পৃথিৱীৰ সৈতে সংঘৰ্ষ নহ’লেও এই গ্ৰহাণুৰ বাবে বিপদত পৰিব চন্দ্ৰ...

পৃথিৱীৰ সৈতে সংঘৰ্ষ নহ’লেও এই গ্ৰহাণুৰ বাবে বিপদত পৰিব চন্দ্ৰ… জেমছ ৱেবৰ অনুসন্ধান

শক্তিশালী জেমছ ৱেব মহাকাশ টেলিস্কোপে (JWST) শেহতীয়াকৈ কুখ্যাত “চিটি-কিলাৰ” গ্ৰহাণু ২০২৪ YR4 দেখা পাইছে । ইয়াৰ মতে ২০৩২ চনৰ ডিচেম্বৰ মাহত বিপদজনকভাৱে পৃথিৱী আৰু চন্দ্ৰৰ ওচৰেৰে পাৰ হ’ব এই গ্ৰহাণু । চিটি কিলাৰৰ বাবে পৃথিৱী নিৰাপদ যদিও চন্দ্ৰ বিপদত পৰিব পাৰে । জেমছ ৱেব টেলিস্কোপে

শক্তিশালী জেমছ ৱেব মহাকাশ টেলিস্কোপে (JWST) শেহতীয়াকৈ কুখ্যাত “চিটি-কিলাৰ” গ্ৰহাণু ২০২৪ YR4 দেখা পাইছে । ইয়াৰ মতে ২০৩২ চনৰ ডিচেম্বৰ মাহত বিপদজনকভাৱে পৃথিৱী আৰু চন্দ্ৰৰ ওচৰেৰে পাৰ হ’ব এই গ্ৰহাণু । চিটি কিলাৰৰ বাবে পৃথিৱী নিৰাপদ যদিও চন্দ্ৰ বিপদত পৰিব পাৰে ।

জেমছ ৱেব টেলিস্কোপে ২০২৪ YR4 পৰ্যবেক্ষণ কৰি ই পূৰ্বতে অনুমান কৰাতকৈ ডাঙৰ আৰু শিলৰ হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে । ভাল খবৰটো হ’ল যে ই এতিয়া পৃথিৱীৰ বাবে ভাবুকি নহয় যদিও চন্দ্ৰৰ সৈতে সংঘৰ্ষৰ সম্ভাৱনা এতিয়াও আছে ।

২০৩২ চনৰ ২২ ডিচেম্বৰত ২০২৪ YR4 ৰ পৃথিৱীৰ সৈতে সংঘৰ্ষ হোৱাটো এতিয়া নুই কৰা হৈছিল যদিও এই সময়ত ইয়াৰ চন্দ্ৰত খুন্দা মৰাৰ সম্ভাৱনা এতিয়াও শূন্য নহয় বুলি গৱেষকসকলে তেওঁলোকৰ প্ৰাৰম্ভিক প্ৰতিবেদনত লিখিছে ।

এই প্ৰভাৱ ৫০০টা হিৰোছিমা বোমাৰ সমতুল্য-

অহা কেইবাবছৰলৈ এই গ্ৰহাণুটো বাহিৰৰ সৌৰজগতত নোহোৱা হোৱাৰ আগতে ২০২৫ চনৰ মে’ মাহত জেমছ ৱেবে ইয়াক পুনৰ পৰ্যবেক্ষণ কৰিব । জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ ডিচেম্বৰ মাহত ২০২৪ YR4 গ্ৰহাণু আৱিষ্কাৰ কৰিছিল । ভূমিভিত্তিক টেলিস্কোপৰ সহায়ত প্ৰাৰম্ভিক পৰ্যবেক্ষণত দেখা গৈছে যে ইয়াৰ ব্যাসৰ প্ৰায় ১৮০ ফুট (৫৫ মিটাৰ) — প্ৰায় পিছাৰ হেলনীয়া টাৱাৰৰ সমান বহল ।

ভয়ৰ বাবে JWSTৰ ব্যৱহাৰ-

এই গ্ৰহাণুৰ পথটোৱে প্ৰায়ে পৃথিৱীৰ পথ অতিক্ৰম কৰে, যাৰ ফলত সংঘৰ্ষৰ সম্ভাৱনা বৃদ্ধি পায় । যদিহে ই আঘাত কৰে তেন্তে ই এখন সম্পূৰ্ণ চহৰ ধ্বংস কৰিব পাৰে, যাৰ শক্তি ৫০০টা হিৰোচিমা বোমাৰ সমতুল্য । গৱেষকসকলে অনুমান কৰিছে যে ২০২৪ YR4ৰ পৃথিৱীৰ সৈতে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা ৩.১% আছিল, যিটো এই আকাৰৰ বস্তুৰ বাবে সৰ্বাধিক সম্ভাৱনা । পিছত নাছাই ইয়াক ০% লৈ হ্ৰাস কৰে । অনিশ্চয়তাৰ মাজতে ই এছ এয়ে জে ডব্লিউ এছ টি ব্যৱহাৰ কৰি এই বিপজ্জনক মহাকাশ শিলটো অধ্যয়ন কৰাৰ সিদ্ধান্ত লয় ।

শেহতীয়া প্ৰৱন্ধসমূহ