Microsoft

পাকিস্তানক মোক্ষম আঘাত; Microsoft এ বন্ধ কৰিলে ব্যৱসায়

Microsoft এ বন্ধ কৰিলে ব্যৱসায় বিশ্বৰ অন্যতম বৃহৎ আৰু পুৰণি টেক কোম্পানী Microsoft এ পাকিস্তানত বন্ধ কৰি দিছে সকলো ব্যৱসায় ।প্ৰায় ২৫ বছৰ পূৰ্বে আৰম্ভ হোৱা এই কোম্পানীটোৱে এতিয়া পাকিস্তানৰ পৰা নিজৰ তালি-টোপোলা বান্ধিছে। বিল গেটছৰ কোম্পানীটোয়ে পাকিস্তানৰ অৰ্থনৈতিক বিকাশত ডাঙৰ অৱদান আগবঢ়াইছে।কোম্পানীটোৰ ব্যৱসায় বন্ধ

Microsoft এ বন্ধ কৰিলে ব্যৱসায়

বিশ্বৰ অন্যতম বৃহৎ আৰু পুৰণি টেক কোম্পানী Microsoft এ পাকিস্তানত বন্ধ কৰি দিছে সকলো ব্যৱসায় ।প্ৰায় ২৫ বছৰ পূৰ্বে আৰম্ভ হোৱা এই কোম্পানীটোৱে এতিয়া পাকিস্তানৰ পৰা নিজৰ তালি-টোপোলা বান্ধিছে।

বিল গেটছৰ কোম্পানীটোয়ে পাকিস্তানৰ অৰ্থনৈতিক বিকাশত ডাঙৰ অৱদান আগবঢ়াইছে।কোম্পানীটোৰ ব্যৱসায় বন্ধ হোৱাৰ পিছত পাকিস্তান অধিক দৰিদ্ৰ হৈ পৰিব। পাকিস্তানৰ মুৰব্বী জাভেদ ৰেহমানে মাইক্ৰ’ছফ্টক এটা যুগৰ অন্ত বুলি অভিহিত কৰিছে।

২৫ বছৰৰ পাছত বন্ধ কৰিলে ব্যৱসায়

২০০০ চনৰ ৭ মাৰ্চৰ পৰা পাকিস্তানত Microsoft এ কাম আৰম্ভ কৰিছিল।আৰু ২০২৫ চনৰ ৩ জুলাই বৃহস্পতিবাৰে কোম্পানীটোৱে আনুষ্ঠানিকভাৱে পাকিস্তানত ব্যৱসায় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

যদিও মাইক্ৰ’ছফটে পাকিস্তানত নিজৰ কাম-কাজ বন্ধ কৰাৰ কাৰণ আনুষ্ঠানিকভাৱে উল্লেখ কৰা নাই, কিন্তু উদ্যোগ বিশেষজ্ঞসকলে সেই কথা বিশ্বাস কৰে যে টেক কোম্পানীয়ে পাকিস্তানক অৰ্থনৈতিক অস্থিৰতাৰ দেশ হিচাপে লয় আৰু ইয়াৰ ব্যৱসায়িক অৱস্থা অতি বেয়া।

অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতা

পাকিস্তানৰ মুদ্ৰাৰ অস্থিৰতা, উচ্চ কৰ, টেক হাৰ্ডৱেৰৰ বাবে যোগান শৃংখলৰ সমস্যা, আৰু সঘনাই চৰকাৰৰ পৰিৱৰ্তনৰ বাবে টেক কোম্পানীটোৱে দেশখনৰ পৰা ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ বাহিৰেও পাকিস্তানত স্থানীয় প্ৰতিভাৰ অভাৱ, যাৰ বাবে কোম্পানীটোৱে তাত কাম কৰাত বহু অসুবিধাৰ সন্মুখীন হৈছিল।

ৰাজনৈতিক আৰু অৰ্থনৈতিক আস্থাৰ অভাৱত মাইক্ৰ’ছফটে পাকিস্তানৰ পৰা ব্যৱসায় প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক: ৰাছিয়াই উৎক্ষেপণ কৰিলে বিশাল ছয়ুজ ২.১এ ৰকেট; ৫০ ঘণ্টাত কৰিব ISS ৰ যাত্ৰা