এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল ঘোষণা

এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল ঘোষণা… সূৰ্যকুমাৰক দলৰ অধিনায়কৰ দায়িত্ব

এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল ঘোষণা অপেক্ষাৰ অন্তত এছিয়া কাপৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । দলটোৰ অধিনায়কত্ব সূৰ্যকুমাৰ যাদৱৰ হাতত অৰ্পণ কৰা হৈছে । মুখ্য নিৰ্বাচক অজিত আগৰকাৰে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ সৈতে বৈঠকত মিলিত হৈ মঙলবাৰে (১৯ আগষ্ট)

এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল ঘোষণা

অপেক্ষাৰ অন্তত এছিয়া কাপৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । দলটোৰ অধিনায়কত্ব সূৰ্যকুমাৰ যাদৱৰ হাতত অৰ্পণ কৰা হৈছে । মুখ্য নিৰ্বাচক অজিত আগৰকাৰে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ সৈতে বৈঠকত মিলিত হৈ মঙলবাৰে (১৯ আগষ্ট) দল ঘোষণা কৰে । টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এছিয়া  কাপত শুভমন গীলক উপ-অধিনায়কত্ব প্ৰদান কৰা হৈছে ।

একে সময়তে ইংলেণ্ড ভ্ৰমণত দুৰ্দান্ত প্ৰদৰ্শন কৰা মহম্মদ ছিৰাজক দলৰ পৰা বাদ দিয়া হৈছে । ইংলেণ্ডৰ বিৰুদ্ধে ৫খন খেলৰ টেষ্ট শৃংখলাত ছিৰাজে ২৩টা উইকেট দখল কৰিছিল ।

এছিয়া কাপ ২০২৫ৰ বাবে দলত কোনে কোনো লাভ কৰিলে স্থান ?

দলৰ অধিনায়ক হিচাপে থাকিব সূৰ্যকুমাৰ যাদৱে । শীৰ্ষ ক্ৰমত খেলিব তিলক বাৰ্মা আৰু অভিষেক শৰ্মাই । অভিষেক শৰ্মাই ইনিংছ মুকলি কৰিব, তিলক বাৰ্মা আৰু সূৰ্য্যকুমাৰে ক্ৰমে তিনি আৰু চাৰি নম্বৰত বেটিং কৰিব । শুভমন গীলেও দলত স্থান লাভ কৰিছে, গতিকে তেওঁ কোনটো স্থানত খেলিব সেয়া হ’ব লক্ষ্যণীয় ।

সঞ্জু চেমছন আৰু জিতেশ শৰ্মাই উইকেটকীপাৰ বেটছমেন হিচাপে এছিয়া কাপৰ দলত স্থান লাভ কৰিছে । অভিষেক শৰ্মাৰ সৈতে অ’পেনিং কৰা দেখা যাব সঞ্জু চেমছনক । সঞ্জু চেমছনৰ বেকআপ হিচাপে জিতেশ দলৰ অংশ ।

ফাষ্ট বলিঙৰ নেতৃত্ব লব যশপ্ৰীত বুমৰাহে । ইয়াৰ উপৰিও অৰ্শদীপ সিঙেও দলত স্থান লাভ কৰিছে । তৃতীয় বিশেষজ্ঞ বেগী বলাৰ হিচাপে অগ্ৰাধিকাৰ লাভ কৰিছে হৰ্ষিত ৰাণাই । প্ৰসিদ্ধ কৃষ্ণ আৰু মহম্মদ ছিৰাজ নিৰ্বাচনৰ দৌৰত নামিছিল যদিও সুযোগ লাভত ব্যৰ্থ হয় ।

মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে অল ৰাউণ্ডাৰৰ পোষকতা কৰি আহিছে । এনে পৰিস্থিতিত হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে আৰু অক্ষৰ পেটেলে অল ৰাউণ্ডাৰ হিচাপে দলত স্থান লাভ কৰিছে । হাৰ্দিক আৰু শিৱম বেটিং অল ৰাউণ্ডাৰ ।

এছিয়া কাপৰ বাবে ভাৰতীয় দল-

সূৰ্যকুমাৰ যাদৱ, শুবমান গীল, অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, কুলদীপ যাদৱ, সঞ্জু চেমছন, হৰ্ষিত ৰাণা, ৰিংকু সিং, যশপ্ৰীত বুমৰাহ ।

ষ্টেণ্ডবাইঃ প্ৰসিদ্ধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, যশস্বী জয়ছোৱাল ।

দলত স্থান নাপালে এইসকল তাৰকাই-

শ্ৰেয়াছ আয়াৰ, যশস্বী জয়ছোৱাল, ৰবি বিষ্ণোই আৰু ৱাশ্বিংটন সুন্দৰ ।

কেতিয়া অনুষ্ঠিত হ’ব এছিয়া কাপ, জানক ভাৰতৰ সূচী-

৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ ক্ৰিকেট প্ৰতিযোগিতা । ২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই টুৰ্ণামেন্ট । ভাৰতীয় দলটোৱে এছিয়া কাপত পাকিস্তান, ওমান আৰু ইউ এ ইৰ সৈতে গ্ৰুপ এত স্থান লাভ কৰিছে । টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগা এছিয়া কাপ এইবাৰ সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আবুধাবি আৰু ডুবাইৰ দুখন চহৰত অনুষ্ঠিত হ’ব ।

গ্ৰুপ বিত শ্ৰীলংকা, বাংলাদেশ, হংকং আৰু আফগানিস্তান আছে । ১০ ছেপ্টেম্বৰত ডুবাইত ইউ এ ইৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ভাৰতীয় দলে । দলটোৰ পৰৱৰ্তী মেচ ১৪ ছেপ্টেম্বৰত ডুবাইত পাকিস্তানৰ বিৰুদ্ধে । ভাৰতীয় দলটোৱে ১৯ ছেপ্টেম্বৰত আবুধাবিত ওমানৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল খেলিব । এছিয়া কাপত দুয়োটা গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছুপাৰ-৪ পৰ্যায়ত প্ৰৱেশ কৰিব । তাৰ পিছত ছুপাৰ-৪ পৰ্যায়ৰ শীৰ্ষ ২ দলৰ মাজত খিতাপৰ মেচ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : ৪ আই চি চি ট্ৰফী, ২৭ হাজাৰ ৰান… আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৭ বছৰ সম্পূৰ্ণ কিং কোহলীৰ

শেহতীয়া প্ৰৱন্ধসমূহ