শীতৰ সময়ত কেনেকৈ ল’ব চুলিৰ যতন? ঘৰতে কৰক এই কাম
শীতৰ সময়ত কেনেকৈ ল’ব চুলিৰ যতন?
শীতৰ এই সময়ছোৱাত আমাৰ ছাল-চুলি আদিৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে ৷ শীতৰ এই সময়ছোৱাত জলবায়ুত আদ্ৰতাৰ কম থকাৰ বাবে চুলিকোছা শুকান, অনুজ্বল হোৱাৰ লগতেই বহুতৰে চুলিসৰা সমস্যাও হোৱা দেখা যায় ৷
এই ঋতুত প্ৰ’টিন, ভিটামিন আৰু মিনাৰেলযুক্ত আহাৰ খোৱাটো খুবেই আৱশ্যক । কেৱল শীতৰ সময়ছোৱাতে নহয় , সকলো সময়তে সুষম খাদ্যভ্যাসে আপোনাৰ চুলিকোছাৰ সঠিক যতন ল’ব আৰু আপোনাৰ চুলিকোছা প্ৰাণবন্ত কৰি তুলিব ।
বহু সময়ত এই সময়ছোৱাত নিয়মিত চেম্পু কৰাৰ অভাৱত, পৰিষ্কাৰ কৰি নৰখাৰ বাবে চুলিকোছাত উফি হয় আৰু চুলি সৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়৷ এই সময়ছোৱাত ঘৰুৱা পদ্ধতিৰে আপোনাৰ চুলিৰ যতন ল’ব পাৰে ৷
ইয়াৰ বাবে আপোনালোকক লাগিব মেথি গুটি ৷ মেথি গুটিত যিহেতু প্ৰ’টিন, পটেছিয়াম আৰু আইৰ থাকে ৷ এমুঠি মান মেথিগুটি ৰাতি পানীত তিয়াই থব ৷
পিছদিনা তিয়াই থোৱা সেই মেথি গুটিৰে এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব ৷ মিশ্ৰণটোত অকমান নাৰিকলৰ তেল মিহলাই লব ৷
তাৰ পিছত এই মিশ্ৰণটো ভালদৰে চুলিৰ গুৰিত লগাই, আঙুলিৰে ভালদৰে মালিচ কৰি দিব ৷ যদিহে চুলি সৰা সমস্যা আছে তেন্তে মালিচ নকৰিব ৷ এনেদৰে আধা ঘণ্টা ৰখাৰ পাছত ভালদৰে পানীৰে ধুই দিব ৷
এনেদৰে প্ৰতি সপ্তাহত এবাৰকৈও যদি কৰে তেন্তে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হ’ব ৷ লগতে চুলিৰ উফিৰ সমস্যা দূৰ হোৱাৰ লগতে চুলিকোছা উজ্জ্বল হ’ব ৷
চুলিৰ স্বাভাৱিক বৃদ্ধি ধৰি ৰাখিবলৈ প্ৰ’টিনযুক্ত খাদ্য খুবেই আৱশ্যক। কাৰণ চুলিৰ শ্ৰীবৃদ্ধি প্ৰ’টিনৰ ওপৰতেই নিৰ্ভৰ কৰে ।
যিহেতু প্ৰ’টিনৰ অভাৱত চুলি সৰা , ৰুক্ষ হোৱা আদি অনেক সমস্যাই দেখা দিব পাৰে । গতিকে এই সময়ছোৱাত কণী, গাখীৰ,মাছ, মাংস প্ৰচুৰ পৰিমাণে খাব লাগে । এই খাদ্যসম্ভাৰতে এই সকলো পুষ্টি পোৱা যায় ।
(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)