ইলন মাস্কৰ স্পেচএক্স ষ্টাৰশ্বিপৰ সফল উৎক্ষেপণ...

ইলন মাস্কৰ স্পেচএক্স ষ্টাৰশ্বিপৰ সফল উৎক্ষেপণ… কিন্তু পৃথিৱীলৈ উভতি অহাৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত

স্পেচএক্স ষ্টাৰশ্বিপৰ সফল উৎক্ষেপণ বুধবাৰে পুৱা স্পেচএক্সে নিজৰ ষ্টাৰশ্বিপ ছুপাৰ হেভি ৰকেটৰ নৱম পৰীক্ষামূলক উৎক্ষেপণ কৰে । এই উৎক্ষেপণ দক্ষিণ টেক্সাছৰ বোকা চিকা বীচ্চৰ ওচৰত অৱস্থিত কোম্পানীটোৰ ‘ষ্টাৰবেছ’ লঞ্চ ছাইটৰ পৰা কৰা হৈছিল । ভাৰতীয় সময় অনুসৰি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযানত

স্পেচএক্স ষ্টাৰশ্বিপৰ সফল উৎক্ষেপণ

বুধবাৰে পুৱা স্পেচএক্সে নিজৰ ষ্টাৰশ্বিপ ছুপাৰ হেভি ৰকেটৰ নৱম পৰীক্ষামূলক উৎক্ষেপণ কৰে । এই উৎক্ষেপণ দক্ষিণ টেক্সাছৰ বোকা চিকা বীচ্চৰ ওচৰত অৱস্থিত কোম্পানীটোৰ ‘ষ্টাৰবেছ’ লঞ্চ ছাইটৰ পৰা কৰা হৈছিল । ভাৰতীয় সময় অনুসৰি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযানত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছিল ।

ৰকেটটো সফলভাৱে উৎক্ষেপণ কৰা হয় যদিও উৎক্ষেপণৰ কিছু সময়ৰ পাছত ষ্টাৰশ্বিপে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই । ইয়াৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে স্পেচএক্স ষ্টাৰশ্বিপ ধ্বংস হৈ পৰে । এই সমগ্ৰ পৰীক্ষাটো ১.০৬ ঘণ্টা ধৰি চলিছিল । স্পেচএক্সে নিশ্চিত কৰিছে যে ষ্টাৰশ্বিপৰ ৰকেটটো পৃথিৱীলৈ উভতি অহাৰ সময়তে টুকুৰা টুকুৰ হৈ পৰিছিল । ই ভাৰত মহাসাগৰত অৱতৰণ কৰিবলৈ সাজু হৈ আছিল ।

স্পেচএক্সে কয় যে এই যাত্ৰাত মহাকাশযানখনে এই বছৰৰ তুলনাত অধিক মাইলৰ খুঁটি অতিক্ৰম কৰিছিল যদিও এইবাৰো কিছু সমস্যাৰ সৃষ্টি হৈছিল, যাৰ ফলত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰিকৰী প্ৰদৰ্শনত ব্যাঘাত জন্মিছিল । কি ভুল হ’ল আমি তদন্ত কৰিম । তথাপিও সামগ্ৰিক ফলাফল ভাল হ’ব কাৰণ পূৰ্বৰ দুটা পৰীক্ষা টেক অফৰ ১০ মিনিটতকৈও কম সময়ৰ ভিতৰতে বিফল হৈছিল ।

কি বিশেষ আছিল এই উৎক্ষেপণত ?

এই অভিযানৰ নাম ৰখা হৈছিল ‘ষ্টাৰশ্বিপ ফ্লাইট ৯’ । ইয়াত ছুপাৰ হেভি বুষ্টাৰ আৰু শ্বিপ ৩৫ ব্যৱহাৰ কৰা হৈছিল । ইয়াৰ পূৰ্বেও ছুপাৰ হেভি বুষ্টাৰে ফ্লাইট ৭ৰ উৰণত আছিল আৰু এইটো আছিল ইয়াৰ দ্বিতীয়টো উৎক্ষেপণ । পূৰ্বৰ কিছু উৎক্ষেপণত কাৰিকৰী ত্ৰুটিৰ বাবে অভিযান সফল নহ’ল যদিও এইবাৰৰ উৎক্ষেপণে বহু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিলে ।

ইঞ্জিন, ষ্টেজ পৃথকীকৰণ আৰু উৰণৰ অভিজ্ঞতা-

এই ৰকেটত ৩৩টা ৰেপ্টৰ ইঞ্জিন আছে, ইয়াৰে ২৯টা ইঞ্জিন এই উৰণত সফলতাৰে আৰম্ভ কৰা হৈছিল । ইয়াৰ উপৰিও ষ্টাৰশ্বিপে “হট-ষ্টেজিং” নামৰ এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াও সফলতাৰে সম্পূৰ্ণ কৰে । এইটো হৈছে ষ্টেজ পৃথকীকৰণৰ নতুন কৌশল অৰ্থাৎ প্ৰথম আৰু দ্বিতীয় পৰ্যায় পৃথক কৰা, যিটো ভৱিষ্যতৰ অভিযানত অতি গুৰুত্বপূৰ্ণ হ’ব ।

এই উৰণৰ বাবে স্থানীয় প্ৰশাসনে নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ২৯ মে’লৈকে পথসমূহ বন্ধ কৰি দিছিল । এই অভিযানে আমেৰিকাৰ এফ এ এ (ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন)ৰ পৰা উৰণৰ অনুমতি লাভ কৰিছিল । এফ এ এয়ে ব্ৰিটেইন, টাৰ্কছ এণ্ড কেকোছ দ্বীপপুঞ্জ, বাহামা, মেক্সিকো আৰু কিউবাৰ দৰে দেশৰ সৈতে সমন্বয়ত এই অনুমতি দিছিল, কাৰণ ৰকেটৰ উৰণ এই দেশসমূহৰ ওপৰেৰে পাৰ হৈ যায় । এফ এ এয়ে বিমানৰ বিপদজনক অঞ্চল অৰ্থাৎ উৰণৰ পথত বিপজ্জনক আকাশমাৰ্গৰ সীমা ১৬০০ নটিকেল মাইললৈ বৃদ্ধি কৰিছিল, যাতে কোনো দুৰ্ঘটনা নহয় ।

লগতে পঢ়ক : কঠোৰ ইছৰো… PSLV-C61 মিছন বিফলতাৰ তদন্তৰ বাবে গঠন ৰাষ্ট্ৰীয় সমিতি; আৰম্ভ ৰকেট অডিট

শেহতীয়া প্ৰৱন্ধসমূহ