এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল ঘোষণা… সূৰ্যকুমাৰক দলৰ অধিনায়কৰ দায়িত্ব

এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল ঘোষণা

অপেক্ষাৰ অন্তত এছিয়া কাপৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । দলটোৰ অধিনায়কত্ব সূৰ্যকুমাৰ যাদৱৰ হাতত অৰ্পণ কৰা হৈছে । মুখ্য নিৰ্বাচক অজিত আগৰকাৰে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াৰ সৈতে বৈঠকত মিলিত হৈ মঙলবাৰে (১৯ আগষ্ট) দল ঘোষণা কৰে । টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এছিয়া  কাপত শুভমন গীলক উপ-অধিনায়কত্ব প্ৰদান কৰা হৈছে ।

একে সময়তে ইংলেণ্ড ভ্ৰমণত দুৰ্দান্ত প্ৰদৰ্শন কৰা মহম্মদ ছিৰাজক দলৰ পৰা বাদ দিয়া হৈছে । ইংলেণ্ডৰ বিৰুদ্ধে ৫খন খেলৰ টেষ্ট শৃংখলাত ছিৰাজে ২৩টা উইকেট দখল কৰিছিল ।

এছিয়া কাপ ২০২৫ৰ বাবে দলত কোনে কোনো লাভ কৰিলে স্থান ?

দলৰ অধিনায়ক হিচাপে থাকিব সূৰ্যকুমাৰ যাদৱে । শীৰ্ষ ক্ৰমত খেলিব তিলক বাৰ্মা আৰু অভিষেক শৰ্মাই । অভিষেক শৰ্মাই ইনিংছ মুকলি কৰিব, তিলক বাৰ্মা আৰু সূৰ্য্যকুমাৰে ক্ৰমে তিনি আৰু চাৰি নম্বৰত বেটিং কৰিব । শুভমন গীলেও দলত স্থান লাভ কৰিছে, গতিকে তেওঁ কোনটো স্থানত খেলিব সেয়া হ’ব লক্ষ্যণীয় ।

সঞ্জু চেমছন আৰু জিতেশ শৰ্মাই উইকেটকীপাৰ বেটছমেন হিচাপে এছিয়া কাপৰ দলত স্থান লাভ কৰিছে । অভিষেক শৰ্মাৰ সৈতে অ’পেনিং কৰা দেখা যাব সঞ্জু চেমছনক । সঞ্জু চেমছনৰ বেকআপ হিচাপে জিতেশ দলৰ অংশ ।

ফাষ্ট বলিঙৰ নেতৃত্ব লব যশপ্ৰীত বুমৰাহে । ইয়াৰ উপৰিও অৰ্শদীপ সিঙেও দলত স্থান লাভ কৰিছে । তৃতীয় বিশেষজ্ঞ বেগী বলাৰ হিচাপে অগ্ৰাধিকাৰ লাভ কৰিছে হৰ্ষিত ৰাণাই । প্ৰসিদ্ধ কৃষ্ণ আৰু মহম্মদ ছিৰাজ নিৰ্বাচনৰ দৌৰত নামিছিল যদিও সুযোগ লাভত ব্যৰ্থ হয় ।

মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে অল ৰাউণ্ডাৰৰ পোষকতা কৰি আহিছে । এনে পৰিস্থিতিত হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে আৰু অক্ষৰ পেটেলে অল ৰাউণ্ডাৰ হিচাপে দলত স্থান লাভ কৰিছে । হাৰ্দিক আৰু শিৱম বেটিং অল ৰাউণ্ডাৰ ।

এছিয়া কাপৰ বাবে ভাৰতীয় দল-

সূৰ্যকুমাৰ যাদৱ, শুবমান গীল, অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, কুলদীপ যাদৱ, সঞ্জু চেমছন, হৰ্ষিত ৰাণা, ৰিংকু সিং, যশপ্ৰীত বুমৰাহ ।

ষ্টেণ্ডবাইঃ প্ৰসিদ্ধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, যশস্বী জয়ছোৱাল ।

দলত স্থান নাপালে এইসকল তাৰকাই-

শ্ৰেয়াছ আয়াৰ, যশস্বী জয়ছোৱাল, ৰবি বিষ্ণোই আৰু ৱাশ্বিংটন সুন্দৰ ।

কেতিয়া অনুষ্ঠিত হ’ব এছিয়া কাপ, জানক ভাৰতৰ সূচী-

৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ ক্ৰিকেট প্ৰতিযোগিতা । ২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই টুৰ্ণামেন্ট । ভাৰতীয় দলটোৱে এছিয়া কাপত পাকিস্তান, ওমান আৰু ইউ এ ইৰ সৈতে গ্ৰুপ এত স্থান লাভ কৰিছে । টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগা এছিয়া কাপ এইবাৰ সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আবুধাবি আৰু ডুবাইৰ দুখন চহৰত অনুষ্ঠিত হ’ব ।

গ্ৰুপ বিত শ্ৰীলংকা, বাংলাদেশ, হংকং আৰু আফগানিস্তান আছে । ১০ ছেপ্টেম্বৰত ডুবাইত ইউ এ ইৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ভাৰতীয় দলে । দলটোৰ পৰৱৰ্তী মেচ ১৪ ছেপ্টেম্বৰত ডুবাইত পাকিস্তানৰ বিৰুদ্ধে । ভাৰতীয় দলটোৱে ১৯ ছেপ্টেম্বৰত আবুধাবিত ওমানৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল খেলিব । এছিয়া কাপত দুয়োটা গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছুপাৰ-৪ পৰ্যায়ত প্ৰৱেশ কৰিব । তাৰ পিছত ছুপাৰ-৪ পৰ্যায়ৰ শীৰ্ষ ২ দলৰ মাজত খিতাপৰ মেচ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : ৪ আই চি চি ট্ৰফী, ২৭ হাজাৰ ৰান… আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৭ বছৰ সম্পূৰ্ণ কিং কোহলীৰ

এছিয়া কাপ ২০২৫ৰ নতুন তাৰিখ প্ৰকাশ ! এই স্থানত হ’ব পাৰে ভাৰত-পাকিস্তানৰ মেচ

এছিয়া কাপ ২০২৫ৰ নতুন তাৰিখ প্ৰকাশ

এছিয়া কাপক লৈ দীৰ্ঘদিনীয়া অনিশ্চয়তা এতিয়া লাহে লাহে আশালৈ পৰিণত হৈছে । ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে সমস্যাত পৰা এই প্ৰতিযোগিতাখনে এতিয়া ইতিবাচক সংকেত লাভ কৰিবলৈ সক্ষম হৈছে । বৰ্তমান কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও অহা সপ্তাহত এছিয়ান ক্ৰিকেট পৰিষদে আনুষ্ঠানিক সিদ্ধান্ত ল’ব পাৰে বুলি ইংগিত পোৱা গৈছে । ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি জুলাই মাহৰ প্ৰথম সপ্তাহত এছিয়া কাপ ২০২৫ৰ সূচী ঘোষণা হোৱাৰ সম্ভাৱনা আছে ।

১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পাৰে প্ৰতিযোগিতা-

যদি সকলো পৰিকল্পনা অনুসৰি হয় তেন্তে টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা অৰ্থাৎ ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পাৰে । এইবাৰো ছটা দল – ভাৰত, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু ইউ এ ইয়ে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত । প্ৰচাৰমূলক কামকাজো আৰম্ভ হৈছে ।

আয়োজকৰ ক্ষেত্ৰত আগবাঢ়ি আছে ইউ এ ই-

এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে ইউ এ ইয়েই আগবাঢ়ি আছে । অৱশ্যে হাইব্ৰিড মডেলৰ বিষয়েও আলোচনা কৰা হৈছে, য’ত বিভিন্ন দেশত কিছুমান মেচ খেলিব পৰা যাব পাৰে । এইবাৰ ভাৰতক আয়োজক দেশ হিচাপে ঘোষণা কৰা হৈছে যদিও এ চি চিয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে যে যেতিয়া ভাৰত বা পাকিস্তানে আতিথ্য লাভ কৰিব তেতিয়া প্ৰতিযোগিতাখন নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব, যাতে ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত কোনো প্ৰভাৱ নপৰে ।

এপ্ৰিল মাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এছিয়া কাপক লৈ সংকট গভীৰ হৈ পৰে, তাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অভিযান সিন্দুৰ আৰম্ভ কৰে । ইয়াৰ ফলত প্ৰতিযোগিতাখনৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হয় । ভাৰতৰ বহুতে পাকিস্তান বৰ্জনৰ দাবী উত্থাপন কৰে । যিয়েই নহওক, ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক শৃংখলা খেলা নহয় ।

অৱশ্যে শেহতীয়াকৈ আই চি চিয়ে দুখন ডাঙৰ মহিলা প্ৰতিযোগিতাৰ সূচী ঘোষণা কৰিছে । মহিলাৰ এদিনীয়া বিশ্বকাপ (ভাৰত আৰু শ্ৰীলংকাত) আৰু মহিলা টি-২০ বিশ্বকাপ (ইংলেণ্ডত) অনুষ্ঠিত হ’ব । এই দুয়োখন প্ৰতিযোগিতাতে ভাৰত-পাকিস্তানৰ খেলৰ দিন ধাৰ্য কৰা হৈছে । এখন ৫ অক্টোবৰত কলম্বোত আৰু আনখন ১৪ জুনত ইংলেণ্ডৰ এডগবাষ্টনত অনুষ্ঠিত হ’ব ।

ভাৰত-পাকিস্তানৰ মেচ ক্ৰিকেট জগতত সৰ্বাধিক ৰাজহ আহৰণকাৰী । যদিও বি চি চি আই তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল নহয়, তথাপিও আই চি চি, এ চি চি আৰু অন্যান্য সদস্য ব’ৰ্ডৰ আৰ্থিক স্বাস্থ্যৰ বাবে এই মেচসমূহ অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : কুলদীপ যাদৱ হ’ব নেকি শুভমান গীলৰ ট্ৰাম্প কাৰ্ড? প্লেয়িং একাদশত থাকিব কোন?