শীতকালত কেনেকৈ ল’ব ছালৰ যতন; এতিয়াই কৰক এই কাম

শীতকালত কেনেকৈ ল’ব ছালৰ যতন? এতিয়াই কৰক এই কাম

শীতকালত কেনেকৈ ল’ব ছালৰ যতন ? এতিয়া লাহে লাহে বতৰ সলনি হৈ আহিছে। ৰাতিপুৱা আৰু সন্ধিয়াৰ সময়ত ঠাণ্ডা লাগিবলৈ আৰম্ভ কৰিছে। স্বাস্থ্যৰ উপৰিও বতৰ সলনিৰ প্ৰভাৱ ছালত দেখা যায়। ঠাণ্ডা বতৰত ছাল শুকাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ ছালৰ যত্ন কেনেদৰে ল’ব? এই সময়ত

শীতকালত কেনেকৈ ল’ব ছালৰ যতন ?

এতিয়া লাহে লাহে বতৰ সলনি হৈ আহিছে। ৰাতিপুৱা আৰু সন্ধিয়াৰ সময়ত ঠাণ্ডা লাগিবলৈ আৰম্ভ কৰিছে। স্বাস্থ্যৰ উপৰিও বতৰ সলনিৰ প্ৰভাৱ ছালত দেখা যায়।

ঠাণ্ডা বতৰত ছাল শুকাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ ছালৰ যত্ন কেনেদৰে ল’ব?

এই সময়ত ছাল শুকান হোৱাটো সাধাৰণ কথা। যিসকলৰ শুকান ছাল, এই বতৰত সমস্যা অধিক বৃদ্ধি হয়।

এই সময়ত ছালৰ যত্ন ল’বলৈ আপুনি এই কথাবোৰ মনত ৰাখিব লাগিব। যথেষ্ট পৰিমাণে পানী খাব। শৰীৰটো আৱৰি ৰাখিব। যদি ছালখন অত্যাধিক শুকান হয় তেন্তে ছালখন আৰ্দ্ৰ কৰি ৰাখিব।

শীতকালত ছালৰ যতন‌ লোৱাৰ ঘৰুৱা সহজ উপায় হৈছে হালধিৰ বটা বা ৰসৰ ব্যৱহাৰ। হালধিৰ বটা যদি শুষ্ক ছালত ব্যৱহাৰ কৰে, তেন্তে ছালৰ যিকোনো সমস্যাৰ পৰা সাত হাৰিব পৰা যায়। লগতে হালধি সেৱন কৰিলেও ই ছালখন সতেজ কৰি ৰখাত সহায় কৰে।

শীতকালত বতৰ শুকান হোৱাৰ বাবে ছাল শুষ্ক হৈ পৰে। সেয়ে ছালৰ আৰ্দ্ৰতা বৰ্তাই ৰাখিবলৈ ময়শ্বৰাইজাৰ ব্যৱহাৰ কৰা উচিত।

চাবোনৰ সলনি বেচন বা অন্যান্য আলচি ক্লেনজাৰ ব্যৱহাৰ কৰক, কাৰণ চাবোনে ছালৰ আৱশ্যকীয় তেল শুহি ল’ব পাৰে।

নেমু, গোলাপ জল আৰু গ্লিচাৰিন,এই তিনিটা বস্তুৰ মিশ্ৰণ গা ধোৱাৰ পিছত ছালত সানিলে ছাল মসৃণ হৈ পৰে।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: সৌন্দৰ্যৰ লগতে ঔষধি গুণেৰেও সমৃদ্ধ শেৱালি ফুল স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে…