সূৰ্য্য নুমাই গ’লে অন্ত পৰিব নেকি সৌৰজগতৰ ? কি হ’ব পৃথিৱীৰ ?  

সূৰ্য্য নুমাই গ’লে অন্ত পৰিব নেকি সৌৰজগতৰ ?

কেতিয়াবা বাৰু আপোনাৰ মনলৈ আহিছেনে যে, সদায় জ্বলি থকা, আমাক পোহৰ দি থকা সূৰ্য্যটো যদি এদিন হঠাৎ নুমাই যায় তেন্তে কি হ’ব ? এই প্ৰশ্নটো আচৰিত যেন লাগে, কিন্তু যদি সঁচায়ে এনেকুৱা হয় তেন্তে সকলো শেষ হৈ যাব নেকি ? পৃথিৱীখন ধ্বংস হৈ যাব নেকি ? মহাকাশত থকা মহাকাশচাৰীসকল জীয়াই থাকিব পাৰিবনে ? লগতে আমাৰ সমগ্ৰ সৌৰজগতখন চিৰদিনৰ বাবে শেষ হৈ যাব নেকি ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ লাইভ চাইন্সৰ এক প্ৰতিবেদনত দিয়া হৈছে, যি জনাৰ পাছত আচৰিত হৈ পৰিব আপুনি ।

সূৰ্য্য কেৱল পোহৰ আৰু তাপ প্ৰদান কৰা নক্ষত্ৰ নহয় । ই সৌৰজগতৰ কেন্দ্ৰ আৰু ইয়াৰ মহাকৰ্ষণ বলে পৃথিৱীকে ধৰি সকলো গ্ৰহকে নিজৰ কক্ষপথত ৰাখে । ৪.৬ বিলিয়ন বছৰ ধৰি সূৰ্য্য জ্বলি আছে আৰু প্ৰায় ৫ বিলিয়ন বছৰ ধৰি সূৰ্য্য জ্বলি থাকিব । কিন্তু এদিন যেতিয়া ইয়াৰ ইন্ধন অৰ্থাৎ হাইড্ৰজেন শেষ হ’ব, তেতিয়া সৌৰজগতৰ ধ্বংস আৰম্ভ হ’ব ।

সূৰ্য্য নুমাই গ’লে কি হ’ব ?

সূৰ্য্য নুমাই যোৱাৰ প্ৰক্ৰিয়া লাহে লাহে আৰম্ভ হ’ব । প্ৰথমে ই ৰঙা দৈত্যলৈ পৰিণত হ’ব আৰু ইয়াৰ পৰিসৰৰ বুধ আৰু শুক্ৰৰ দৰে গ্ৰহ গিলি পেলাব । পৃথিৱীখনো ই গিলি পেলোৱাৰ সম্ভাৱনা আছে । গিলি নেপেলালেও পৃথিৱীৰ পৃষ্ঠৰ পৰা জীৱন নোহোৱা হৈ যাব । গৰম নাথাকিব, পোহৰ নাথাকিব, মাথোঁ বৰফ আৰু আন্ধাৰ বাকী থাকিব ।

তিনিটা স্তৰত হ’ব ধ্বংস-

সূৰ্য্যৰ অবিহনে তাপমাত্ৰা শূণ্যৰ পৰা শ শ ডিগ্ৰী তললৈ নামি যাব । সাগৰবোৰ বৰফ হৈ পৰিব, বতাহ বন্ধ হৈ যাব আৰু জীৱন সম্পূৰ্ণৰূপে ধ্বংস হ’ব ।

মহাকাশচাৰীসকল যিকোনো মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থাকিব । তাত শক্তি আৰু অক্সিজেনৰ অভাৱত তেওঁলোকৰ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব ।

সূৰ্য্যৰ মাধ্যাকৰ্ষণ শক্তি শেষ হোৱাৰ লগে লগে সকলো গ্ৰহ নিজৰ কক্ষপথ এৰি যাব । বিশ্বব্ৰহ্মাণ্ডত সংঘৰ্ষ আৰু টুকুৰা-টুকুৰ বিভাজনৰ পৰিঘটনা বৃদ্ধি পাব ।

ইয়াৰ পিছত কি হ’ব ?

অৱশেষত সূৰ্য্যটো এটা সৰু কিন্তু অতি ঘন আৰু ঠাণ্ডা গোলকলৈ পৰিণত হ’ব । তেতিয়ালৈকে সৌৰজগতখন বৰফৰ কবৰস্থান হৈ পৰিব । যদিও বৃহস্পতিৰ দৰে গেছৰ দৈত্য আৰু অ’ৰ্ট ক্লাউডৰ বস্তুৱে এতিয়াও ইয়াক প্ৰদক্ষিণ কৰিব । কিন্তু জীৱন হৈ পৰিব ইতিহাস ।

জ্যোতিৰ্বিজ্ঞানী এলান ষ্টাৰনৰ মতে এক প্ৰকাৰে এইটোৱেই হৈছে সৌৰজগতৰ অন্ত । কিন্তু তথাপিও কাৰিকৰীভাৱে ই সম্পূৰ্ণৰূপে শেষ নহ’ব কাৰণ বিশ্বব্ৰহ্মাণ্ডত শেষ হোৱাটো কোনো স্থায়ী অৱস্থা নহয়, বৰঞ্চ এক প্ৰক্ৰিয়াহে । যদি আমি কোটি কোটি বছৰ অপেক্ষা কৰো, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ বিৰল পৰিঘটনা যেনে ছুপাৰন’ভা পাৰ হৈ যোৱা, বা আন এটা তৰাৰ মাধ্যাকৰ্ষণ শক্তিয়ে সৌৰজগতখন টুকুৰা টুকুৰ কৰি পেলোৱা ইত্যাদিও সম্ভৱ । কেৱল এয়াই নহয়, একাংশ বিজ্ঞানীৰ মতে এদিন বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ স্থিৰ কণা প্ৰ’টনবোৰো ধ্বংস হ’ব, অৰ্থাৎ সেইবোৰ নিজাববীয়াকৈ ধ্বংস হ’ব ।

মানুহৰ কি হ’ব ?

সত্যটো হ’ল সূৰ্য্যৰ মৃত্যুৰ বহু আগতেই মানুহ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব । হয়তো আমি আন কোনো গ্ৰহত থাকিব পাৰোঁ বা হয়তো আমি একেবাৰেই নাথাকিম । কিন্তু কোনো মানৱ বংশই যদি সেই ঠাণ্ডা অন্ধকাৰ সৌৰজগতলৈ চায় তেন্তে তেওঁলোকে কেৱল ইতিহাসহে দেখিব । দেখা যাব কেৱল জ্বলি থকা সূৰ্য্যৰ ছাই আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা কিছুমান জীয়াই থকা গ্ৰহ ।

লগতে পঢ়ক : জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; শীঘ্ৰেই সাগৰৰ বুকুত ডুব যাব এইখন দেশ !

পৃথিৱীৰ সৈতে সংঘৰ্ষ নহ’লেও এই গ্ৰহাণুৰ বাবে বিপদত পৰিব চন্দ্ৰ… জেমছ ৱেবৰ অনুসন্ধান

শক্তিশালী জেমছ ৱেব মহাকাশ টেলিস্কোপে (JWST) শেহতীয়াকৈ কুখ্যাত “চিটি-কিলাৰ” গ্ৰহাণু ২০২৪ YR4 দেখা পাইছে । ইয়াৰ মতে ২০৩২ চনৰ ডিচেম্বৰ মাহত বিপদজনকভাৱে পৃথিৱী আৰু চন্দ্ৰৰ ওচৰেৰে পাৰ হ’ব এই গ্ৰহাণু । চিটি কিলাৰৰ বাবে পৃথিৱী নিৰাপদ যদিও চন্দ্ৰ বিপদত পৰিব পাৰে ।

জেমছ ৱেব টেলিস্কোপে ২০২৪ YR4 পৰ্যবেক্ষণ কৰি ই পূৰ্বতে অনুমান কৰাতকৈ ডাঙৰ আৰু শিলৰ হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে । ভাল খবৰটো হ’ল যে ই এতিয়া পৃথিৱীৰ বাবে ভাবুকি নহয় যদিও চন্দ্ৰৰ সৈতে সংঘৰ্ষৰ সম্ভাৱনা এতিয়াও আছে ।

২০৩২ চনৰ ২২ ডিচেম্বৰত ২০২৪ YR4 ৰ পৃথিৱীৰ সৈতে সংঘৰ্ষ হোৱাটো এতিয়া নুই কৰা হৈছিল যদিও এই সময়ত ইয়াৰ চন্দ্ৰত খুন্দা মৰাৰ সম্ভাৱনা এতিয়াও শূন্য নহয় বুলি গৱেষকসকলে তেওঁলোকৰ প্ৰাৰম্ভিক প্ৰতিবেদনত লিখিছে ।

এই প্ৰভাৱ ৫০০টা হিৰোছিমা বোমাৰ সমতুল্য-

অহা কেইবাবছৰলৈ এই গ্ৰহাণুটো বাহিৰৰ সৌৰজগতত নোহোৱা হোৱাৰ আগতে ২০২৫ চনৰ মে’ মাহত জেমছ ৱেবে ইয়াক পুনৰ পৰ্যবেক্ষণ কৰিব । জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ ডিচেম্বৰ মাহত ২০২৪ YR4 গ্ৰহাণু আৱিষ্কাৰ কৰিছিল । ভূমিভিত্তিক টেলিস্কোপৰ সহায়ত প্ৰাৰম্ভিক পৰ্যবেক্ষণত দেখা গৈছে যে ইয়াৰ ব্যাসৰ প্ৰায় ১৮০ ফুট (৫৫ মিটাৰ) — প্ৰায় পিছাৰ হেলনীয়া টাৱাৰৰ সমান বহল ।

ভয়ৰ বাবে JWSTৰ ব্যৱহাৰ-

এই গ্ৰহাণুৰ পথটোৱে প্ৰায়ে পৃথিৱীৰ পথ অতিক্ৰম কৰে, যাৰ ফলত সংঘৰ্ষৰ সম্ভাৱনা বৃদ্ধি পায় । যদিহে ই আঘাত কৰে তেন্তে ই এখন সম্পূৰ্ণ চহৰ ধ্বংস কৰিব পাৰে, যাৰ শক্তি ৫০০টা হিৰোচিমা বোমাৰ সমতুল্য । গৱেষকসকলে অনুমান কৰিছে যে ২০২৪ YR4ৰ পৃথিৱীৰ সৈতে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা ৩.১% আছিল, যিটো এই আকাৰৰ বস্তুৰ বাবে সৰ্বাধিক সম্ভাৱনা । পিছত নাছাই ইয়াক ০% লৈ হ্ৰাস কৰে । অনিশ্চয়তাৰ মাজতে ই এছ এয়ে জে ডব্লিউ এছ টি ব্যৱহাৰ কৰি এই বিপজ্জনক মহাকাশ শিলটো অধ্যয়ন কৰাৰ সিদ্ধান্ত লয় ।

পৃথিৱীৰ সেই ৭ খন ঠাই য’ত মানুহ যোৱা নিষিদ্ধ… ক’ৰবাত জীৱনৰ বিপদ, ক’ৰবাত এই কাৰণতে প্ৰৱেশ নিষেধ !

পৃথিৱীত বহুতো মনোৰোম ঠাই আছে । য’ত মানুহে ফুৰিবলৈ যোৱাৰ সপোন দেখে । কিন্তু বিশ্বত এনে কিছুমান ঠাই আছে য’ত মানুহ যোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । কোনো কোনো ঠাইত মানুহৰ জীৱনৰ বিপদ, কোনো কোনো ঠাইত ৰহস্যজনক কাৰণত মানুহৰ প্ৰৱেশ নিষেধ কৰা হৈছে । সাধাৰণ মানুহে যাব নোৱাৰা এই ৭ টা ঠাইৰ বিষয়ে জানক ।

স্বালবার্ড গ্লোবেল চীড ভল্ট (Svalbard Global Seed Vault)-

এই ঠাইখন ‘ডুমছডে ভল্ট’ নামেৰে বিখ্যাত । এইটো এটা বিশাল বীজ ভঁৰাল, য’ত জৰুৰীকালীন পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বৰ শস্যৰ বীজ সুৰক্ষিত ৰখা হয় । নিৰাপত্তাজনিত কাৰণত ইয়ালৈ কেৱল বিজ্ঞানী আৰু কৰ্তৃত্বপ্ৰাপ্ত লোককহে যাবলৈ দিয়া হয় ।

লাচকস্ক গুহা, ফ্ৰান্স (Lascaux Cave)-

ফ্ৰান্সৰ এই গুহা প্ৰাচীন চিত্ৰৰ বাবে বিখ্যাত । ইয়াত ১৭ হাজাৰ বছৰ পুৰণি গুহা চিত্ৰ আছে, যি প্ৰাচীন সভ্যতাৰ এক গুৰুত্বপূৰ্ণ অংশ । পৰ্যটকৰ বাবে এই ছবিবোৰ ক্ষতিগ্ৰস্ত হ’বলৈ ধৰিলে, যাৰ বাবে চৰকাৰে সাধাৰণ জনতাৰ বাবে এই গুহাটো বন্ধ কৰি দিয়ে ।

ভেটিকান চিক্ৰেট আৰ্কাইভ, ভেটিকান চিটি-

এইখন বিশ্বৰ অন্যতম গোপন স্থান । কেথলিক গীৰ্জাৰ সৈতে জড়িত অতি গোপনীয় নথি-পত্ৰ ইয়াত ৰখা হৈছে । বিশেষ গৱেষক আৰু পোপৰ অনুমতি পোৱা লোককহে ইয়ালৈ যাবলৈ দিয়া হয় ।

নৰ্থ চেন্টিনেল আইলেণ্ড, ভাৰত-

আন্দামান-নিকোবৰত অৱস্থিত এই দ্বীপটোত চেণ্টিনেল জনগোষ্ঠীৰ বাসস্থান । এই জনগোষ্ঠীয়ে বাহিৰৰ জগতৰ লগত যোগাযোগ নকৰে আৰু তালৈ যোৱা যিকোনো ব্যক্তিক আক্ৰমণ কৰে । ভাৰত চৰকাৰে এই দ্বীপ ভ্ৰমণত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে ।

কোকা-কোলা ছিক্ৰেট ভল্ট, আমেৰিকা-

কোকা-কোলা কোম্পানীৰ বিখ্যাত গোপন সূত্ৰ বা ফৰ্মূলা আটলাণ্টাৰ উচ্চ নিৰাপত্তাসম্পন্ন ভল্টত সুৰক্ষিত ৰখা হৈছে । এই ভল্টটো ‘ৱৰ্ল্ড অৱ কোকাকোলা’ সংগ্ৰহালয়ত আছে যদিও তাত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নহয় ।

এৰিয়া ৫১, আমেৰিকা-

নেভাদাত অৱস্থিত এই ঠাইখন আমেৰিকাৰ বায়ুসেনাৰ গোপন সামৰিক ঘাটি । কোৱা হয় যে ইয়াত এলিয়েন আৰু ইউ এফ অ’ৰ সৈতে জড়িত গৱেষণা কৰা হয় । এই ঠাইখনৰ আশে-পাশে কঠোৰ নিৰাপত্তা ব্যৱস্থা আছে আৰু কোনো সাধাৰণ মানুহক ইয়ালৈ যাবলৈ দিয়া নহয় ।

স্নেক আইলেণ্ড, ব্রাজিল-

এই দ্বীপটো পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপৰ বাসস্থান । ইয়াত গোল্ডেন লেন্সহেড ভাইপাৰ নামৰ বিষাক্ত সাপ পোৱা যায়, যাৰ বিষে কেইমিনিটমানৰ ভিতৰতে এজন মানুহক মৃত্যু ঘটাব পাৰে । নিৰাপত্তাজনিত কাৰণত ব্ৰাজিল চৰকাৰে তালৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ।

মহাপ্ৰলয়ৰ পৰা মাত্ৰ ৮৯ ছেকেণ্ডৰ দূৰত পৃথিৱী ! ধ্বংসৰ আটাইতকৈ ওচৰ চাপিছে ‘ডুমছডে ঘড়ী’ৰ সময়…

পৰমাণু বিজ্ঞানীসকলে ৭৮ বছৰ পূৰ্বে এক বিশেষ ধৰণৰ ঘড়ী সৃষ্টি কৰিছিল, যাৰ নাম আছিল ‘ডুমছডে ঘড়ী’ (Doomsday Clock) । মানুহে পৃথিৱীখন ধ্বংস কৰাৰ কিমান ওচৰত আছে তাক দেখুৱাবলৈ ই আছিল এক প্ৰতীকী প্ৰয়াস । মঙলবাৰে মাজনিশাৰ পূৰ্বে ঘড়ীটো ৮৯ ছেকেণ্ডলৈ পুনৰ স্থাপন (Reset) কৰা হয় । বুলেটিন অৱ দ্য এটমিক চাইন্টিষ্টৰ মতে, মাজনিশা হ’ল সেই মুহূৰ্ত যেতিয়া পৃথিৱীখন মানুহৰ বাবে বাস কৰিব নোৱাৰা হৈ পৰিব আৰু মহাপ্ৰলয় হ’ব ।

প্ৰথম দুবছৰৰ বাবে বুলেটিনে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ, পাৰমাণৱিক অস্ত্ৰ দৌৰৰ সম্ভাৱনা, গাজাত ইজৰাইল-হামাস সংঘৰ্ষ আৰু জলবায়ু সংকটৰ বাবে মাজনিশাতকৈ ৯০ ছেকেণ্ড আগতে ঘড়ীটো নিৰ্ধাৰণ কৰিছিল । এইদৰে বিজ্ঞানীসকলে ইয়াক ১ ছেকেণ্ড আগুৱাই লৈ গৈছে ।

১৯৪৭ চনত নিৰ্মাণ কৰা হৈছিল প্ৰলয়ৰ ঘড়ী-

চিকাগোস্থিত অ-লাভজনক সংস্থা বুলেটিন অৱ দ্য এটমিক চাইন্টিষ্টে ১৯৪৭ চনত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত শীতল যুদ্ধৰ উত্তেজনাৰ সময়ত এই ঘড়ীটো সৃষ্টি কৰিছিল যাতে ই মানুহক সতৰ্ক কৰি দিয়ে যে মানৱ জাতি বিশ্ব ধ্বংস কৰাৰ কিমান ওচৰত ।

বুলেটিনৰ বিজ্ঞান আৰু নিৰাপত্তাৰ অধ্যক্ষ ডেনিয়েল হোলজে কয় যে ‘আমি ঘড়ীটো মাজনিশাৰ ওচৰত স্থাপন কৰিছো কাৰণ আমি বিশ্বব্যাপী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো, য’ত আছে পাৰমাণৱিক বিপদ, জলবায়ু পৰিৱৰ্তন, জৈৱিক ভাবুকি আৰু কৃত্ৰিম বুদ্ধিমত্তা (এ আই)ৰ দৰে বিঘ্নিতকাৰী প্ৰযুক্তিৰ অগ্ৰগতিকে ধৰি বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ ওপৰত যথেষ্ট, ইতিবাচক প্ৰগতি দেখা নাপাওঁ ।’  তেওঁ কয়, ‘যি দেশসমূহৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে, সেইবোৰে নিজৰ অস্ত্ৰভাণ্ডাৰৰ আকাৰ আৰু ভূমিকা বৃদ্ধি কৰিছে । আমি শ শ কোটি ডলাৰ বিনিয়োগ কৰিছো এনে অস্ত্ৰত যিয়ে সভ্যতাক বহুগুণে ধ্বংস কৰিব পাৰে ।’

প্ৰলয়ৰ ঘড়ী কি ?

মানহাট্টান প্ৰজেক্টৰ কাম কৰা বিজ্ঞানীসকলৰ এটা দলে বুলেটিন অৱ দ্য এটমিক চাইন্টিষ্টছ প্ৰতিষ্ঠা কৰিছিল । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাৰমাণৱিক বোমা নিৰ্মাণৰ বাবে মানহাট্টান প্ৰজেক্টৰ সৃষ্টি কৰা হৈছিল । প্ৰথমে এই সংস্থাটোৰ কল্পনা কৰা হৈছিল পাৰমাণৱিক ভাবুকি জুখিবলৈ যদিও ২০০৭ চনত ইয়াৰ গণনাত জলবায়ু পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ।

বুলেটিনৰ বিজ্ঞান আৰু নিৰাপত্তা ব’ৰ্ডৰ বিশেষজ্ঞসকলে ইয়াৰ পৃষ্ঠপোষক ব’ৰ্ডৰ সৈতে আলোচনা কৰি প্ৰতি বছৰে প্ৰলয়ৰ ঘড়ী নিৰ্ধাৰণ কৰে । ১৯৪৮ চনৰ ডিচেম্বৰ মাহত এলবাৰ্ট আইনষ্টাইনে প্ৰথমবাৰৰ বাবে এই ব’ৰ্ড গঠন কৰিছিল আৰু ইয়াৰ প্ৰথম অধ্যক্ষ আছিল জে ৰবাৰ্ট অপেনহাইমাৰ । বৰ্তমান এই ব’ৰ্ডত আছে ৯ জন নোবেল বঁটা বিজয়ী, কেইবাজনো পদাৰ্থ বিজ্ঞান, শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰৰ ।