১৬টা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সৈতে মহাকাশত নতুন বছৰক আদৰণি সুনীতা উইলিয়ামছৰ...

১৬টা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সৈতে মহাকাশত নতুন বছৰক আদৰণি সুনীতা উইলিয়ামছৰ…

পুৰণিক বিদায় দি সকলোৱে আদৰি ল’লে এটা নতুন বৰ্ষ । সমগ্ৰ বিশ্বই নতুন বছৰ উদযাপন কৰিছে । ইফালে মহাকাশতো উদযাপন কৰা হৈছে নৱবৰ্ষ । বৰ্তমান মহাকাশচাৰী সুনীতা উইলিয়ামছ মহাকাশত আছে । নৱবৰ্ষত সুনীতা উইলিয়ামছ আৰু তেওঁৰ দলটোৱে ১৬টা সূৰ্য্য উদয় আৰু ১৬টা সূৰ্যাস্তৰ সাক্ষী হ’ব

পুৰণিক বিদায় দি সকলোৱে আদৰি ল’লে এটা নতুন বৰ্ষ । সমগ্ৰ বিশ্বই নতুন বছৰ উদযাপন কৰিছে । ইফালে মহাকাশতো উদযাপন কৰা হৈছে নৱবৰ্ষ । বৰ্তমান মহাকাশচাৰী সুনীতা উইলিয়ামছ মহাকাশত আছে । নৱবৰ্ষত সুনীতা উইলিয়ামছ আৰু তেওঁৰ দলটোৱে ১৬টা সূৰ্য্য উদয় আৰু ১৬টা সূৰ্যাস্তৰ সাক্ষী হ’ব ।

এয়া হ’ব কাৰণ তেওঁ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আছে । আই এছ এছ অবিৰতভাৱে ঘূৰি থাকে । মহাকাশ কেন্দ্ৰটো প্ৰতি ৯০ মিনিটৰ মূৰে মূৰে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে । ইয়াৰ বাবেহে এয়া সম্ভৱ হ’ব । এই ষ্টেচনত সুনীতা আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰীসকলে বহুবাৰ সূৰ্য্য উদয় আৰু সূৰ্যাস্ত দেখা পায় । এই তথ্য মহাকাশ কেন্দ্ৰটোৱে দিছে ।

উইলিয়ামছে ইয়াৰ পূৰ্বেও এনে এক অনন্য অভিজ্ঞতাৰ অংশ হোৱাৰ বাবে আনন্দ প্ৰকাশ কৰি এই স্থানক তেওঁৰ “সুখী ঠাই” বুলি অভিহিত কৰিছে ।

আই এছ এছে ছচিয়েল মিডিয়াত দিলে তথ্য-

সুনিতা উইলিয়ামছৰ লগতে এলেক্সি অভচিনিন, বুশ্ব উইলম’ৰ, ইভান ৱেগনাৰ, ডন পেটিট, আলেকজেণ্ডাৰ গ’ৰবুনভ আৰু নিক হেগো মহাকাশত আবদ্ধ হৈ আছে । অৱশ্যে সুনীতা উইলিয়ামছে পৃথিৱীৰ সৈতে কথা-বতৰা অব্যাহত ৰাখিছে ।

ISS এ X ত এটা পোষ্টত লিখিছে যে যিহেতু ২০২৪ আজি শেষ হ’ব । এই দলটোৱে নতুন বছৰৰ আৰম্ভণিতে ১৬টা সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ সাক্ষী হ’ব ।

শেহতীয়া প্ৰৱন্ধসমূহ