আজি পৰিয়ালৰ সৈতে ভাৰতলৈ আহিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স; প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গ্ৰহণ কৰিব ৰাতিৰ আহাৰ

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আজি ৪ দিনীয়া ভাৰত ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত হ’ব। পুৱা ৯.৩০ বজাত পালাম এয়াৰবেছত অৱতৰণ কৰিব ভেন্স। পত্নী উষা আৰু তিনিটা সন্তানৰ সৈতে ভাৰত ভ্ৰমণলৈ আহিছে উপ-ৰাষ্ট্ৰপতি ভেন্স।তেওঁক আদৰিবলৈ দিল্লীৰ ৰাজপথত বিশাল হৰ্ডিং লগোৱা হৈছে। দিল্লী পোৱাৰ পিছত প্ৰথমে পৰিয়ালৰ

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আজি ৪ দিনীয়া ভাৰত ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত হ’ব। পুৱা ৯.৩০ বজাত পালাম এয়াৰবেছত অৱতৰণ কৰিব ভেন্স।

পত্নী উষা আৰু তিনিটা সন্তানৰ সৈতে ভাৰত ভ্ৰমণলৈ আহিছে উপ-ৰাষ্ট্ৰপতি ভেন্স।তেওঁক আদৰিবলৈ দিল্লীৰ ৰাজপথত বিশাল হৰ্ডিং লগোৱা হৈছে।

দিল্লী পোৱাৰ পিছত প্ৰথমে পৰিয়ালৰ সৈতে স্বামীনাৰায়ণ অক্ষৰ্ধম মন্দিৰলৈ যাব ভেন্স।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৬.৩০ বজাত প্ৰধানমন্ত্ৰী বাসগৃহত ভ্যান্স আৰু তেওঁৰ পৰিয়ালক আদৰণি জনাব।

আজি প্ৰধানমন্ত্ৰীয়ে জে ডি ভেন্সৰ সন্মানত নিশাৰ আহাৰৰ আয়োজন কৰিছে।ইয়াৰ পিছত দুয়োখন দেশৰ মাজত আনুষ্ঠানিক আলোচনা হ’ব।

এই সময়ছোৱাত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, এন এছ এ অজিত দোভাল,ভাৰতীয় দলৰ সদস্য হ’ব বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাট্ৰা।

ভেন্সৰ সৈতে পাঁচজনীয়া এটা প্ৰতিনিধি দলো আহিব।ভাৰত ভ্ৰমণৰ সময়ত ভেন্সে আগ্ৰা আৰু জয়পুৰতো ভ্ৰমণ কৰিব।

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰু ইয়াৰ আশে-পাশে নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

জে ডি ভেন্সৰ পৰিয়ালৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।ভেন্সৰ পত্নী তথা আমেৰিকাৰ ছেকেণ্ড লেডী উষা ভেন্স ভাৰতীয় মূলৰ।

উষা ভেন্সৰ পিতৃ-মাতৃ অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী আৰু কৃষ্ণ জিলাৰ আছিল যি পিছলৈ আমেৰিকাত বসতি স্থাপন কৰিছিল।

শেহতীয়া প্ৰৱন্ধসমূহ