া প্ৰৱন্ধসমূহ