শীতকালত কিদৰে ল’ব শুকান ছালৰ যত্ন ? ঘৰতে কৰক এই কাম

শীতকালত কিদৰে ল’ব শুকান ছালৰ যত্ন

আজিকালি সঘনাই বতৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে। যাৰ প্ৰভাৱ স্বাস্থ্যৰ উপৰিও ছালত দেখা যায়। শীতকাল আৰম্ভ হোৱাৰ লগে লগে, ছাল শুকান হ’বলৈ আৰম্ভ কৰে।

এই সমস্যাৰ বাবে বহুতো লোক অসুবিধাত পৰে। বতাহৰ ফলত ছাল শুকান হোৱাৰ লগতে ছালৰ আৰ্দ্ৰতা হ্ৰাস হ’বলৈ আৰম্ভ কৰে।

এই সময়ত ছালৰ অতিৰিক্ত যতন ল’ব লাগে। অৱশ্যে, কেৱল ক্ৰীম বা ময়েশ্চাৰাইজাৰ লগালেই সমাধন নহয়। খাদ্যৰ বাবেও যত্ন ল’ব লাগে।

শৰীৰটো হাইড্ৰেটেড ৰখাটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয়। কিন্তু বহুলোকে শীতকালত কমকৈ পানী খায়।

ইয়াৰ ফলত ডিহাইড্ৰেচনৰ সমস্যা হ’ব পাৰে। যিয়ে ছালকো প্ৰভাৱিত কৰে। সেয়েহে বতৰ যিয়েই নহওঁক, আপুনি পৰ্যাপ্ত পৰিমাণে পানী খাব লাগিব।

বাদামত বিভিন্ন এণ্টিঅক্সিডেণ্ট, ভিটামিন ই আৰু গুৰুত্বপূৰ্ণ ফেটি এচিড থাকে। এই উপাদানবোৰে আমাৰ ছালক ভিতৰ আৰু বাহিৰ দুয়োফালে ময়েশ্চাৰাইজ কৰি ৰাখে।

চাবোনত থকা কঠোৰ ৰাসায়নিক পদাৰ্থৰ বাবে ছাল শুকান হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। ইয়াৰ উপৰিও মুখৰ ছাল অধিক কোমল হয়। গতিকে মনত ৰাখিব যে আপুনি মুখত চাবোনৰ সলনি মিড ফেচ ৱাছ ব্যৱহাৰ কৰে।

অমেগা 3ৰ উৎস হিচাপে মাছ বিকল্প নাই ৷ ছালৰ বাবে অমেগা 3 অতি গুৰুত্বপূৰ্ণ ৷ অৱশ্যে, কেতিয়াবা মাছৰ আঞ্জা বা জোল খোৱাৰ সলনি কেতিয়াবা গ্ৰিলড বা বেক কৰা মাছ খাব ৷ মাছৰ অমেগা ৩এ প্ৰদাহ হ্ৰাস কৰি ছালখন উজ্জ্বল কৰি ৰাখে ।

লগতে পঢ়ক: দৈনিক সেৱন কৰক আজৱাইনৰ পানী; স্বাস্থ্যৰ হ’ব আচৰিত উপকাৰ

শীতকালত কেনেকৈ ল’ব ছালৰ যতন? এতিয়াই কৰক এই কাম

শীতকালত কেনেকৈ ল’ব ছালৰ যতন ?

এতিয়া লাহে লাহে বতৰ সলনি হৈ আহিছে। ৰাতিপুৱা আৰু সন্ধিয়াৰ সময়ত ঠাণ্ডা লাগিবলৈ আৰম্ভ কৰিছে। স্বাস্থ্যৰ উপৰিও বতৰ সলনিৰ প্ৰভাৱ ছালত দেখা যায়।

ঠাণ্ডা বতৰত ছাল শুকাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ ছালৰ যত্ন কেনেদৰে ল’ব?

এই সময়ত ছাল শুকান হোৱাটো সাধাৰণ কথা। যিসকলৰ শুকান ছাল, এই বতৰত সমস্যা অধিক বৃদ্ধি হয়।

এই সময়ত ছালৰ যত্ন ল’বলৈ আপুনি এই কথাবোৰ মনত ৰাখিব লাগিব। যথেষ্ট পৰিমাণে পানী খাব। শৰীৰটো আৱৰি ৰাখিব। যদি ছালখন অত্যাধিক শুকান হয় তেন্তে ছালখন আৰ্দ্ৰ কৰি ৰাখিব।

শীতকালত ছালৰ যতন‌ লোৱাৰ ঘৰুৱা সহজ উপায় হৈছে হালধিৰ বটা বা ৰসৰ ব্যৱহাৰ। হালধিৰ বটা যদি শুষ্ক ছালত ব্যৱহাৰ কৰে, তেন্তে ছালৰ যিকোনো সমস্যাৰ পৰা সাত হাৰিব পৰা যায়। লগতে হালধি সেৱন কৰিলেও ই ছালখন সতেজ কৰি ৰখাত সহায় কৰে।

শীতকালত বতৰ শুকান হোৱাৰ বাবে ছাল শুষ্ক হৈ পৰে। সেয়ে ছালৰ আৰ্দ্ৰতা বৰ্তাই ৰাখিবলৈ ময়শ্বৰাইজাৰ ব্যৱহাৰ কৰা উচিত।

চাবোনৰ সলনি বেচন বা অন্যান্য আলচি ক্লেনজাৰ ব্যৱহাৰ কৰক, কাৰণ চাবোনে ছালৰ আৱশ্যকীয় তেল শুহি ল’ব পাৰে।

নেমু, গোলাপ জল আৰু গ্লিচাৰিন,এই তিনিটা বস্তুৰ মিশ্ৰণ গা ধোৱাৰ পিছত ছালত সানিলে ছাল মসৃণ হৈ পৰে।

(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: সৌন্দৰ্যৰ লগতে ঔষধি গুণেৰেও সমৃদ্ধ শেৱালি ফুল স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে…

ধূলি আৰু প্ৰদূষণৰ মাজত কেনেদৰে ল’ব ছালৰ যতন; কি কি কৰিব ব্যৱহাৰ

ফাগুনত মন মতলীয়া হোৱাৰ লগতে জলবায়ুৰো যথেষ্ট পৰিৱর্তন হয়৷ ফাগুনৰ বতাহ, শুকান পৰিৱেশৰ বাবে ছাল, চুলি আদি অত্যন্ত শুকান হৈ পৰে।

এই সময়চোৱাত প্ৰতিজন লোকেই নিজৰ চালৰ যত্ন ল’ব লাগে।বতাহৰ ফলত ছালখন শুকান হৈ পৰাৰ লগতে মুখত ৰিংকলছ পৰা দেখিবলৈ পোৱা যায়।তাৰ পৰা হাত সাৰিবৰ বাবে কি কৰিব লাগে জানো আহক।  

গা ধোঁৱাৰ পূৰ্বে যদি ভালদৰে আপোনাৰ তেলেৰে মালিচ কৰিব পাৰে তেন্তে আপোনাৰ ছালখন ভাল হৈ থকাত সহায় হ’ব ৷ তিল তেল ইয়াৰ বাবে অতি উত্তম ৷  

অধিক মাত্ৰাত পানী খাব লাগে। পানীয়ে আমাৰ ছালখন উজ্জ্বল কৰাত সহায় কৰে।

এচামুছ বেচন, আধা চামুচ হালধি, আধা চামুচ কমলাৰ বাকলিৰ গুৰি, আধা চামুচ গোলাপৰ পাহিৰ গুৰি ৷ এই আটাইকেইটা দৈ বা ফলৰ ৰসেৰে মিশ্ৰণ তৈয়াৰ কৰি ফেচপেক হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷

এলভেৰা ব্যৱহাৰ কৰিব লাগে আৰু এই এলভেৰাৰ লগত অলপ হালধি আৰু মৌ মিহলাই মুখত সানিব লাগে।

শুকান দিনত ছালখন ভালে ৰাখিবৰ বাবে কেতিয়াও গৰম পানীৰে গা নুধুব। অধিক গৰম পানীৰে গা ধুলে ছালখন আৰু শুকান হৈ পৰে।