ডিচেম্বৰ মাহৰ আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত যশপ্ৰীত বুমৰাহ...

ডিচেম্বৰ মাহৰ আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত যশপ্ৰীত বুমৰাহ…

ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহক আই চি চিৰ ডিচেম্বৰ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰাৰ বিপৰীতে মহিলা শাখাত বিজয়ী হৈছে অষ্ট্ৰেলিয়াৰ এনাবেল ছাথাৰলেণ্ড । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল বুমৰাহ আৰু ৯টা ইনিংছত ৩২টা উইকেটৰে সৰ্বাধিক সফল বলাৰ আছিল

ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহক আই চি চিৰ ডিচেম্বৰ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰাৰ বিপৰীতে মহিলা শাখাত বিজয়ী হৈছে অষ্ট্ৰেলিয়াৰ এনাবেল ছাথাৰলেণ্ড । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল বুমৰাহ আৰু ৯টা ইনিংছত ৩২টা উইকেটৰে সৰ্বাধিক সফল বলাৰ আছিল তেওঁ । এই সময়ছোৱাত বুমৰাহে তিনিবাৰকৈ এটা ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰে ।

উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে বুমৰাহক ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয় । এই শৃংখলাত ১-৩ ব্যৱধানত পৰাস্ত হয় ভাৰত, কিন্তু বুমৰাহে বঁটা লাভ কৰিবলৈ সক্ষম হয় । বুমৰাহৰ লগতে মনোনয়ন তালিকাত পেট কামিন্স আৰু দক্ষিণ আফ্ৰিকাৰ ডেন পেটাৰছন আছিল যদিও এই ভাৰতীয় বেগী বলাৰগৰাকীয়ে সকলোকে পিছ পেলাই এই বঁটা লাভ কৰে । এইবাৰ দ্বিতীয়বাৰৰ বাবে আই চি চিৰ পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে বুমৰাহ ।

ব্ৰডাৰ-গাভাস্কাৰ ট্ৰফীত প্ৰভাৱ বিস্তাৰ-

এডিলেইডত খেলা দিবা নৈশ টেষ্টৰ প্ৰথম ইনিংছত চাৰিটা উইকেট দখল কৰি বুমৰাহে ভাৰতক পুনৰ খেলখনলৈ আনিছিল যদিও বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দলটো মেচখনত পৰাস্ত হৈছিল । ব্রিছবেনত খেলা তৃতীয় টেষ্টৰ মেচখনত প্রথম ইনিংছত ৬টা আৰু ৯টা উইকেট দখল কৰি ভাৰতক মেচখন ড্ৰ’ কৰাত সহায় কৰে তেওঁ ৷ ইয়াৰ পিছতে মেলবৰ্ণত অনুষ্ঠিত বক্সিং ডে’ টেষ্ট মেচখনৰ প্ৰথম ইনিংছত ৪টা আৰু দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰে বুমৰাহে । বেগী বলাৰগৰাকীৰ শক্তিশালী প্ৰদৰ্শনৰ পিছতো এই টেষ্টত ভাৰত ১৮৪ ৰানত পৰাস্ত হয় । এই সময়ছোৱাত তেওঁ টেষ্ট ক্ৰিকেটত গড়ে ২০তকৈ কম গড়ে ২০০ উইকেট সম্পূৰ্ণ কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় ।

ভাৰত-নিউজীলেণ্ডৰ বিৰুদ্ধে ছাথাৰলেণ্ডৰ প্ৰভাৱ-

আনহাতে, স্মৃতি মান্ধানা আৰু ননকুলুলেকো ম্লাবাক এৰি মহিলা শাখাত ছাথাৰলেণ্ডে জয়লাভ কৰে এই খিতাপ । শেহতীয়াকৈ ভাৰত আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে । ভাৰতৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত ছাথাৰলেণ্ডে ৯৫টা বলত ১১০ ৰান সংগ্ৰহ কৰি শতক অৰ্জন কৰে । ইয়াৰ উপৰিও তেওঁ ছিৰিজত ৬টা উইকেটো দখল কৰে । ইয়াৰ পাছতে নিউজীলেণ্ডৰ বিৰুদ্ধে ছাথাৰলেণ্ডে নিজৰ ফৰ্ম বজাই ৰাখি শতক অৰ্জন কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ