আফগানিস্তানৰ বিৰুদ্ধে প্ৰথম দিনাই ভাৰতৰ বিশাল স্কোৰ : শুভমন-ৰাহুলৰ শতক

আফগানিস্তানৰ বিৰুদ্ধে প্ৰথম দিনাই ভাৰতৰ বিশাল স্কোৰ : শুভমন-ৰাহুলৰ শতক

নিউ চণ্ডীগড়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট মেচখন পঞ্জাৱৰ মুল্লনপুৰ (নিউ চণ্ডীগড়)স্থিত মহাৰাজ যাদৱীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ ঐতিহাসিক টেষ্ট মেচখন । ২০২৬ বৰ্ষত দুয়োটা দলৰে এইখন প্ৰথম

নিউ চণ্ডীগড়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট মেচখন

পঞ্জাৱৰ মুল্লনপুৰ (নিউ চণ্ডীগড়)স্থিত মহাৰাজ যাদৱীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ ঐতিহাসিক টেষ্ট মেচখন । ২০২৬ বৰ্ষত দুয়োটা দলৰে এইখন প্ৰথম টেষ্ট মেচ । খেলখনৰ প্ৰথম দিনাৰ খেলৰ সমাপ্তিলৈকে ভাৰতে আলহী দলটোৰ বিৰুদ্ধে নিজৰ স্থিতি অত্যন্ত মজবুত কৰি তুলিছে । প্ৰথম দিনাৰ ষ্টাম্পচ হোৱালৈকে ভাৰতে নিজৰ প্ৰথম ইনিংছত ৩ উইকেট হেৰুৱাই ৩৬৮ ৰান সংগ্ৰহ কৰিছে । ক্রিজত অধিনায়ক শুভমন গীল ১০৩ ৰান আৰু উইকেটকীপাৰ বেটাৰ ঋষভ পন্ট ৫০ ৰান কৰি অপৰাজিত হৈ আছে ।

শুভমন গীল আৰু কে এল ৰাহুলৰ আকৰ্ষণীয় শতক-

ভাৰতীয় ইনিংছৰ মূল আকৰ্ষণ আছিল অধিনায়ক শুভমন গীল আৰু অভিজ্ঞ বেটাৰ কে এল ৰাহুলৰ শতকীয় ইনিংছ । শুভমন গীলে দায়িত্বসহকাৰে বেটিং কৰি ১৪৩টা বলত ১১টা চাৰি আৰু এটা ছিক্সাৰৰ সহায়ত ১০৩ ৰান কৰে । গীলৰ টেষ্ট কেৰিয়াৰৰ এয়া ১১ সংখ্যক শতক । আনহাতে, কে এল ৰাহুলেও আকৰ্ষণীয় বেটিং প্ৰদৰ্শন কৰি ১৬৫টা বলত ১১টা চাৰিৰ সহায়ত ১০০ ৰান সম্পূৰ্ণ কৰে । ৰাহুলৰ টেষ্ট কেৰিয়াৰৰ এয়া ১২ সংখ্যক শতক । তেওঁক আফগান বলাৰ জিয়াউৰ শ্বৰীফীয়ে পেভিলিয়নলৈ পঠিয়ায় ।

বিপৰ্যয়ৰ পিছত সুদৰ্শন-ৰাহুলৰ ত্ৰাণকৰ্তাৰ ভূমিকা-

মেচখনত টছত জিকি প্ৰথম ইনিংছ আৰম্ভ কৰা ভাৰতৰ আৰম্ভণি অৱশ্যে সুখকৰ নাছিল । ফৰ্মত থকা যুৱ তাৰকা যশস্বী জয়ছোৱাল মাত্ৰ ২৪ ৰানতে মহম্মদ চেলিম ছফিৰ চিকাৰ হয় । ৪১ ৰানত প্ৰথম উইকেট হেৰুওৱাৰ পিছত দলৰ দায়িত্ব লয় কে এল ৰাহুল আৰু ছাই সুদৰ্শনে । দুয়োজনে মিলি দ্বিতীয় উইকেটৰ বাবে ১৩৯ ৰানৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলে । সুদৰ্শনে ১০৪টা বলত ১৩টা চাৰিৰে ৮১ ৰানৰ এক উজ্জ্বল ইনিংছ খেলি শতকৰ দিশে অগ্ৰসৰ হৈছিল যদিও মহম্মদ চেলিম ছফিৰ বলত আউট হ’বলগা হয় ।

সুদৰ্শন আউট হোৱাৰ পিছত ৰাহুলে অধিনায়ক গীলৰ সৈতে মিলি তৃতীয় উইকেটৰ বাবে ৬৭ ৰান যোগ কৰে । ২৪৭ ৰানত ৰাহুল আউট হোৱাৰ পিছত ক্ৰীজলৈ আহে ঋষভ পন্ট । পন্ট আৰু গীলে আফগান বলাৰসকলক কোনো সুযোগ নিদি চতুৰ্থ উইকেটৰ বাবে এতিয়ালৈকে ১২১ ৰানৰ অপৰাজিত পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছে । পন্টে মাত্ৰ ২টা চাৰি আৰু ৩টা ছিক্সাৰেৰে ৫০ ৰান কৰে ।

স্কোৰবৰ্ড (প্ৰথম দিনাৰ সমাপ্তিত):

-ভাৰত (প্ৰথম ইনিংছ): ৩৬৮/৩ (ওভাৰ: ৯০)

-শুভমন গীল : ১০৩ (অপৰজিত, ১৪৩ বল)

-কে এল ৰাহুল : ১০০ (১৬৫ বল)

-ছাই সুদৰ্শন : ৮১ (১০৪ বল)

-ঋষভ পন্ট : ৫০ অপৰাজিত

উইকেট পতন: ৪১-১ (যশস্বী, ১১.৬ অভাৰ), ১৮০-২ (সুদৰ্শন, ৪২.৪ অভাৰ), ২৪৭-৩ (ৰাহুল, ৬০.২ অভাৰ)

শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ভাৰতৰ বিশেষ প্ৰস্তুতি-

উল্লেখ্য যে, এই খেলখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ২০২৫-২৭ চক্ৰৰ অংশ নহয় । আগন্তুক আগষ্ট মাহত হ’বলগীয়া শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলে ইয়াক এক বিশেষ প্ৰস্তুতি মেচ হিচাপে লৈছে । শ্ৰীলংকাত শুভমন গীলৰ নেতৃত্বত ভাৰতীয় দলে দুখন টেষ্ট মেচৰ শৃংখলা খেলিব ।

আফগানিস্তানৰ টেষ্ট ইতিহাস-

আফগানিস্তানে ২০১৮ চনৰ জুন মাহত ভাৰতৰ বিৰুদ্ধেই বেংগালুৰুত নিজৰ প্ৰথম টেষ্ট মেচ খেলিছিল, য’ত ভাৰতে এটা ইনিংছ আৰু ২৬২ ৰানত জয়লাভ কৰিছিল । এতিয়ালৈকে আফগানিস্তানে মাত্ৰ ১২খন টেষ্ট খেলিছে, যাৰ ভিতৰত ৪খনত জয়, ৭খনত পৰাজয় আৰু এখন খেল ড্ৰ’ হৈছে ।

লগতে পঢ়ক : এছিয়ান গেমছ ২০২৬: শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা; টি-২০ দলত যশপ্ৰীত বুমৰাহ

শেহতীয়া প্ৰৱন্ধসমূহ