ধিঙৰ বিধায়ক আমিনুল ইছলামক আটক; পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত দিছিল বিতৰ্কিত মন্তব্য

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক আটক কৰা হৈছে। ধিঙৰ বাসগৃহৰ পৰা বিধায়কজনক আটক নগাওঁ আৰক্ষীৰ। আৰক্ষীৰ এটা দলে বাসগৃহত চলাইছিল অভিযান। পেহেলগামৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কজনে।পুলৱামাৰ আক্ৰমণ আৰু পেহেলগামৰ আক্ৰমণত মোদী ,অমিত শ্বাহ জড়িত আছিল বুলি অভিযোগ কৰিছিল বিধায়ক গৰাকীয়ে। সন্ত্ৰাসবাদীয়ে নাম-ধৰ্ম সুধি

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক আটক কৰা হৈছে। ধিঙৰ বাসগৃহৰ পৰা বিধায়কজনক আটক নগাওঁ আৰক্ষীৰ। আৰক্ষীৰ এটা দলে বাসগৃহত চলাইছিল অভিযান।

পেহেলগামৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কজনে।পুলৱামাৰ আক্ৰমণ আৰু পেহেলগামৰ আক্ৰমণত মোদী ,অমিত শ্বাহ জড়িত আছিল বুলি অভিযোগ কৰিছিল বিধায়ক গৰাকীয়ে।

সন্ত্ৰাসবাদীয়ে নাম-ধৰ্ম সুধি পৰ্যটকক হত্যা কৰা বুলি বিজেপি চৰকাৰে ভুৱা প্ৰচাৰ চলোৱা বুলিও বিস্ফোৰক অভিযোগ কৰিছিল বিধায়ক আমিনুল ইছলামে। তাৰ পিছতে জুৰীয়া আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে আটক কৰে বিধায়ক গৰাকীক।