১৮ বছৰীয়া অপেক্ষাৰ অন্ত...

১৮ বছৰীয়া অপেক্ষাৰ অন্ত… প্ৰথমবাৰৰ বাবে চেম্পিয়ন হ’ল আৰ চি বি

১৮ বছৰীয়া অপেক্ষাৰ অন্ত ইতিহাস ৰচনা কৰি ১৮ বছৰীয়া অপেক্ষাৰ অৱসান ঘটাই আই পি এলৰ চেম্পিয়ন হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু তথা আৰ চি বি । ১৮ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই আই পি এল ২০২৫ খিতাপ দখল কৰে আৰ চি বিয়ে । ১৮টা ছিজনৰ অপেক্ষাৰ অন্ত

১৮ বছৰীয়া অপেক্ষাৰ অন্ত

ইতিহাস ৰচনা কৰি ১৮ বছৰীয়া অপেক্ষাৰ অৱসান ঘটাই আই পি এলৰ চেম্পিয়ন হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু তথা আৰ চি বি । ১৮ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই আই পি এল ২০২৫ খিতাপ দখল কৰে আৰ চি বিয়ে । ১৮টা ছিজনৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত চেম্পিয়ন হ’ল বিৰাট কোহলীৰ দল ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত আৰ চি বিয়ে পঞ্জাবক ৬ ৰাণত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এল ২০২৫ৰ খিতাপ দখল কৰে । টছত পৰাস্ত হোৱাৰ পাছত প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ২০ অভাৰত ৯ উইকেটত ১৯০ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত পঞ্জাৱে ৭ উইকেটৰ বিনিময়ত ১৮৪ ৰানহে কৰিবলৈ সক্ষম হয় । আই পি এল চেম্পিয়ন হোৱা অষ্টমটো দল হৈছে আৰ চি বি । ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছ, ডেক্কান চাৰ্জাৰ্ছ, মুম্বাই ইণ্ডিয়ানছ, গুজৰাট টাইটানছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে চেম্পিয়নৰ খিতাপ দখল কৰিছে ।

বাংগালুৰুৰ ইনিংছ-

বেংগালুৰুৱে প্ৰথমে বেটিং কৰি ৯ উইকেট হেৰুৱাই ২০ অভাৰত ১৯০ ৰান সংগ্ৰহ কৰে । টছ হেৰুৱাই প্ৰথমে বেটিং কৰা বাংগালুৰুৰ আৰম্ভণি দুৰ্বল আছিল । দুটা চাৰি আৰু এটা ৬ৰ সহায়ত ৯ বলত ১৬ ৰান সংগ্ৰহ কৰি আউট হৈছিল ফিল ছল্ট । জেমিছনে তেওঁক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছতে বিৰাট কোহলীয়ে মায়ংক আগৰৱালৰ সৈতে ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে যদিও ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি মায়ংক আউট হয় । দুটা চাৰি আৰু এটা ছয়ৰ সহায়ত ১৮টা বলত ২৪ ৰান সংগ্ৰহ কৰি আউট হয় তেওঁ । ইয়াৰ পিছতে ১৬টা বলত ২৬ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতে ৰজত পাটিদাৰ ।

লিভিংষ্টনৰ সৈতে বিৰাটে ৩৬ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৩৫টা বলত তিনিটা চাৰিৰ সহায়ত ৪৩ ৰান সংগ্ৰহ কৰি আজমতুল্লাহৰ চিকাৰ হয় বিৰাট । জিতেশ শৰ্মাই বিস্ফোৰক ইনিংছ খেলিছিল যদিও এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰোঁতে তেওঁক বল্ড কৰে বিজয় কুমাৰে । জিতেশে ১০টা বলত দুটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ২৪ ৰানৰ ইনিংছ খেলে । অন্তিম অভাৰত অৰ্শদীপে তিনিটা উইকেট দখল কৰে । তেওঁ ৰোমাৰিয়া শ্বেফাৰ্ড (১৭ ৰান), ক্ৰুনাল পাণ্ডিয়া (৪ ৰান) আৰু ভুৱনেশ্বৰ কুমাৰ (১ ৰান)ৰ উইকেট দখল কৰে । পঞ্জাৱৰ হৈ অৰ্শদীপ আৰু জেমিছনে তিনিটাকৈ উইকেট দখল কৰে । একে সময়তে আজমতুল্লাহ ওমৰজাই, বিজয় কুমাৰ আৰু যুজবেন্দ্ৰ চাহালে এটাকৈ উইকেট লাভ কৰে ।

পঞ্জাৱৰ ইনিংছ-

১৯১ ৰানৰ লক্ষ্য অুসৰণ কৰা পঞ্জাৱে ভাল আৰম্ভণি কৰিছিল । প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসীমৰণ সিঙে ৪৩ ৰানৰ অংশীদাৰিত্ব গঢ়ে । প্ৰিয়ংশক ২৪ ৰানত হেজেলউডে আউট কৰে । তাৰ পাছত ২২টা বলত ২৬ ৰান সংগ্ৰহ কৰি প্ৰভসিমৰণ সিঙক আউট হয় । ফাইনেলত কাম কৰা নাছিল শ্ৰেয়াছ আয়াৰৰ বেটে । এক ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়কগৰাকী ।

জোছ ইংলিছে ভাল বেটিং কৰিছিল যদিও এটা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ২৩টা বলত ৩৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । ১৫ ৰান সংগ্ৰহ কৰি নেহাল বাধেৰা আৰু মাৰ্কাছ ষ্টয়নিছে ৬ ৰান সংগ্ৰহ কৰি আউট হয় । আজমাতুল্লাহ ওমৰজাই মাত্ৰ এটা ৰানহে কৰিবলৈ সক্ষম হয় । শশাংক সিঙে ৩০টা বলত ৬১ ৰান সংগ্ৰহ কৰে যদিও জয়ৰ বাবে সেয়া যথেষ্ট নাছিল । বেংগালুৰুৰ হৈ ভুৱনেশ্বৰ কুমাৰ আৰু ক্ৰুনাল পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে । যশ দয়াল, জোছ হেজলউড আৰু ৰোমাৰিয়া শ্বেফাৰ্ডে এটাকৈ উইকেট লাভ কৰে ।

লগতে পঢ়ক : কিমান দামী আই পি এলৰ ট্ৰফী ? জানক দামকে ধৰি সবিশেষ…

শেহতীয়া প্ৰৱন্ধসমূহ