নৃশংস ; বন্ধুয়েই প্ৰাণ ললে বন্ধুৰ

নিশা তিতাবৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে।বন্ধুৰ কুঠাৰৰ ঘাঁপত নিহত বন্ধু। তিতাবৰ মাধপুৰ খ্ৰীষ্টীয়ান গাঁওত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো। মুনু বৰাৰ কুঠাৰৰ ঘাঁপত থিতাতে নিহত গুদু গগৈ।

গুদু গগৈক হত্যা কৰি পলায়ন কৰে হত্যাকাৰী বন্ধু মুনু বৰাই। পিছত ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে পলাতক হত্যাকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছে।

নিশা বাৰৰ ভিতৰত ভয়ংকৰ ঘটনা; যুৱতীক ধৰ্ষণৰ অপচেষ্টা দুই যুৱকৰ   

তিতাবৰত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে।তিতাবৰ লনি ৰেষ্টুৰেণ্ট কাম বাৰত এক ভয়ঙ্কৰ ঘটনা। এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা  গ্ৰাহকৰূপী দুই যুৱকৰ।জানিব পৰা মতে প্ৰথমে যুৱতীক টকাৰ অফাৰ দিয়ে দুই যুৱকে।

কিন্তু যুৱতী গৰাকীয়ে সেই টকা গ্ৰহণ কৰিবলৈ অমান্তি হোৱাত যুৱতীগৰাকীক বলপূৰ্বক ভাৱে দুই যুৱকে প্ৰস্বাৱগাৰলৈ টানি নিয়ে।ফলত যুৱতী গৰাকীয়ে চিঞৰ- বাখৰ কৰাত পোহৰলৈ আহে সমগ্র ঘটনা।

পিছত নিজকে আৰক্ষী লোক বুলি পৰিচয় দিয়ে গ্ৰাহক ৰূপী দুই যুৱকে। ঘটনাটো গাপ দিবলৈ চেষ্টা  বাৰৰ কৰ্তৃপক্ষৰ।

ইতিমধ্যে বাৰ খনত যুৱতী গৰাকীক লগত লৈ তিতাবৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সমগ্র ঘটনাই তিতাবৰত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ভয়ংকৰ ; মাজৰাস্তাতেই বাগৰিল মিঠাতেল ভৰ্তি ট্ৰাক

তিতাবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিতাবৰৰ ৰাজপথত বাগৰিল মিঠাতেল ভৰ্তি ট্ৰাক।যোৰহাটৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন।

কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই তিতাবৰ খেতিফাৰ্মৰ সমীপৰ পথৰ  কাষৰ পথাৰত বাগৰিল AS03-CC-6439 নম্বৰৰ ট্ৰাক খন। দুৰ্ঘটনাটোত আহত চালক আৰু হেণ্ডিমেন।

পিছত ততাতৈয়াকৈ দুয়োকে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লৈছে।।