শীতকালত আপুনিও খায় নেকি ৪-৫ কাপ চাহ ?  তেন্তে জানক বেছিকৈ চাহ খোৱাৰ লোকচানসমূহ

একাপ গৰম চাহে শীতকালত সকাহ হিচাপে কাম কৰে । পুৱা সাৰ পোৱাৰ পৰা দিনটোৰ ভাগৰ মচি আতঁৰোৱালৈকে, চাহ আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে অত্যাধিক চাহ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে ? বিশেষজ্ঞসকলে কয় যে

একাপ গৰম চাহে শীতকালত সকাহ হিচাপে কাম কৰে । পুৱা সাৰ পোৱাৰ পৰা দিনটোৰ ভাগৰ মচি আতঁৰোৱালৈকে, চাহ আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে অত্যাধিক চাহ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক হ’ব পাৰে ?

বিশেষজ্ঞসকলে কয় যে দিনটোত ৪-৫ কাপ বা তাতকৈ অধিক চাহ খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে । অত্যধিক চাহ খালে আমাৰ শৰীৰত কি পৰিৱৰ্তন হ’ব পাৰে জানো আহক ।

অত্যাধিক চাহ খোৱাৰ লোকচান-

কেফেইনৰ অত্যধিক সেৱন-

চাহত কেফেইন থাকে, যিয়ে সীমিত পৰিমাণত শক্তি আৰু ধ্যান-ধাৰণা প্ৰদান কৰাত সহায় কৰে । কিন্তু অত্যধিক পৰিমাণৰ কেফেইন সেৱন কৰিলে অনিদ্ৰা, অস্থিৰতা আৰু হৃদস্পন্দন বৃদ্ধি হ’ব পাৰে ।

পাচনতন্ত্ৰৰ ওপৰত প্ৰভাৱ-

খালী পেটত বা সঘনাই চাহ খালে পেটত এচিড বৃদ্ধি পায়, যাৰ ফলত পেটৰ বিষ, এচিডিটি আৰু গেছৰ সমস্যা হ’ব পাৰে । কিছুমান ক্ষেত্ৰত ইয়াৰ ফলত আলচাৰো হ’ব পাৰে ।

আইৰণৰ অভাৱ-

চাহত টেনিক এচিড পোৱা যায়, যাৰ ফলত শৰীৰত আইৰণৰ শোষণ হ্ৰাস পায় । বিশেষকৈ যিসকলে ইতিমধ্যে ৰক্তহীনতা বা তেজৰ অভাৱত ভুগি আছে তেওঁলোকৰ বাবে বেছিকৈ চাহ খোৱাটো বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে ।

হাড়ৰ ওপৰত বেয়া প্ৰভাৱ-

বেছিকৈ চাহ খালে শৰীৰত কেলচিয়ামৰ পৰিমাণ কমি যায়, যাৰ ফলত হাড় দুৰ্বল হৈ পৰে । দীৰ্ঘদিন এনেদৰে কৰিলে অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পায় ।

চাহ খোৱাৰ সঠিক উপায়-

বিশেষজ্ঞসকলৰ মতে দিনটোত ২-৩ কাপ চাহ খোৱাটো উপযুক্ত । ইয়াৰ বাহিৰেও চাহ খোৱাৰ সময়টোও গুৰুত্বপূৰ্ণ । খালী পেটত চাহ খোৱাৰ পৰা বিৰত থাকিব আৰু খোৱাৰ লগে লগে চাহ খাব নালাগে ।

কি কি বিকল্প থাকিব পাৰে ?

যদি চাহ খোৱাৰ অভ্যাস আছে আৰু কম কৰিব বিচাৰে তেন্তে আদা, সেউজীয়া চাহ বা গৰম পানীৰ সৈতে বনৌষধি চাহৰ বিকল্প বাছি ল’ব পাৰে । এইবোৰে আপোনাৰ স্বাস্থ্য বজাই ৰখাই নহয়, ঠাণ্ডা বতৰতো আপোনাক উষ্ণতা প্ৰদান কৰিব ।

শেহতীয়া প্ৰৱন্ধসমূহ