‘মাৰ্চ ২০২৬ৰ পিছত ইতিহাসত পৰিণত হ’ব নক্সালবাদ’...

‘মাৰ্চ ২০২৬ৰ পিছত ইতিহাসত পৰিণত হ’ব নক্সালবাদ’… ৫০ নক্সালবাদীৰ আত্মসমৰ্পণ সন্দৰ্ভত অমিত শ্বাহৰ মন্তব্য

নক্সালবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ মাজতে দেওবাৰে বিজাপুৰত ৫০টা নক্সালবাদীয়ে আত্মসমৰ্পণ কৰি হিংসাৰ পথ এৰি দিয়া বুলি বাতৰি প্ৰকাশ পাইছে । এই তথ্য কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰদান কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৫০ জন নক্সালবাদীয়ে আত্মসমৰ্পণৰ সিদ্ধান্তক আদৰণি জনাই কয় যে এই

নক্সালবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ মাজতে দেওবাৰে বিজাপুৰত ৫০টা নক্সালবাদীয়ে আত্মসমৰ্পণ কৰি হিংসাৰ পথ এৰি দিয়া বুলি বাতৰি প্ৰকাশ পাইছে । এই তথ্য কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰদান কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৫০ জন নক্সালবাদীয়ে আত্মসমৰ্পণৰ সিদ্ধান্তক আদৰণি জনাই কয় যে এই সকলোকে পুনৰ সংস্থাপন কৰি মূলসুঁতিৰ সৈতে একত্ৰিত কৰা হ’ব । লগতে চৰকাৰৰ এই দায়বদ্ধতাক পুনৰ উল্লেখ কৰি ২০২৬ চনৰ ৩১ মাৰ্চৰ পিছত দেশত নক্সালবাদ ইতিহাসত পৰিণত হ’ব বুলিও কয় ।

৫০ জন নক্সালবাদীৰ আত্মসমৰ্পণৰ তথ্য দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে লিখিছে, ‘বিজাপুৰ (ছত্তীশগড়)ত ৫০ জন নক্সালবাদীয়ে হিংসাৰ পথ ত্যাগ কৰি আত্মসমৰ্পণ কৰাটো অতি আনন্দৰ বিষয় । যিসকলে হিংসা আৰু অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি উন্নয়নৰ মূলসুঁতিত যোগদান কৰিছে তেওঁলোকক মই আদৰণি জনাইছো । প্ৰধানমন্ত্ৰী মোদীৰ নীতি স্পষ্ট যে যি কোনো নক্সালবাদীয়ে অস্ত্ৰ ত্যাগ কৰি উন্নয়নৰ পথ গ্ৰহণ কৰিব তেওঁক পুনৰ সংস্থাপন কৰি মূলসুঁতিৰ সৈতে সংযুক্ত কৰা হ’ব ।‘

দেশত ইতিহাসত পৰিণত হ’ব নক্সালবাদ-

গৃহমন্ত্ৰীগৰাকীয়ে আন নক্সালবাদীসকলক হিংসাৰ পথ ত্যাগ কৰিবলৈ আহ্বান জনাই আৰু লগতে কয় যে, ‘মই আকৌ এবাৰ বাকীসকলক অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিত যোগদান কৰিবলৈ আহ্বান জনাইছো । ২০২৬ চনৰ ৩১ মাৰ্চৰ পিছত নক্সালবাদ দেশত কেৱল ইতিহাস হৈ পৰিব বুলি আমাৰ সংকল্প ।‘

চি আৰ পি এফৰ সন্মুখত আত্মসমৰ্পণ-

ছত্তীশগড়ৰ বিজাপুৰ জিলাত দেওবাৰে আত্মসমৰ্পণ কৰে পঞ্চাশজন নক্সালবাদীয়ে । ইয়াৰে ১৪জনৰ ওপৰত মুঠ ৬৮ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল । ৰাজ্যৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ উচ্চপদস্থ বিষয়াৰ সন্মুখত তেওঁলোকে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰা বুলি কয় ।

‘৬ নক্সালবাদীৰ ওপৰত ৮ লাখ টকাকৈ পুৰস্কাৰ আছিল’-

যাদৱে কয়, ‘আত্মসমৰ্পণ কৰা ৫০ জন লোকৰ ভিতৰত ছজনৰ মূৰত ৮ লাখ টকাকৈ পুৰস্কাৰ আছিল, আনহাতে তিনিজনৰ মূৰত ৫ লাখ টকাকৈ পুৰস্কাৰ আছিল । পাঁচজনৰ ওপৰত ১লাখকৈ পুৰস্কাৰ ঘোষণা কৰা আছিল । চি আৰ পি এফ আৰু ইয়াৰ বিশেষ ইউনিট কোব্ৰা (কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচন)য়ে তেওঁলোৰ আত্মসমৰ্পণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ