বিপদ বাঢ়িছে অ’ৰীৰ; বৈষ্ণো দেৱীৰ ওচৰৰ হোটেলত সুৰাপান কৰাৰ বাবে গোচৰ ৰুজু, হ’ব পাৰে গ্ৰেপ্তাৰ

বলীউডৰ চ’ছালাইট আৰু ছচিয়েল মিডিয়াৰ ইনফ্লুয়েন্সাৰ অ’ৰী ওৰফে ওৰহান আৱত্ৰামণি এইবাৰ বিপদত পৰিছে। বৈষ্ণো দেৱী তীৰ্থযাত্ৰাৰ বেছ কেম্প কাটৰাৰ এখন হোটেলত সুৰাপান কৰাৰ বাবে অৰীকে ধৰি ৮ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আইন অনুসৰি, কাটৰাত সুৰা বিক্ৰী, লগত ৰখা আৰু সেৱন কঠোৰভাৱে নিষিদ্ধ।

বলীউডৰ চ’ছালাইট আৰু ছচিয়েল মিডিয়াৰ ইনফ্লুয়েন্সাৰ অ’ৰী ওৰফে ওৰহান আৱত্ৰামণি এইবাৰ বিপদত পৰিছে।

বৈষ্ণো দেৱী তীৰ্থযাত্ৰাৰ বেছ কেম্প কাটৰাৰ এখন হোটেলত সুৰাপান কৰাৰ বাবে অৰীকে ধৰি ৮ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

আইন অনুসৰি, কাটৰাত সুৰা বিক্ৰী, লগত ৰখা আৰু সেৱন কঠোৰভাৱে নিষিদ্ধ। আৰক্ষীয়ে সোমবাৰে এই তথ্য প্ৰদান কৰিছিল।

এই গোটেই বিষয়টোত অৰিয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া দিয়া নাই।দৰাচলতে ১৫ মাৰ্চত অৰিৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

য’ত এখন ব্যক্তিগত হোটেলত তেওঁৰ সঙ্গীসকলৰ সৈতে পাৰ্টি কৰা দেখা গৈছিল।এই ফটোখনত সুৰাৰ এটা বটলো দেখা পোৱা গৈছিল।অ’ৰীৰ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত, তেওঁ ট্ৰলিংৰ সন্মুখীন হৈছে।

জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে তেওঁলোকৰ বিবৃতিত কৈছিল যে ‘দেশৰ আইন উলংঘা কৰাৰ’ বাবে ৮ জন ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

ইয়াৰ বাবে এটা দলো গঠন কৰা হৈছে যিয়ে তেওঁলোকক ‘মানুহৰ অনুভূতিক আঘাত কৰাৰ’ বাবে গ্ৰেপ্তাৰ কৰিব।

কাটৰা আৰক্ষীয়ে ১৫ মাৰ্চত এটা অভিযোগ পাইছিল যে এখন হোটেলত থকা কিছুমান অতিথিয়ে তাৰ  নিয়ম উলংঘা কৰি সুৰাপান কৰা দেখা গৈছিল।তাৰ পিছত এই ৮ জন ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।

এজন আৰক্ষী বিষয়াই অভিযোগটো উল্লেখ কৰি কৈছে যে তেওঁলোকক ইতিমধ্যে জনোৱা হৈছিল যে মাতা বৈষ্ণো দেৱী মন্দিৰৰ ওচৰত থকাৰ বাবে হোটেল চৌহদত সুৰাপান কৰা আৰু আমিষ খাদ্য গ্ৰহণ কৰাৰ অনুমতি নাই।

তেওঁ লগতে কয়, “বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি ৰিয়াচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পৰমবীৰ সিঙে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে।

যাতে মানুহে বুজি পাই যে মানুহৰ অনুভূতিক আঘাত কৰা ধৰ্মীয় স্থানত এনে কোনো কাৰ্যকলাপ সহ্য কৰা নহ’ব।

শেহতীয়া প্ৰৱন্ধসমূহ