নীৰজ চোপ্ৰা

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰা; প্ৰথম থ্ৰ’তে যোগ্যতা অৰ্জন

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰা জাপানৰ টকিঅ’ত অনুষ্ঠিত ২০২৫ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ অৰ্হতা ৰাউণ্ডত নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাতে ৮৪.৮৫ থ্ৰ’ৰে অন্তিম ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। বুধবাৰে কোৱালিফাইং ৰাউণ্ডৰ প্ৰথমটো থ্ৰ’ত নীৰজ চোপ্ৰাই এই কৃতিত্ব অৰ্জন কৰে। দৰাচলতে ৮৪.৫০ মিটাৰ কোৱালিফিকেশন মাৰ্ক

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰা

জাপানৰ টকিঅ’ত অনুষ্ঠিত ২০২৫ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ অৰ্হতা ৰাউণ্ডত নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাতে ৮৪.৮৫ থ্ৰ’ৰে অন্তিম ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে।

বুধবাৰে কোৱালিফাইং ৰাউণ্ডৰ প্ৰথমটো থ্ৰ’ত নীৰজ চোপ্ৰাই এই কৃতিত্ব অৰ্জন কৰে। দৰাচলতে ৮৪.৫০ মিটাৰ কোৱালিফিকেশন মাৰ্ক আছিল।

কিন্তু নীৰজে ৮৪.৮৫ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে।কাইলৈ ​​অৰ্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ফাইনেল।য’ত নীৰজ আৰু পাকিস্তানৰ আৰ্ছাদ নদীম মুখামুখি হ’ব পাৰে।

আমোদজনক কথাটো হ’ল, নীৰজৰ বাহিৰে আন কোনো খেলুৱৈয়ে প্ৰথম ৰাউণ্ডত প্ৰত্যক্ষ অৰ্হতা নিশ্চিত কৰিব নোৱাৰিলে।

উল্লেখ্য যে, নীৰজৰ গ্ৰুপত মুঠ ৬ জন খেলুৱৈ আছে।ভাৰতীয় জেভেলিন থ্ৰ’ ছুপাৰষ্টাৰ নীৰজ চোপ্ৰাই এতিয়া বৃহস্পতিবাৰে ফাইনেলত অংশগ্ৰহণ কৰিব।তেওঁ নিজৰ আধিপত্য ৰক্ষাৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।

আপোনালোকক কওঁ যে অৰ্হতা ৰাউণ্ডত নীৰজক ১৯ জনীয়া গ্ৰুপ এত স্থান দিয়া হৈছিল,য’ত আছিল ৱেবাৰ, ৱালকট, ৱেডলছ আৰু শচীন যাদৱ।

ইফালে, গ্ৰুপ বিত আৰ্ছাদ নদীম, পিটাৰ্ছ, য়েগো, দা চিলভা, ৰোহিত যাদৱ, যশবীৰ সিং আৰু শ্ৰীলংকাৰ উদীয়মান খেলুৱৈ ৰমেশ থাৰংগা পাথিৰাগে আছে।৮৪.৫০ মিটাৰৰ সীমা অতিক্ৰম কৰা বা শীৰ্ষ ১২ গৰাকী থ্ৰ’ৱাৰে ফাইনেলত প্ৰৱেশ কৰিব পাৰিব।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ নতুন পৃষ্ঠপোষক হ’ব এপ’ল’ টায়াৰ… ২০২৮ চনৰ মাৰ্চ মাহলৈকে বি চি চি আইৰ সৈতে চুক্তি