ঘৰুৱা মাটিত জিম্বাবৱেক পৰাস্ত কৰি টি-২০ শৃংখলা দখল ভাৰতীয় দলৰ

ঘৰুৱা মাটিত জিম্বাবৱেক পৰাস্ত কৰি টি-২০ শৃংখলা দখল ভাৰতীয় দলৰ

তৃতীয় টি-২০ মেচতো ভাৰতীয় দলৰ জয়লাভ হাৰাৰে স্প’ৰ্টছ ক্লাৱত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন টি-২০ মেচত ভাৰতে জিম্বাবৱেক ৩৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৯২ ৰানৰ এক বিশাল স্ক’ৰ থিয় কৰায় । প্ৰত্যুত্তৰত ১৯৩ ৰানৰ বিজয়

তৃতীয় টি-২০ মেচতো ভাৰতীয় দলৰ জয়লাভ

হাৰাৰে স্প’ৰ্টছ ক্লাৱত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন টি-২০ মেচত ভাৰতে জিম্বাবৱেক ৩৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৯২ ৰানৰ এক বিশাল স্ক’ৰ থিয় কৰায় । প্ৰত্যুত্তৰত ১৯৩ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰিবলৈ গৈ জিম্বাবৱেৰ ইনিংছ ২০ অভাৰত ৭ টা উইকেটত ১৫৭ ৰানতেই সমাপ্ত হয় ।

ভাৰতৰ ইনিংছত উদীয়মান তাৰকা বৈভৱ সূৰ্যবংশীয়ে বিস্ফোৰক বেটিঙেৰে আটাইতকৈ উজলি উঠে । বৈভৱে মাত্ৰ ৩১ টা বলত অৰ্ধশতক অৰ্জন কৰাৰ লগতে মুঠ ৪৯ টা বলত ৮ টা চাৰি আৰু ৪ টা ছিক্সাৰৰ সহায়ত ৮১ ৰানৰ এক উৎকৃষ্ট ইনিংছ উপহাৰ দিয়ে । টি-২০ কেৰিয়াৰৰ এইটো তেওঁৰ দ্বিতীয়টো অৰ্ধশতক । অৱশ্যে আনজন অপেনাৰ অভিষেক শৰ্মা (২ ৰান) পুনৰ ব্যৰ্থ হয় ।

১৯৩ ৰানৰ বৃহৎ লক্ষ্য অুনুসৰণ কৰিবলৈ গৈ জিম্বাবৱে আৰম্ভণিতেই দিশহাৰা হৈ পৰে । মেচৰ প্ৰথমটো বলতেই পেচাৰ মায়ংক যাদৱৰ চুটি বলত ব্ৰায়ান বেনেটে কোনো ৰান নকৰাকৈ প্ৰথম স্লিপত বৈভৱৰ হাতত কেচ তুলি দিয়ে । ইয়াৰ পিছতে য়শ ঠাকুৰে একেটা অভাৰতে ডিওন মেয়াৰ্ছ (১৯) আৰু অধিনায়ক ছিকন্দৰ ৰাজাক (০) আউট কৰি জিম্বাবৱেক সংকটত পেলায় ।

মধ্যক্ৰমত ৱেছলী মাধেৱেৰে (২৮) আৰু ৰিয়ান বাৰ্লে ৬০ ৰানৰ এক অংশীদাৰিত্ব গঢ়ি তুলিছিল যদিও মায়ংক যাদৱে এই যোৰা ভাঙিবলৈ সক্ষম হয় । পিছলৈ ৰবি বিষ্ণোই (বেন কাৰেন, ২০ ৰান) আৰু অশোক শৰ্মাই (তাদিৱানাশে মাৰুমণি, ১ ৰান) উইকেট দখল কৰি জিম্বাবৱেৰ জয়ৰ আশা একেবাৰে শেষ কৰি দিয়ে । সন্মিলিত বলিং আৰু বেটিং প্ৰদৰ্শনেৰে ভাৰতে খেলখন সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণত ৰাখে ।

বৈভৱ সূৰ্যবংশী প্লেয়াৰ অব দ্য মেচ বিবেচিত হোৱাৰ লগতে প্লেয়াৰ অব দ্য চিৰিজৰ সন্মানো লাভ কৰে ।

লগতে পঢ়ক : পুনৰ আই চি চি টি-২০ ৰেংকিং-ৰ শীৰ্ষত টিম ইণ্ডিয়া