ক'ভিডত আক্ৰান্ত অভিনেত্ৰী শিল্পা শিৰোদকাৰ...

ক’ভিডত আক্ৰান্ত অভিনেত্ৰী শিল্পা শিৰোদকাৰ… ছচিয়েল মিডিয়াত সুৰক্ষিত থাকিবলৈ জনালে আহ্বান

শেহতীয়াকৈ বিগ বছ ১৮ত দেখা পোৱা অভিনেত্ৰী শিল্পা শিৰোদকাৰ ক’ভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে । সোমবাৰে ৫১ বছৰীয়া শিল্পাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই খবৰটো শ্বেয়াৰ কৰি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ লিখিছে, “বন্ধুসকল! মোৰ Covid test পজিটিভ ওলাইছে । নিৰাপদে থাকক

শেহতীয়াকৈ বিগ বছ ১৮ত দেখা পোৱা অভিনেত্ৰী শিল্পা শিৰোদকাৰ ক’ভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে । সোমবাৰে ৫১ বছৰীয়া শিল্পাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই খবৰটো শ্বেয়াৰ কৰি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ লিখিছে, “বন্ধুসকল! মোৰ Covid test পজিটিভ ওলাইছে । নিৰাপদে থাকক আৰু মাস্ক পিন্ধক !” এই খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোণাক্ষী সিনহাই মন্তব্য কৰে, “অ’ মাই গড!!! নিজৰ যত্ন লোৱা শিল্পা… সোনকালে সুস্থ হৈ উঠা ।”

মাত্ৰ কেইমাহমান পূৰ্বে শিল্পাই নিজৰ শাৰীৰিক ৰূপান্তৰৰ বাবে শিৰোনাম দখল কৰিছিল । অভিনেত্ৰীগৰাকীয়ে ২০২৪ চনৰ অক্টোবৰৰ পৰা ২০২৫ চনৰ জানুৱাৰীলৈকে তিনিমাহৰ ভিতৰত তেওঁৰ আকৰ্ষণীয় পৰিৱৰ্তন দেখুওৱা আগৰ আৰু পিছৰ ছবিসমূহ শ্বেয়াৰ কৰিছিল । অনুৰাগীসকলে তেওঁক প্ৰশংসা কৰি তেওঁৰ ফিটনেছ যাত্ৰাক “প্ৰেৰণাদায়ক” আৰু “নিজকে পুনৰ উদ্ভাৱন কৰিবলৈ কেতিয়াও দেৰি নহয় বুলি প্ৰমাণ” বুলি অভিহিত কৰে ।

বিগ বছ ১৮ত শিল্পাৰ যাত্ৰাৰ অন্ত পৰে গ্ৰেণ্ড ফিনালেৰ ঠিক আগতে । তেওঁৰ প্ৰস্থানে বহু অনুৰাগী আৰু সহযোগী প্ৰতিযোগীক আৱেগিক কৰি তুলিছিল । ছিজনৰ শীৰ্ষ ছয়গৰাকী ফাইনেলিষ্টৰ ভিতৰত আছিল কৰণ বীৰ মেহৰা, ভিভিয়ান ড্চেনা, চুম দৰং, এশা সিং, অবিনাশ মিশ্ৰ আৰু ৰজত দলাল । শিল্পা শিৰোদকাৰে নব্বৈৰ দশকত হম, খুদা গৱাহ, আখেন, বেৱাফা ছনামৰ দৰে জনপ্ৰিয় ছবিৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ