কিয় ইমান মৰ্মস্পৰ্শী জুবিন গাৰ্গৰ 'হামিং'? বিশ্বমানৰ জাৰ্নেলত প্ৰকাশ পালে কণ্ঠৰ গোপন ৰহস্য

কিয় ইমান মৰ্মস্পৰ্শী জুবিন গাৰ্গৰ ‘হামিং’? বিশ্বমানৰ জাৰ্নেলত প্ৰকাশ পালে কণ্ঠৰ গোপন ৰহস্য

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘জাৰ্নেল অৱ ভইচ’-ত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ এই বিশেষ কণ্ঠশৈলীক লৈ কৰা এক গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰিকা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কণ্ঠৰ যাদুৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । তেওঁৰ গীতৰ দৰেই অনুৰাগীৰ মাজত অত্যন্ত জনপ্ৰিয় তেওঁৰ স্বকীয় ‘হামিং’ (Humming) । কিন্তু এই

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘জাৰ্নেল অৱ ভইচ’-ত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ এই বিশেষ কণ্ঠশৈলীক লৈ কৰা এক গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰিকা

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কণ্ঠৰ যাদুৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । তেওঁৰ গীতৰ দৰেই অনুৰাগীৰ মাজত অত্যন্ত জনপ্ৰিয় তেওঁৰ স্বকীয় ‘হামিং’ (Humming) । কিন্তু এই ‘হামিঙ’ৰ আঁৰত থকা আচল ৰহস্য কি ? ই কিয় ইমান মৰ্মস্পৰ্শী আৰু শ্ৰোতাৰ বাবে ইমান প্ৰিয় ? এই সকলোবোৰ কথাৰ এতিয়া ওলাইছে এক বৈজ্ঞানিক ব্যাখ্যা । আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘জাৰ্নেল অৱ ভইচ’-ত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ এই বিশেষ কণ্ঠশৈলীক লৈ কৰা এক গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰিকা ।

শনিবাৰে শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গে ফেচবুকৰ এটা পোষ্টৰ জৰিয়তে এই গৱেষণা সবিশেষ শ্বেয়াৰ কৰে ।

কেনেকৈ হৈছিল এই বৈজ্ঞানিক পৰীক্ষা ?

প্ৰাপ্ত তথ্য অনুসৰি, এই বিশেষ অধ্যয়নটো সম্পূৰ্ণ স্বতন্ত্ৰভাৱে চলোৱা হৈছিল অসমৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত । গৱেষকসকলে লেৰিংগ’লজী (laryngology) আৰু কণ্ঠবিজ্ঞানৰ গৱেষণাত ব্যৱহৃত আধুনিক ধ্বনি বিশ্লেষণ পদ্ধতি আৰু উন্নত সঁজুলিৰ সহায়ত জুবিন গাৰ্গৰ গুণগুণণিৰ এক পৰিমাণগত ধ্বনিগত বিশ্লেষণ (Quantitative Acoustic Analysis) চলাইছিল ।

এই গৱেষণাত কণ্ঠস্বৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ মাপকাঠী যেনে- জিতাৰ (Jitter), শ্বিমাৰ (Shimmer), হাৰমনিক-টু-নয়েজ ৰেডিঅ’ (HNR), টিম্ব্ৰেল (Timbral) বৈশিষ্ট্যসমূহ সূক্ষ্মভাৱে পৰীক্ষা কৰা হৈছিল ।

গৱেষণাত পোহৰলৈ অহা মূল তথ্যসমূহ :

সুস্থিৰ কণ্ঠস্বৰৰ আৰ্হি : জুবিন গাৰ্গৰ ‘হামিং’ এক অত্যন্ত সুস্থিৰ কণ্ঠস্বৰৰ আৰ্হি (Stable vocal pattern) আৰু নিম্ন ফাণ্ডামেণ্টেল ফ্ৰিকুৱেন্সী (Lower fundamental frequency) দ্বাৰা সমৃদ্ধ ।

আবেগিক প্ৰভাৱ : ইয়াৰ স্বকীয় টিম্ব্ৰেল গুণাগুণৰ বাবেই তেওঁৰ হামিঙে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিব পাৰে আৰু এক মৰ্মস্পৰ্শী তথা আবেগিকভাৱে প্ৰভাৱশালী পৰিৱেশৰ সৃষ্টি কৰে ।

সাধাৰণ গায়নশৈীতকৈ পৃথক : গৱেষকসকলে লাভ কৰা পৰিসংখ্যাগত পাৰ্থক্যই প্ৰমাণ কৰিছে যে তেওঁৰ হামিঙৰ কৌশল Conventional Singing বা পৰম্পৰাগত গায়নশৈীতকৈ বহু পৃথক ।

এক ঐতিহাসিক খোজ : আমেৰিকাৰ ‘দা ভইচ ফাউণ্ডেশ্যন’ আৰু ‘ইণ্টাৰনেশ্যনেল এছ’চিয়েশ্যন অৱ ফোন’ছাৰ্জাৰী’ৰ আধিকাৰিক পত্ৰিকাত প্ৰকাশ পোৱা এই অধ্যয়নটোক জুবিন গাৰ্গৰ হামিং কৌশলৰ প্ৰথমটো প্ৰণালীবদ্ধ বৈজ্ঞানিক পৰীক্ষা (Systematic Scientific Examination) বুলি অভিহিত কৰা হৈছে ।

গৱেষকসকলৰ মতে, এই কাৰ্যই কলাত্মক প্ৰকাশভংগী আৰু কণ্ঠবিজ্ঞানৰ মাজৰ ব্যৱধান দূৰ কৰাত এক ডাঙৰ ভূমিকা ল’ব । এই ফলাফলে ভৱিষ্যতে কণ্ঠবিজ্ঞান, সংগীতবিজ্ঞান আৰু ধ্বনিবিজ্ঞানৰ গৱেষণাত এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে এক আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক মঞ্চত অসমৰ সমসাময়িক সংগীত ঐতিহ্যক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিব ।

লগতে পঢ়ক : দ্বিতীয় ৰাজধানীলৈ পৰিণত হ’ব ডিব্ৰুগড়;নতুন কেবিনটৰ ডাঙৰ সিদ্ধান্ত

শেহতীয়া প্ৰৱন্ধসমূহ