কি হয় প্ৰধানমন্ত্ৰী SVAMITVA যোজনা ?

কি হয় প্ৰধানমন্ত্ৰী SVAMITVA যোজনা ? ৬৫ লাখৰো অধিক লোকে আজি লাভ কৰিলে সম্পত্তি কাৰ্ড…

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত ৬৫ লাখ SVAMITVA সম্পত্তি কাৰ্ড (SVAMITVA Property Card) বিতৰণ কৰে । ভাৰ্চুৱেলী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে । তেওঁ কয় যে পাঁচ বছৰ পূৰ্বে আৰম্ভ হোৱা এই আঁচনিৰ অধীনত ২.২৫ কোটি লোকে ঘৰৰ মালিকীস্বত্বৰ

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত ৬৫ লাখ SVAMITVA সম্পত্তি কাৰ্ড (SVAMITVA Property Card) বিতৰণ কৰে । ভাৰ্চুৱেলী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে । তেওঁ কয় যে পাঁচ বছৰ পূৰ্বে আৰম্ভ হোৱা এই আঁচনিৰ অধীনত ২.২৫ কোটি লোকে ঘৰৰ মালিকীস্বত্বৰ আইনী প্ৰমাণ লাভ কৰিছে ।

পূৰ্বে গাঁৱৰ মানুহৰ লাখ লাখ কোটি টকাৰ সম্পত্তি থকাৰ পাছতো ইমান মূল্য নাছিল । কাৰণ তেওঁলোকৰ হাতত কোনো আইনী নথি-পত্ৰ নাছিল । এতিয়া ১০০ লাখ কোটিতকৈও অধিক মূল্যৰ অৰ্থনৈতিক কাম-কাজৰ বাট মুকলি হৈছে ।

২.২৫ কোটি সম্পত্তি কাৰ্ড সাজু-

তেওঁ কয় যে আজিৰ সময়ত গাঁৱৰ অৰ্থনীতি গুৰুত্বপূৰ্ণ । তেওঁ আৰু কয় যে আগতে ঘৰ বা মাটিৰ মালিকীস্বত্বৰ সন্দৰ্ভত বিবাদ হৈছিল । ক্ষমতাশালী লোকসকলে ঘৰ-মাটি নিজৰ দখললৈ নিছিল আৰু কোনো নথি-পত্ৰৰ অভাৱত বেংকবোৰো ৰাইজৰ পৰা আঁতৰি আছিল । এই আঁচনিৰ অধীনত ১২খন ৰাজ্যৰ ২৩০খন জিলাৰ ৫০ হাজাৰৰো অধিক গাঁও অন্তৰ্ভুক্ত কৰা হৈছে । এতিয়ালৈকে প্ৰায় ২.২৫ কোটি সম্পত্তি কাৰ্ড (SVAMITVA Scheme Property Card) ১.৫৩ লাখৰো অধিক গাঁৱৰ বাবে প্ৰস্তুত কৰা হৈছে ।

সম্পত্তি কাৰ্ড আঁচনি কি ?

এইখন কেন্দ্ৰৰ দ্বাৰা পৰিচালিত চৰকাৰী আঁচনি, যিখন আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত ৯খন ৰাজ্যত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিছিল । এই আঁচনিখনত ড্ৰ’ন প্ৰযুক্তিৰ জৰিয়তে মাটিৰ মেপিং আৰু মালিকৰ ৰেকৰ্ড প্ৰস্তুত কৰা হয় । ইয়াৰ পিছত সম্পত্তিৰ মালিকক কাৰ্ড প্ৰদান কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে গাঁওবাসীক সম্পত্তিৰ মালিকীস্বত্ব প্ৰদান কৰা । ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল এতিয়াও এই আঁচনিৰ অধীনত আছে ।

ছিকিম, তেলেংগানা আৰু তামিলনাডু কেৱল পাইলট পৰ্যায়ত আছিল । পশ্চিম বংগ, বিহাৰ, নাগালেণ্ড আৰু মেঘালয়ে এই আঁচনিখনত যোগদান কৰা নাই । এই আঁচনিখন ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড আৰু হাৰিয়ানাত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছে । মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ছত্তীশগড়ৰ লগতে কেইবাটাও কেন্দ্ৰীয় শাসিত অঞ্চলত ড্ৰ’ন জৰীপ সম্পূৰ্ণ কৰা হৈছে । এই আঁচনিৰ অধীনত এখন কাৰ্ড দিয়া হয় য’ত মাটিৰ সম্পূৰ্ণ তথ্য থাকে । এই কাৰ্ডৰ সহায়ত আপুনি সহজেই বেংকৰ ঋণো ল’ব পাৰে ।

এই আঁচনিৰ ৫ টা ডাঙৰ সুবিধা-

-ইয়াৰ মূল উদ্দেশ্য হৈছে সম্পত্তি সম্পৰ্কীয় বিবাদ হ্ৰাস কৰা আৰু মাটিৰ সঠিক ৰেকৰ্ড ৰখা ।

-গাঁওবাসীয়ে ঋণ আৰু আৰ্থিক সুবিধা লাভ কৰিবলৈ নিজৰ সম্পত্তিক আৰ্থিক সম্পত্তি হিচাপে ব্যৱহাৰ কৰিবলৈ সক্ষম কৰা ।

-এই আঁচনিৰ পৰা যি সম্পত্তি কৰ লাভ কৰা হ’ব, সেয়া পঞ্চায়ত বা ৰাজ্যৰ কোষাগাৰত অন্তৰ্ভুক্ত হ’ব ।

-এই আঁচনিৰ অধীনত জি আই এছ মেপিং কৰা হ’ব আৰু আন্তঃগাঁথনি জৰীপ কৰা হ’ব ।

শেহতীয়া প্ৰৱন্ধসমূহ