‘আক্ৰমণৰ পূৰ্বে পাকিস্তানক দিয়া হৈছিল তথ্য…’; মোদী চৰকাৰলৈ প্ৰশ্ন ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু কেন্দ্ৰীয় মোদী চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ৰাহুল গান্ধীয়ে কৈছে যে ‘জয়শংকৰে নিজেই কৈছে যে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰাৰ পূৰ্বে তেওঁ পাকিস্তানক জনাইছিল’। ‘এয়া কূটনীতি নহয়, এইটো চোৰাংচোৱাগিৰি। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু কেন্দ্ৰীয় মোদী চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ৰাহুল গান্ধীয়ে কৈছে যে ‘জয়শংকৰে নিজেই কৈছে যে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰাৰ পূৰ্বে তেওঁ পাকিস্তানক জনাইছিল’।

‘এয়া কূটনীতি নহয়, এইটো চোৰাংচোৱাগিৰি। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে একাংশ চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছিল যদিও তাৰ পিছতে ঢাকি ৰখাৰ কাম আৰম্ভ হয়’।

ৰাহুল গান্ধীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক প্ৰশ্ন কৰি কয় যে পাকিস্তানক তথ্য দিয়াৰ বাবে আমি কিমান ভাৰতীয় বিমান হেৰুৱালোঁ? এয়া অপৰাধ আৰু দেশে সত্য জানিব লাগে”।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে বৈদেশিক মন্ত্ৰীৰ বক্তব্যৰ সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন কৰিছিল যে অপাৰেচন সিন্দুৰৰ তথ্য প্ৰথমে কিয় পাকিস্তানক দিয়া হৈছিল’।

অৱশ্যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে ভুল তথ্য দাঙি ধৰিছে বুলি কৈছিল।  

শেহতীয়া প্ৰৱন্ধসমূহ