উন্নত হজম শক্তিৰ বাবে আপোনাৰ জীৱনশৈলীত কৰক এই পৰিৱৰ্তন

শীতকালত বদহজম আৰু গেছৰ সমস্যাত ভোগে নেকি ?  উন্নত হজম শক্তিৰ বাবে আপোনাৰ জীৱনশৈলীত কৰক এই পৰিৱৰ্তন

শীতকালত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ বাবে এজন ব্যক্তি সঘনাই অসুস্থ হ’বলৈ আৰম্ভ কৰে । শীতকালত মানুহে বদহজম, গেছ, কোষ্ঠকাঠিন্য আদি হজম সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । প্ৰকৃততে শীতকালত শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, যাৰ ফলত খাদ্য হজম কৰাত সমস্যাৰ সৃষ্টি

শীতকালত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ বাবে এজন ব্যক্তি সঘনাই অসুস্থ হ’বলৈ আৰম্ভ কৰে । শীতকালত মানুহে বদহজম, গেছ, কোষ্ঠকাঠিন্য আদি হজম সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । প্ৰকৃততে শীতকালত শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, যাৰ ফলত খাদ্য হজম কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে । এনে পৰিস্থিতিত জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিলে আমাৰ আন্ত্ৰিক স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰে, যাৰ বাবে পাচন শক্তি বৃদ্ধি কৰিব পাৰি ।

শীতকালত হজম শক্তি বৃদ্ধি কৰিবলৈ আপোনাৰ জীৱনশৈলীত এই পৰিৱৰ্তন কৰক-

সতেজ আৰু গৰম খাদ্য খাওক : শীতকালত সতেজ আৰু গৰম খাদ্যই শৰীৰক আৰাম আৰু হজম হোৱাত সহায় কৰে । চূপ, ষ্টু, গৰম দাইল আদি খাদ্য সামগ্ৰী আন্ত্ৰিক স্বাস্থ্যৰ বাবে ভাল । লগতে শীতকালত গধুৰ আৰু চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থকাটো ভাল কাৰণ ইয়াৰ ফলত পাচনতন্ত্ৰত হেঁচা পৰিব পাৰে ।

পানী আৰু হাইড্ৰেচনৰ প্ৰতি গুৰুত্ব দিয়ক : শীতকালত মানুহে পানী কমকৈ খায়, যাৰ ফলত হজম শক্তি সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয় । হজম শক্তিৰ বাবে হাইড্ৰেটেড হৈ থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ । কুহুমীয়া পানী বা বনৌষধি চাহ যেনে তুলসী বা পদিনা চাহ খালে হজম শক্তিত সহায় হয় ।

লঘু আৰু সময়মতে খাব লাগে : গধুৰ আৰু ভজা খাদ্য পৰিহাৰ কৰিব লাগে কাৰণ শীতকালত এইবোৰ হজম কৰাত অসুবিধা হ’ব পাৰে । গতিকে লঘু খাদ্য যেনে চুপ, খিচড়ি, সিজোৱা খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক । ভাল হজম শক্তিৰ বাবে সময়মতে খাদ্য খোৱাটোও জৰুৰী । শুবলৈ যোৱাৰ পূৰ্বে গধুৰ আহাৰ খোৱাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে ।

ব্যায়াম আৰু যোগাসন কৰক : ঠাণ্ডা বতৰত শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় । সেয়েহে যোগাসন, খোজ কঢ়া আদি লঘু ব্যায়ামে হজম শক্তি উন্নত কৰাত সহায় কৰে ।

মানসিক চাপ কমাওক : শীতকালত মানসিক চাপেও হজম শক্তিত প্ৰভাৱ পেলাব পাৰে । মানসিক চাপ কম কৰিবলৈ ধ্যান আৰু উশাহ-নিশাহৰ ব্যায়াম কৰক । ই কেৱল মানসিক শান্তি প্ৰদান কৰাই নহয় হজম শক্তিও উন্নত কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ