নিশা বাৰৰ ভিতৰত ভয়ংকৰ ঘটনা; যুৱতীক ধৰ্ষণৰ অপচেষ্টা দুই যুৱকৰ   

তিতাবৰত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে।তিতাবৰ লনি ৰেষ্টুৰেণ্ট কাম বাৰত এক ভয়ঙ্কৰ ঘটনা। এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা গ্ৰাহকৰূপী দুই যুৱকৰ।জানিব পৰা মতে প্ৰথমে যুৱতীক টকাৰ অফাৰ দিয়ে দুই যুৱকে। কিন্তু যুৱতী গৰাকীয়ে সেই টকা গ্ৰহণ কৰিবলৈ অমান্তি হোৱাত যুৱতীগৰাকীক বলপূৰ্বক ভাৱে দুই যুৱকে প্ৰস্বাৱগাৰলৈ টানি

তিতাবৰত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে।তিতাবৰ লনি ৰেষ্টুৰেণ্ট কাম বাৰত এক ভয়ঙ্কৰ ঘটনা। এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা  গ্ৰাহকৰূপী দুই যুৱকৰ।জানিব পৰা মতে প্ৰথমে যুৱতীক টকাৰ অফাৰ দিয়ে দুই যুৱকে।

কিন্তু যুৱতী গৰাকীয়ে সেই টকা গ্ৰহণ কৰিবলৈ অমান্তি হোৱাত যুৱতীগৰাকীক বলপূৰ্বক ভাৱে দুই যুৱকে প্ৰস্বাৱগাৰলৈ টানি নিয়ে।ফলত যুৱতী গৰাকীয়ে চিঞৰ- বাখৰ কৰাত পোহৰলৈ আহে সমগ্র ঘটনা।

পিছত নিজকে আৰক্ষী লোক বুলি পৰিচয় দিয়ে গ্ৰাহক ৰূপী দুই যুৱকে। ঘটনাটো গাপ দিবলৈ চেষ্টা  বাৰৰ কৰ্তৃপক্ষৰ।

ইতিমধ্যে বাৰ খনত যুৱতী গৰাকীক লগত লৈ তিতাবৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সমগ্র ঘটনাই তিতাবৰত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শেহতীয়া প্ৰৱন্ধসমূহ