আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ বছৰ সম্পূৰ্ণ হিটমেনৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ বছৰ সম্পূৰ্ণ হিটমেনৰ; প্ৰথমটো হেলমেট শ্বেয়াৰ কৰি লিখিলে আৱেগিক বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ বছৰ সম্পূৰ্ণ হিটমেনৰ ১৮ বছৰ পূৰ্বে ২৩ জুনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল হিটমেন হিচাবে খ্যাত ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাই । এই স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰিল হিটমেন । তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ নিজৰ প্ৰথমটো হেলমেটৰ ছবি শ্বেয়াৰ কৰি আৱেগিক

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ বছৰ সম্পূৰ্ণ হিটমেনৰ

১৮ বছৰ পূৰ্বে ২৩ জুনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল হিটমেন হিচাবে খ্যাত ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাই । এই স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰিল হিটমেন । তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ নিজৰ প্ৰথমটো হেলমেটৰ ছবি শ্বেয়াৰ কৰি আৱেগিক বাৰ্তা লিখিছে । ৰোহিতে লিখিছে- মই সদায় কৃতজ্ঞ হৈ থাকিম, ২৩.০৬.০৭ । সেই সময়ত ২০ বছৰ বয়সত ৰোহিতে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ মেচত অভিষেক ঘটাইছিল । ভাৰতৰ হৈ দুটাকৈ আই চি চি ট্ৰফী লাভ কৰা ৰোহিতক এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ অ’পেনাৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় । এই ১৮ বছৰত হিটমেনৰ কেৰিয়াৰত বহু উত্থান-পতন ঘটিছিল যদিও তেওঁ এই সকলোবোৰ সাহসেৰে মুখামুখি হৈছিল আৰু এতিয়া তেওঁ সফলতাৰ শিখৰত উপনীত হৈছে ।

ৰোহিতৰ অধিনায়কত্বত ভাৰতে ২০২৩ চনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰে আৰু একে বছৰৰ শেষৰ ফালে এদিনীয়া বিশ্বকাপৰ ফাইনেলতো প্ৰৱেশ কৰে । অৱশ্যে দুয়োবাৰেই দলটোৱে ট্ৰফী লাভ কৰাত ব্যৰ্থ হয় । ২০২৪ চনত ভাৰতক টি-২০ বিশ্বকাপ খিতাপ দখল কৰাৰ লগতে ১৩ বছৰীয়া আই চি চিৰ ট্ৰফীৰ অপেক্ষাৰ অন্ত পেলাইছিল তেওঁ । ইয়াৰ পিছত ভাৰতীয় দলে ৰোহিতৰ অধিনায়কত্বত ২০২৫ চনত চেম্পিয়নছ ট্ৰফীও লাভ কৰে ।

২০২৪ চনত ৰোহিতে ১৫০ খনতকৈও অধিক টি-২০ ইণ্টাৰনেশ্যনেল খেলা প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় । অৱশ্যে ভাৰতৰ টি-২০ বিশ্বকাপ জয়ৰ পাছত টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লয় তেওঁ । সকলো ফৰ্মেট মিলাই ৪৯৯খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ খেলি ৰোহিতে ১৯,৭০০ ৰান সংগ্ৰহ কৰিছে । এদিনীয়া খেলতো তেওঁৰ ব্যক্তিগত স্ক’ৰ সৰ্বাধিক । শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত ২৬৪ ৰান কৰি তেওঁ এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

টি-২০ত এতিয়ালৈকে সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৰোহিত । ১৫৯খন মেচত ৩২.০৫ গড়ে ৪২২১ ৰান সংগ্ৰহ কৰিছে তেওঁ । এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৪০তকৈ অধিক । ইয়াৰ ভিতৰত পাঁচটা শতক আৰু ৩২টা অৰ্ধশতক অন্তৰ্ভুক্ত আছে । তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১২১ (অপৰাজিত) ৰান । ২০২৪ চনৰ পূৰ্বে ৰোহিতে ২০০৭ চনত টি-২০ বিশ্বকাপ জয় কৰা দলৰ অংশ হিচাপেও আছিল । টি-২০ৰ অধিনায়ক হিচাপে তেওঁ ভাৰতৰ হৈ ৬২ খন মেচৰ ভিতৰত ৪৯ খন খেলত জয়লাভ কৰিছে । টিম ইণ্ডিয়া ১২ খন মেচত পৰাস্ত হোৱাৰ বিপৰীতে এখন মেচ টাই আছিল ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বগা বলৰ ফৰ্মেটত তেওঁ আধিপত্য বিস্তাৰ কৰিছে । ২৭৩খন এদিনীয়া খেলৰ ২৬৫টা ইনিংছত ৩২টা শতক আৰু ৫৮টা অৰ্ধশতকৰে ১১,১৬৮ ৰান আৰু গড়ে ৪৮.৭৬ ৰান সংগ্ৰহ কৰিছে হিটমেনে । এদিনীয়াত তেওঁৰ সৰ্বোত্তম স্ক’ৰ ২৬৪ । এদিনীয়াত তিনিটা দ্বিশতক অৰ্জন কৰা একমাত্ৰ বেটছমেন তেওঁ । এদিনীয়া খেলত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু সামগ্ৰিকভাৱে দশম স্থানত আছে । শেহতীয়াকৈ টেষ্টৰ পৰা অৱসৰ লোৱা ৰোহিতক এতিয়া কেৱল এদিনীয়া খেলতহে খেলা দেখা যাব ।

টেষ্টত ৰোহিতে ৬৭খন টেষ্ট আৰু ১১৬খন ইনিংছত গড়ে ৪০.৫৭ত ৪৩০১ ৰান সংগ্ৰহ কৰিছে । য’ত ১২টা শতক আৰু ১৮টা অৰ্ধশতক আছে । এই ফৰ্মেটত তেওঁৰ সৰ্বোত্তম স্ক’ৰ ২১২ ৰান । বিশ্ব টেষ্ট চেম্পিয়শ্বিপত ৰোহিত শৰ্মা ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈৰ ভিতৰত অন্যতম । এই সময়ছোৱাত তেওঁ ৪০খন টেষ্টত গড়ে ৪১.১৫ ৰানত ২৭১৬ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ ভিতৰত ৯ শতক আৰু আঠটা অৰ্ধশতক অন্যতম ।

এদিনীয়াত ভাৰতক নেতৃত্ব দি থকাৰ সময়ত তেওঁ ৫৬খন খেলৰ ভিতৰত ৪২খন খেলত জয়লাভ কৰিছে । মাত্ৰ ১২ খনত পৰাস্ত হৈছে, এখন টাই হৈছিল আৰু এখনৰ কোনো ফলাফল ওলোৱা নাছিল । এদিনীয়া বিশ্বকাপৰ ইতিহাসত তেওঁ ভাৰতৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু সামগ্ৰিকভাৱে চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী । এই সময়ছোৱাত তেওঁ ২৮খন মেচত গড়ে ৬০.৫৭ত ১৫৭৫ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ ভিতৰত ৭টা শতক আৰু ৬টা অৰ্ধশতক অন্তৰ্ভুক্ত আছে ।

এখন বিশ্বকাপৰ সময়ত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখো ৰোহিতৰ হাতত আছে । ২০১৯ চনৰ বিশ্বকাপত তেওঁ পাঁচটা শতক অৰ্জন কৰিছিল । এই প্ৰতিযোগিতাত তেওঁ ৯খন খেলত গড়ে ৮১.০০ ৰান কৰি ৬৪৮ ৰান সংগ্ৰহ কৰে । চেম্পিয়নছ ট্ৰফীৰ কথা ক’বলৈ গ’লে তেওঁ সামগ্ৰিকভাৱে সপ্তম সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু ভাৰতৰ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী । ১৫টা ইনিংছত ৪৭.২১ গড়ে ৬৬১ ৰান সংগ্ৰহ কৰিছে তেওঁ । ইয়াৰ ভিতৰত এটা শতক আৰু পাঁচটা অৰ্ধশতক অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক : খেল পথাৰতে খঙত অগ্নি শৰ্মা ঋষভ পন্ত; আম্পায়াৰৰ সৈতে লিপ্ত হ’ল কাজিয়াত