ভুলতে হৈছিল আক্ৰমণ ! আজাৰবাইজান বিমান দুৰ্ঘটনাৰ বাবে  ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতি পুটিনে…

শনিবাৰে ৰাছিয়াই স্বীকাৰ কৰে যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ বিফল কৰাৰ বাবে চলাই থকা প্ৰয়াসত আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন ভূপতিত কৰিছিল । ক্ৰেমলিনে কয় যে বিমানখনে ৰাছিয়াৰ গ্ৰ’জনি বিমানবন্দৰত অৱতৰণ কৰাৰ চেষ্টা চলাইছিল যেতিয়া ইউক্ৰেইনৰ ড্ৰোনে ৰাছিয়াৰ কেইবাটাও অঞ্চলত আক্ৰমণ চলাইছিল । এই

শনিবাৰে ৰাছিয়াই স্বীকাৰ কৰে যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ বিফল কৰাৰ বাবে চলাই থকা প্ৰয়াসত আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন ভূপতিত কৰিছিল । ক্ৰেমলিনে কয় যে বিমানখনে ৰাছিয়াৰ গ্ৰ’জনি বিমানবন্দৰত অৱতৰণ কৰাৰ চেষ্টা চলাইছিল যেতিয়া ইউক্ৰেইনৰ ড্ৰোনে ৰাছিয়াৰ কেইবাটাও অঞ্চলত আক্ৰমণ চলাইছিল । এই দুৰ্ঘটনাৰ বাবে ক্ষমা বিচাৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ।

বিমান দুৰ্ঘটনাত ৩৮ জন লোকৰ মৃত্যু-

বুধবাৰে নিশা প্ৰায় ১২.৩০ বজাত কাজাখাস্তানৰ আকটৌত দুৰ্ঘটনাগ্ৰস্ত হয় আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন । ইয়াৰ ফলত ৩৮ জন লোকে প্ৰাণ হেৰুৱাই । বিমানখনত ৫জন ক্ৰু মেম্বাৰসহ ৬২জন লোক আছিল । যাত্ৰীসকল আজাৰবাইজান, ৰাছিয়া, কাজাখস্তান আৰু কিৰ্গিস্তানৰ নাগৰিক । আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা উৰা মাৰি ৰাছিয়াৰ দক্ষিণ অঞ্চলৰ গ্ৰ’জনিলৈ গৈ আছিল বিমানখন । কিন্তু কাজাখাস্তানৰ আকটৌ চহৰৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ক্ৰেমলিনে স্বীকাৰ কৰিছে যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ ধাৰাবাহিকতা বিফল কৰাৰ চেষ্টা কৰিছিল, একে সময়তে বিমানখনে ৰাছিয়াৰ গ্ৰ’জনিত অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল ।

ৰাছিয়াৰ এয়াৰ ডিফেন্স চিষ্টেমে আঘাত কৰে বিমানখন-

ক্ৰেমলিনৰ বিবৃতিত কোৱা হৈছে যে আজাৰবাইজানৰ যাত্ৰীবাহী বিমানখন নিৰ্ধাৰিত যাত্ৰাত আছিল আৰু বাৰে বাৰে গ্ৰ’জনি বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল । ইফালে ইউক্ৰেইনৰ ড্ৰোনে গ্ৰ’জনি, মজডক আৰু ভ্লাদিকাভকাজক আক্ৰমণ কৰিছিল আৰু ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই আক্ৰমণ বিফল কৰিছিল ।

ক্ষমা বিচাৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে-

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আজি আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভলৈ এখন পত্ৰ প্ৰেৰণ কৰি দুৰ্ঘটনাটোৰ বাবে ক্ষমা বিচাৰিছে । ক্ৰেমলিনৰ বিবৃতি অনুসৰি ৰাষ্ট্ৰপতি পুটিনে এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে ক্ষমা বিচাৰি শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । ক্ৰেমলিনৰ সূত্ৰই জনোৱা মতে, পুটিনে আলিয়েভৰ সৈতেও ফোনযোগে কথা পাতে আৰু এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । এই দুৰ্ঘটনাক লৈ ক্ৰেমলিনে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ